কিমান সতৰ্কতাৰে চলোৱা হৈছিল অপাৰেচন সেন্দূৰ ? ভাৰতীয় সেনা বাহিনীক অভিবাদন প্ৰতিৰক্ষা মন্ত্ৰীৰ

অপাৰেচন সিন্দূৰৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য় প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । তেওঁ কয়, আমি কেৱল আমাৰ নিৰীহ নাগৰিকক হত্যা কৰাসকলকহে হত্যা কৰিলোঁ।

কিমান সতৰ্কতাৰে চলোৱা হৈছিল অপাৰেচন সেন্দূৰ ? ভাৰতীয় সেনা বাহিনীক অভিবাদন প্ৰতিৰক্ষা মন্ত্ৰীৰ

প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং

Published: 

07 May 2025 18:18 PM

ভাৰতৰ অপাৰেচন সিন্দূৰৰ পাছতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য় প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । তেওঁ কয়, “আমি কেৱল আমাৰ নিৰীহ নাগৰিকক হত্যা কৰাসকলকহে হত্যা কৰিলোঁ। ভাৰতে নিজৰ মাটিত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ ৰাইট টু ৰেচপন্স ব্যৱহাৰ কৰিছে। এই আক্ৰমণ কেৱল সন্ত্ৰাসবাদীৰ শিবিৰ আৰু তেওঁলোকৰ মৌলিক সা-সুবিধাত সীমাবদ্ধ কৰি ৰখা হৈছে।” ৬খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫০টা বি আৰ অ’ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন অনুষ্ঠানত ভাষণ দি এই মন্তব্য প্ৰকাশ কৰে ৰাজনাথ সিঙে।

তেওঁ কয় যে, প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাত ভাৰতীয় সেনাই সকলো ভাৰতীয়কে গৌৰৱান্বিত কৰিছে। যোৱা নিশা ভাৰতীয় বাহিনীয়ে নিজৰ আচৰিত বীৰত্ব প্ৰদৰ্শন কৰি এক নতুন ইতিহাসৰ সৃষ্টি কৰিছে বুলিও কয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। “ভাৰতীয় সেনাই সতৰ্কতা আৰু সংবেদনশীলতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। লক্ষ্য নিৰ্ধাৰণ কৰা হ’ল। নিৰ্ধাৰিত সীমা অনুসৰি সন্ত্ৰাসবাদীৰ ঘাটি ভাঙি পেলোৱা হৈছে আৰু কোনো অসামৰিক স্থান যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সেনাইও সংবেদনশীলতা প্ৰদৰ্শন কৰিছে।” এইদৰে কয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ।

তেওঁ কয় যে, “এক প্ৰকাৰে আমি ক’ব পাৰো যে এক প্ৰকাৰৰৰ মানৱীয়তা আমাৰ সেনা জোৱানসকলে দেখুৱাইছে। সেয়ে সেনা জোৱান আৰু বিষয়াসকলক ধন্যবাদ জনাইছো। লগতে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছো।” ইয়াৰ লগতে তেওঁ কয় যে, প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অপাৰেচন সিন্দূৰ আৰম্ভ কৰা হৈছিল আৰু আগৰ দৰে সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰি উপযুক্ত উত্তৰ দিয়া হৈছিল।

উল্লেখ্য় যে, বুধবাৰে পুৱা ভাৰতীয় সেনাই পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰ আৰম্ভ কৰে । ইয়াৰ অধীনত পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ৯ টা সন্ত্ৰাসবাদী আত্মগোপন স্থানত আক্ৰমণ চলায় আৰু শিবিৰ কেইটা ভাঙি পেলায় ।

Related Stories
৯টা সন্ত্ৰাসবাদী লঞ্চ পেড, ১০০ সন্ত্ৰাসবাদী… অপাৰেচন সেন্দূৰৰ খতিয়ান দিলে ভাৰতীয় সেনাই
‘তাৰ পৰা যদি গুলী চলে…’, অপাৰেচন সেন্দূৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে দিছিল এনে স্পষ্ট নিৰ্দেশনা
Colonel Sofiya Qureshi: কৰ্ণেল ছফিয়া কুৰেশ্বীৰ তেজত বৈছে দেশপ্ৰেম, কি কথা শুনি সেনাবাহিনীত যোগদান কৰাৰ সিদ্ধান্ত লৈছিল?
যুদ্ধবিৰতিৰ পিছত বিশেষ তিনিটা বিষয়ত ভাৰতৰ সৈতে আলোচনা কৰিবলৈ আগ্ৰহী পাকিস্তান! খোৱাজা আছিফে ক’লে…
এতিয়াও চলি আছে অপাৰেচন সেন্দুৰ, যুদ্ধবিৰতিৰ পিছত ভাৰতীয় বায়ুসেনাৰ মন্তব্যই কঁপাই তুলিব পাকিস্তানক
তেওঁলোক ‘স্বীকৃতিপ্ৰাপ্ত ভিক্ষাৰী’…. পাকিস্তানক নতুন নাম দিলে আছাদুদ্দিন ওৱাইছিয়ে
কেঁচা গাখীৰ খোৱা উচিত হয় নে? বিশেষজ্ঞসকলে কি কয় জানো আহক
সোমবাৰে কৰক এই ৫টা সহজ কাম, ভগৱান শিৱ সন্তুষ্ট হ'ব আপোনাৰ পূজাত!
আই পি এল স্থগিত নৰখা হ’লেই বৃহৎ লোকচানৰ সন্মুখীন হ’লহেঁতেন আৰ চি বি!
গ্ৰীষ্মকালত এই খাদ্যবোৰে আপোনাৰ ওজন বৃদ্ধি কৰিব পাৰে...