সীমান্ত-সাগৰৰ পৰা দেশৰ ভিতৰলৈ… মাত্ৰ ৩৫ মিনিটতে শেষ হৈ গ’ল সকলো! ভাৰতৰ পৰিকল্পনা দেখি নিৰ্বাক পাকিস্তান

পাকিস্তানে জম্মু, ৰাজস্থান আৰু পঞ্জাৱত ড্ৰোন আৰু মিছাইল আক্ৰমণৰ চেষ্টা চলাইছিল যিটো ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাই বিফল কৰি পেলাইছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে ইছলামবাদ আৰু কৰাচীকে ধৰি পাকিস্তানৰ কেইবাখনো চহৰত ব্যাপক আক্ৰমণ চলায়। ভাৰতীয় নৌসেনাৰ INS বিক্ৰান্তেও আক্ৰমণ কৰে কৰাচী বন্দৰত।

সীমান্ত-সাগৰৰ পৰা দেশৰ ভিতৰলৈ... মাত্ৰ ৩৫ মিনিটতে শেষ হৈ গল সকলো! ভাৰতৰ পৰিকল্পনা দেখি নিৰ্বাক পাকিস্তান

তিনি সেনা প্ৰধানৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

Updated On: 

09 May 2025 22:40 PM

জম্মু, ৰাজস্থান, পঞ্জাৱত ড্ৰোন-মিছাইল আক্ৰমণৰ চেষ্টা চলাইছিল পাকিস্তানে। কিন্তু ভাৰতীয় সেনাৰ প্ৰতিৰক্ষা ব্যৱস্থাই বিফল কৰি পেলাইছিল পাকিস্তানৰ সকলো প্ৰচেষ্টা। S-400-এ এফালৰ পৰা গুলীয়াই ধ্বংস কৰিছিল সকলো ড্ৰোন । ইয়াৰ পিছত ভাৰতে জিন্নাৰ দেশৰ সাহসিকতাৰ প্ৰতি এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে যে ইছলামবাগ, কৰাচী, লাহোৰকে ধৰি বহু চহৰত বিশৃংখলতাৰ সৃষ্টি হয়। এই চহৰবোৰত কৰা হৈছিল বাৰুদৰ বৰষুণ। ভাৰতৰ পৰিকল্পনা দেখি আতংকিত হৈ হাঁহাকাৰ কৰি উঠিছিল পাকিস্তান । মাত্ৰ ৩৫ মিনিটতে  সকলো শেষ।

পাকিস্তানৰ ৮খন চহৰৰ ওপৰত ধাৰাসাৰ আক্ৰমণ কৰে ভাৰতে। ইয়াৰ ভিতৰত আছে লাহোৰ, ইছলামবাগ, কৰাচী, চিয়ালকোট, বাহাৱালপুৰ, পেছাৱৰ। ইয়াৰ উপৰিও ভাৰতীয় সেনাই POKত মুজাফ্ফৰাবাদ আৰু কোটলীত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। ভাৰতে ধ্বংস কৰিলে লাহোৰত থকা পাক বায়ু প্ৰতিৰক্ষা ব্যৱস্থা । তিনি সেনাই একেলগে পাকিস্তানৰ বিৰুদ্ধে দেখুৱালে নিজৰ ক্ষমতা।

ভাৰতীয় নৌসেনাই পাকিস্তানৰ ৰাজধানী ইছলামবাদ আৰু কৰাচী বন্দৰত ১০টা ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন নিক্ষেপ কৰে। সাগৰীয় আক্রমণেৰে পাকিস্তানৰ কৰাচী বন্দৰ ধ্বংস কৰে ভাৰতে। আৰব সাগৰত নিয়োজিত INS বিক্ৰান্তে সৃষ্টি কৰে এই ধ্বংসলীলাৰ। নৌসেনাৰ আক্ৰমণত কৰাচী বন্দৰকে ধৰি চহৰখনৰ বহু অঞ্চলৰ ক্ষতিসাধন হৈছে।

ইফালে জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু ৰাজৌৰী ছেক্টৰত পাকিস্তানে প্ৰচণ্ড গোলাবৰ্ষণ কৰে। ইয়াৰ উপযুক্ত উত্তৰ দিয়ে ভাৰতীয় সেনাই। সকলো লোককে সীমান্তৰ বাংকাৰলৈ স্থানান্তৰিত কৰা হৈছিল। একে সময়তে দিল্লী আৰু গুজৰাট জাৰি কৰা হয় হাই এলাৰ্টত। ইয়াৰ উপৰিও ইউ পি-হিমাচলতো নিৰাপত্তা বৃদ্ধি কৰা হৈছে। চণ্ডীপুৰ মিছাইল ৰেঞ্জৰ নিৰাপত্তা কটকটীয়া কৰা হৈছে। জয়ছালমেৰ, অমৃতসৰ, জম্মুকে ধৰি ২৪টা বিমানবন্দৰ বন্ধ কৰি যাত্ৰীসকলৰ বাবে পৰামৰ্শ জাৰি কৰা হৈছে। অহা-যোৱা কৰা যাত্ৰীসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে ৩ ঘণ্টা আগতীয়াকৈ বিমানবন্দৰত উপস্থিত হ’বলৈ আহ্বান জনাইছে কতৃপক্ষই।

ভাৰতে ক’ত বিফল কৰিলে আক্ৰমণৰ চেষ্টা?

শ্ৰীনগৰ – জম্মু-কাশ্মীৰ
জম্মু – জম্মু আৰু কাশ্মীৰ
আৱন্তীপৰা – জম্মু-কাশ্মীৰ
উধামপুৰ – জম্মু-কাশ্মীৰ
পাঠানকোট – পঞ্জাব
অমৃতসৰ – পঞ্জাব
কাপুৰথালা – পঞ্জাব
জলন্ধৰ – পঞ্জাব
লুধিয়ানা – পঞ্জাব
বাথিণ্ডা – পঞ্জাব
আদমপুৰ – পঞ্জাব
জয়ছালমেৰ – ৰাজস্থান
ফালোদী – ৰাজস্থান
উত্তৰলাই- ৰাজস্থান
ভূজ – গুজৰাট

ভাৰতে পাকিস্তানক ক’ত আক্ৰমণ কৰিছিল?

ইছলামবাগ
লাহোৰ
ছিয়ালকোট
বাহাৱালপুৰ
কৰাচী
পেছাৱৰ
মুজাফ্ফৰাবাদ
কোটলি

ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey