Independence Day 2025: বিভাজনৰ বিভীষিকা! ৩০ লাখ মৃতদেহ, ১.৫ কোটি গৃহহীন… ভাৰতৰ স্বাধীনতা দিৱসৰ আঁৰৰ কাহিনী
India Pakistan Partition: ভাৰতৰ স্বাধীনতা আৰু বিভাজন প্ৰথমে ১৯৪৮ চনৰ জুন মাহৰ আগত হোৱাৰ পৰিকল্পনা আছিল। কিন্তু ১০-১১ মাহ আগতে ১৯৪৭ চনৰ ১৫ আগষ্টত এয়া সম্ভৱ হৈ উঠিল। ভাৰত বিভাজনৰ কথা ঘোষণা কৰিছিল ভাৰতৰ শেষ ভাইচৰয় জেনেৰেল লৰ্ড মাউণ্টবেটেনে।

ভাৰত-পাকিস্তানৰ বিভাজন
১৯৪৭ চনত আজি দিনটোতে ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰে। কিন্তু ইয়াৰ লগে লগে দেশখন দুটা ভাগত বিভক্ত হয়। ১৯৪৭ চনৰ ১৪ আগষ্টৰ মাজনিশা হস্তান্তৰ হয় ক্ষমতা। ভাৰতৰ পৰা বিচ্ছিন্ন হৈ পৰে পাকিস্তান আৰু ইয়াৰ লগে লগে কোটি কোটি মানুহ এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত হয়। পাকিস্তান বিভাজনৰ ভিত্তি আছিল ধৰ্ম। সংঘৰ্ষ আৰম্ভ হ’ল, য’ত সংখ্যালঘুসকলক শোষণ আৰু অত্যাচাৰ কৰা হ’ল। মৃতদেহ গণনা কৰাটো কঠিন হৈ পৰিল। এই সংখ্যাই ৩০ লাখ অতিক্ৰম কৰিলে। ডেৰ কোটি লোক গৃহহীন হৈ পৰিল। শৰণাৰ্থী শিবিৰত থাকিবলৈ বাধ্য হৈছিল লোকসকল। পৰিস্থিতি স্বাভাৱিক হ’বলৈ বছৰ বছৰ লাগিল।
ভাৰতৰ স্বাধীনতা আৰু বিভাজন প্ৰথমে ১৯৪৮ চনৰ জুন মাহৰ আগত হোৱাৰ পৰিকল্পনা আছিল। কিন্তু ১০-১১ মাহ আগতে ১৯৪৭ চনৰ ১৫ আগষ্টত এয়া সম্ভৱ হৈ উঠিল। ভাৰত বিভাজনৰ কথা ঘোষণা কৰিছিল ভাৰতৰ শেষ ভাইচৰয় জেনেৰেল লৰ্ড মাউণ্টবেটেনে। ইয়াৰ পিছত ব্ৰিটিছ প্ৰধানমন্ত্ৰী ক্লেমেণ্ট এটলীয়ে ভাৰত উপমহাদেশৰ পৰা ব্ৰিটিছ সাম্ৰাজ্য প্ৰত্যাহাৰৰ তদাৰক কৰে।
(Getty images)
১৯৪১ চনত কৰাচী (পাকিস্তানৰ প্ৰথম ৰাজধানী)ত ৪৬.৭ শতাংশ হিন্দু জনসংখ্যা আছিল, যিসকলে বিভাজনৰ সময়ত বা তাৰ লগে লগে চহৰখন এৰি থৈ যায়। প্ৰায় একে সময়তে দিল্লীৰ সমগ্ৰ জনসংখ্যা এক তৃতীয়াংশ মুছলমান আছিল, যাৰ অধিকাংশই ১৯৪৭ চনত প্ৰব্ৰজন কৰিছিল। ভাৰত-পাক বিভাজনৰ পূৰ্বে ব্ৰিটিছ ভাৰতৰ ১৭ খন প্ৰদেশ আছিল। স্বাধীনতাৰ দুদিন পিছতে দুয়োখন দেশৰ মাজত বিভাজন ৰেখা অংকন কৰা হ’ল। এই ৰেখাডাল ব্ৰিটিছ অধিবক্তা ছাৰ চাইৰিল ৰেডক্লিফে অংকন কৰিছিল। ইয়াক ৰেডক্লিফ লাইন বুলিও কোৱা হয়।
