আমেৰিকাৰ ‘শুল্ক ভাবুকি’ৰ উত্তৰ ‘যুদ্ধাস্ত্ৰ’ৰে দিব ভাৰতে! পোহৰলৈ আহিছে এনে খবৰ…

ট্ৰাম্পৰ শুল্ক ভাবুকিৰ পিছত ভাৰতে কেৱল মৌখিক প্ৰত্যুত্তৰতে থমকি ৰোৱা উচিত হ’বনে? আমেৰিকাৰ এনে স্থিতিৰ পিছত ভাৰতেও উপযুক্ত ব্যৱস্থা লোৱাৰ প্ৰয়োজন বুলি সততে আলোচিত হৈছে।

আমেৰিকাৰ ‘শুল্ক ভাবুকি’ৰ উত্তৰ ‘যুদ্ধাস্ত্ৰ’ৰে দিব ভাৰতে! পোহৰলৈ আহিছে এনে খবৰ...

আমেৰিকাৰ বিৰুদ্ধে কঠোৰ হ’ব ভাৰত!

Updated On: 

09 Aug 2025 | 01:32 PM

ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয় কৰাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতি নাল্ড ট্ৰাম্পে বাৰে বাৰে দি আহিছে শুল্কৰ ভাবুকি ইতিমধ্যে আমেৰিকাৰ এই ভাবুকিৰ স্পষ্ট প্ৰত্যুত্তৰ দিছে ভাৰতে পিছে ট্ৰাম্পৰ এনে ভাবুকিৰ পিছত ভাৰতে কেৱল মৌখিক প্ৰত্যুত্তৰতে থমকি ৰোৱা উচিত বনে? আমেৰিকাৰ এনে স্থিতিৰ পিছত ভাৰতেও উপযুক্ত ব্যৱস্থা লোৱাৰ প্ৰয়োজন বুলি সততে আলোচিত হৈছে। সংবাদ সংস্থা ৰয়টাৰৰ সূত্ৰ অনুসৰি, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এতিয়া এই ‘উচিত ব্যৱস্থা’ৰ কথা চিন্তা কৰিছে।

নতুন দিল্লীয়ে শীঘ্ৰেই আমেৰিকাৰ পৰা বন্দুক আৰু যুদ্ধ বিমান ক্ৰয় কৰাত নিষেধাজ্ঞা ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ পাইছে। যদি প্ৰতিবেদনৰ দৰেই নতুন দিল্লীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে, তেতিয়া ট্ৰাম্পৰ শুল্ক বৃদ্ধিৰ বিৰুদ্ধে এয়া ভাৰতৰ কঠোৰতম সিদ্ধান্ত

লগতে যুদ্ধৰ সামগ্ৰী ক্ৰয় বন্ধ কৰিলে আমেৰিকাৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা এয়া প্ৰথমটো শক্তিশালী কূটনৈতিক পদক্ষেপ হিচাপে বিবেচিত ব। উল্লেখ্য যে বিশ্বৰ ভিতৰতে অস্ত্ৰ আমদানিৰ ক্ষেত্ৰত ভাৰত দ্বিতীয় স্থানত আছে। নতুন দিল্লীয়ে যুদ্ধাস্ত্ৰ আমদানিৰ বাবে সদায় ৰাছিয়াৰ ওপৰত নিৰ্ভৰ কৰি আহিছে।

ৰাছিয়াৰ পিছতে এইক্ষেত্ৰত আমেৰিকাৰ ওপৰত নিৰ্ভৰশীল ভাৰত। এতিয়া নতুন দিল্লীয়ে আমেৰিকাৰ সৈতে এই সংযোগ বিচ্ছিন্ন কৰাৰ বাবে চিন্তাচৰ্চা কৰিছে বুলি প্ৰকাশ পাইছে আনকি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কিছুদিনৰ পিছতে অহা আমেৰিকা ভ্ৰমণ কৰাৰ কথা আছিল যদিও সেই ভ্ৰমণ বাতিল কৰা বুলিও খবৰ পোহৰলৈ আহিছে

ইয়াৰ সমান্তৰালকৈ ভাৰতে চূড়ান্ত পৰ্যায়ত থকা কেইবাটাও অস্ত্ৰ চুক্তি বাতিল কৰিছে বুলিও খবৰ প্ৰকাশ পাইছে। লক্ষণীয়ভাৱে ট্রাম্পৰ শুল্ক প্রসংগক লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বৃহস্পতিবাৰে প্রথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। দিল্লীত অনুষ্ঠিত স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি মোদীয়ে কৃষকৰ স্বাৰ্থ সৰ্বোচ্চ আৰু সেই স্বাৰ্থৰ ওপৰত কোনো আপোচ নহবুলি মন্তব্য কৰিছিল

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...