শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বোমাৰে উৰুৱাই দিয়া হ’ব বিমানবন্দৰ! ব্যস্ততাৰ মাজতে আহিল ভয়ংকৰ ভাবুকি, তাৰ পিছত…

বিমানবন্দৰৰ গ্ৰাহক সেৱা বিভাগে বিমানবন্দৰৰ আগমন এলেকাত বোমা বিস্ফোৰণ কৰা হ’ব বুলি এই ভাবুকিপূৰ্ণ ইমেইল লাভ কৰিছিল। ইমেইলটোত লগতে যাত্ৰীসকলক পৰীক্ষা কৰাৰো পৰামৰ্শ দিয়া হৈছিল। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই ভাবুকিৰ পিছত বিমানবন্দৰত পৰীক্ষা কৰা হয়।

বোমাৰে উৰুৱাই দিয়া হ’ব বিমানবন্দৰ! ব্যস্ততাৰ মাজতে আহিল ভয়ংকৰ ভাবুকি, তাৰ পিছত…
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 23 Nov 2025 16:16 PM

ব্যস্ত বিমানবন্দৰ, ভিতৰত অসংখ্য লোক। হঠাতে এক খবৰে মুহূৰ্ততে বিমানবন্দৰত সৃষ্টি হ’ল এক আতংকময় পৰিস্থিতিৰ। বোমা বিস্ফোৰণৰ ভাবুকিৰ ফলত ক্ষণিকৰ ভিতৰতে বিমানবন্দৰত লাগিল হুৱাদুৱা। ইয়াৰ পিছতে বিমানবন্দৰ অভিমুখে আহি থকা এখন আন্ত:ৰাষ্ট্ৰীয় বিমানৰ দিশ তাৎক্ষণিকভাৱ সলনি কৰা হয়। এই ঘটনা সংঘটিত হৈছে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত। অত্যন্ত ব্যস্ত এই বিমানবন্দৰত বোমা বিস্ফোৰণৰ ভাবুকিৰ পিছতে বাহৰেইনৰ পৰা হায়দৰাবাদ অভিমুখী বিমান ডাইভাৰ্ট কৰা হয়।

প্ৰকাশিত খবৰ অনুসৰি ২২ নৱেম্বৰৰ নিশা ১০:৩৩ বজাত যাত্ৰা আৰম্ভ হোৱা বিমানখন আৰ জি আই বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল যদিও বিস্ফোৰণৰ পিছত আজি পুৱা ১১:৩১ বজাত মুম্বাইত অৱতৰণ কৰে। আৰ জি আই বিমানবন্দৰলৈ এক ইমেইল যোগে বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হৈছিল।

বিমানবন্দৰৰ গ্ৰাহক সেৱা বিভাগে বিমানবন্দৰৰ আগমন এলেকাত বোমা বিস্ফোৰণ কৰা হ’ব বুলি এই ভাবুকিপূৰ্ণ ইমেইল লাভ কৰিছিল। ইমেইলটোত লগতে যাত্ৰীসকলক পৰীক্ষা কৰাৰো পৰামৰ্শ দিয়া হৈছিল। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই ভাবুকিৰ পিছত বিমানবন্দৰত পৰীক্ষা কৰা হয়। অৱশ্যে বোমা বিস্ফোৰণৰ ভাবুকি সম্পূৰ্ণ মিছা প্ৰমাণিত হয়।

বোমা নিষ্কাশন স্কোৱাড নিয়োগ

ভাবুকিৰ পিছতে সন্দেহজনক সামগ্ৰীৰ পৰীক্ষণৰ বাবে বিমানবন্দৰত স্নিফাৰ ডগ আৰু বোমা নিষ্কাশনকাৰী দল নিয়োগ কৰা হৈছিল। অৱশ্যে কৰ্তৃপক্ষই এইপৰ্যন্ত কোনো বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা নাই বুলি সদৰী কৰিছে। ইফালে ভাবুকিপূৰ্ণ ইমেইলটো কোনে প্ৰেৰণ কৰিছিল, সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে বুলি প্ৰকাশ পাইছে।

মঙলবাৰেও আহিছিল এনে ভাবুকি

ইতিপূৰ্বে যোৱা মঙলবাৰে ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ এনে বোমাৰ ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰা হৈছিল। অৱশ্যে পৰীক্ষণৰ পিছত এই ভাবুকি ভুৱা প্ৰমাণিত হয়। বিষয়াসকলে জানিবলৈ দিয়া মতে, ভাবুকিৰ পিছতে নিৰাপত্তাৰক্ষীৰ দলে তদন্ত চলাইছিল যদিও সন্দেহজনক কোনো সামগ্ৰী পোৱা নগ’ল।

লক্ষণীয়ভাৱে শেহতীয়া কিছুদিন ধৰি দেশৰ ভিন্ন প্ৰান্তত এইদৰে বিমানবন্দৰ, আদালত, আনকি বিদ্যালয়তো এইধৰণৰ বিস্ফোৰণৰ ভাবুকি দিয়া পৰিলক্ষিত হৈছে। ইয়াৰে প্ৰায় সকলো ভাবুকিয়েই মিছা বুলি প্ৰমাণিত হৈছে। অৱশ্যে তাৰ পিছতো নিৰাপত্তা সংস্থাসমূহে এনে ভাবুকিক সহজে লোৱা নাই বুলি বিষয়াসকলে প্ৰকাশ কৰে।