(Getty images)
বিভাজনৰ সময়ত কমেও ১.৫ কোটি লোক স্থানচ্যুত হৈছিল। ইতিহাসৰ সৰ্ববৃহৎ মানৱ প্ৰব্ৰজন হিচাপে ইয়াক লিপিবদ্ধ কৰা হৈছে। বিভাজনৰ সময়ত প্ৰায় ১ৰ পৰা ২০ লাখ লোক অৰ্থাৎ প্ৰায় ২০ৰ পৰা ৩০ লাখ লোকৰ মৃত্যু হৈছিল।সেই সময়ত দিল্লীৰ কিংছৱে কেম্প আছিল সৰ্ববৃহৎ শৰণাৰ্থী শিবিৰ। য’ত প্ৰায় ৩,০০,০০০ লোক থাকিব পাৰিছিল। কিছুমান শৰণাৰ্থী শিবিৰত ডিজনীৰ চিনেমাও দেখুওৱা হৈছিল। প্ৰায় ১৫ হাজাৰ লোকে চিনেমা চাই আছিল। দিল্লীত স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভাষণৰ সময়ত তেতিয়াৰ ব্ৰিটিছ ভাইচৰয় লৰ্ড মাউণ্টবেটেনে পত্নীৰ সৈতে বব হোপৰ ছবি ‘মাই ফেভাৰিট ব্ৰুনেট’ চাই আছিল।
ব্ৰিটিছ ভাৰতৰ বিভাজনত বংগকো দুটা ভাগত বিভক্ত কৰা হৈছিল। পাকিস্তানলৈ যোৱা অংশটোৰ নাম আছিল পূব পাকিস্তান, যিটো ১৯৭১ চনৰ পৰা বাংলাদেশ হৈ পৰে। ভাৰতলৈ যোৱা অংশটোৰ নাম আছিল পশ্চিমবংগ। যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিছিল, তেতিয়া সেই সকলো কাৰ্যবিধিত গান্ধীজী অনুপস্থিত আছিল। সেই সময়ত তেওঁ আছিল কলিকতাত, যিখন সংঘৰ্ষৰ সময়ত বিধ্বস্ত হৈ পৰিছিল।স্বাধীনতাৰ পিছৰ প্ৰায় এবছৰলৈকে পাকিস্তানৰ নিজা মুদ্ৰা নাছিল। ১৯৪৮ চনলৈকে পাকিস্তানে ভাৰতীয় নোট ব্যৱহাৰ কৰিছিল। নোটত পাকিস্তানৰ ছীল লগোৱা হৈছিল। ১৯৪৮ চনত পাকিস্তানী টকা আৰু নতুন মুদ্ৰা অস্তিত্ব লৈ আহিছিল।
(Getty images)
উল্লেখ্য যে, ভাৰত আৰু পাকিস্তানৰ বিভাজনৰ ওপৰত ২৫খনতকৈও অধিক ছবি নিৰ্মাণ কৰা হৈছে, যিয়ে সেই সময়ৰ স্থানচ্যুত, সাম্প্ৰদায়িক উত্তেজনা, বিদ্ৰোহ আৰু সংঘৰ্ষ দিশলৈ আঙুলিয়াই দিয়ে। ইয়াৰ ভিতৰত বিশিষ্ট ছবিসমূহ হ’ল- আৰ্থ, ট্ৰেইন টু পাকিস্তান, তমছ, গৰম হাৱা, মিডনাইটছ চিলড্ৰেন, পিঞ্জৰ, গদ্দাৰ – এক প্ৰেম কথা ইত্যাদি।
লগতে পঢ়ক: এইদৰে সকলোকে জনাওক স্বাধীনতা দিৱসৰ শুভেচ্ছা…