কিশোৰীৰ সৈতে অৰণ্যত ভয়ংকৰ কাণ্ড দুৰ্বৃত্তৰঃ মোবাইলত ৰেকৰ্ডিং সমগ্ৰ ঘটনা, ভাইৰেল হ’ল দৃশ্য

পুনৰ সংঘটিত হৈছে কিশোৰী ধৰ্ষণৰ দৰে মানৱ সমাজক লজ্জানত কৰা ঘটনা। এগৰাকী কিশোৰীক অপহৰণ কৰি অৰণ্যৰ ভিতৰলৈ নি ধৰ্ষণৰ চেষ্টা চলায় চাৰিজন যুৱকে। এই ঘটনাৰ এটা ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভাইৰেল এই ভিডিঅ'টোত স্পষ্টকৈ দেখা পোৱা গৈছে কিশোৰীগৰাকীৰ ওপৰত চলোৱা নৃশংস আতিশয্য।

কিশোৰীৰ সৈতে অৰণ্যত ভয়ংকৰ কাণ্ড দুৰ্বৃত্তৰঃ মোবাইলত ৰেকৰ্ডিং সমগ্ৰ ঘটনা, ভাইৰেল হ’ল দৃশ্য

প্ৰতিনিধিত্বমূলক ছবি

Published: 

17 Mar 2025 07:57 AM

দেশত সংঘটিত ইটোৰ পিছত সিটোকৈ নাৰীজনীত অপৰাধৰ ঘটনাই দৈনিক দখল কৰিছে সংবাদ শিৰোনাম। এইবাৰ এনে এক চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে উত্তৰ প্ৰদেশ। ৰাজ্যখনৰ মিৰ্জাপুৰত সংঘটিত হৈছে কিশোৰী ধৰ্ষণৰ দৰে মানৱ সমাজক লজ্জানত কৰা ঘটনা। এগৰাকী কিশোৰীক অপহৰণ কৰি অৰণ্যৰ ভিতৰলৈ নি ধৰ্ষণৰ চেষ্টা চলায় চাৰিজন যুৱকে। এই ঘটনাৰ এটা ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভাইৰেল এই ভিডিঅ’টোত স্পষ্টকৈ দেখা পোৱা গৈছে কিশোৰীগৰাকীৰ ওপৰত চলোৱা নৃশংস আতিশয্য।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ’টোত এজন যুৱকে কিশোৰীগৰাকীক অৰণ্যৰ ভিতৰত ধৰ্ষণ কৰা পৰিলক্ষিত হৈছে। যুৱকজনৰ তিনি সহযোগীয়ে ওচৰতে থিয় হৈ মোবাইল ফোনৰ কেমেৰাত এই সমগ্ৰ ঘটনাৰ ৰেকৰ্ডিং কৰে। এই ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়। জানিব পৰা মতে মিৰ্জাপুৰৰ হালিয়া থানা এলেকাৰ এখন গাঁৱত এই ঘটনা সংঘটিত হৈছে।

ভাইৰেল ভিডিঅ’টোত এগৰাকী যুৱকে কিশোৰীগৰাকীক বলপূৰ্বকভাৱে তললৈ পেলাই দি কাপোৰ খুলিবলৈ চেষ্টা কৰা স্পষ্টকৈ দেখা গৈছে। ভুক্তভোগী কিশোৰীগৰাকীয়ে অভিযুক্তৰ কবলৰ পৰা ৰক্ষাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি আৰ্তনাদ কৰে যদিও নিৰ্জন ঠাই হোৱাৰ বাবে কোনোৱেই তেওঁৰ চিঞৰ শুনা নাপায় আৰু এনে পৰিস্থিতিত তেওঁ কোনো লোকৰ পৰা সহায় লাভ কৰাৰ পৰা বঞ্চিত হয়।

ঘটনাস্থলীত উপস্থিত আন তিনিজন যুৱকে থিয় হৈ নিজৰ মোবাইল কেমেৰাৰে এই ঘটনাৰ ভিডিঅ’ কৰে। কিশোৰীগৰাকীয়ে বহু সময় কাতৰ অনুৰোধ কৰাৰ পিছত ভিডিঅ’ বনাই থকা এজন যুৱকে আগবাঢ়ি আহি ধৰ্ষণ কৰিবলৈ চেষ্টা কৰা যুৱকজনক আঁতৰাই দিয়ে। এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছত ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। ভাইৰেল ভিডিঅ’টোৰ প্ৰতি লক্ষ্য ৰাখি মিৰ্জাপুৰ আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই উল্লেখ কৰা মতে ভাইৰেল ভিডিঅ’টো ইতিমধ্যে ফৰেনছিক তদন্তৰ বাবে প্ৰেৰণ কৰা হৈছে। এই ঘটনা কিমান দিন পূৰ্বে আৰু কোন স্থানত সংঘটিত হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই বুলি তেওঁ লগতে কয়। ভিডিঅ’টোত দেখা পোৱা অভিযুক্ত আৰু ভুক্তভোগীৰ ফটো সংগ্ৰহ কৰা হৈছে বুলি উল্লেখ কৰে আৰক্ষী বিষয়াগৰাকীয়ে।

ইয়াৰ সহায়ত অভিযুক্ত তথা ভুক্তভোগীক চিনাক্ত কৰাৰ প্ৰয়াস কৰা হৈছে বুলি জানিবলৈ দি আৰক্ষী বিষয়াজনে লগতে মূল অভিযুক্ত আৰু ভুক্তভোগীক চিনাক্ত কৰাৰ পিছত বাকী অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হ’ব বুলি মন্তব্য কৰে।

Related Stories
চৰ্দাৰ যেতিয়া সিংহ হয়…..পাকিস্তানৰ সংসদত প্ৰধানমন্ত্ৰী মোদীৰ জয়গান! শ্বাহবাজ শ্বৰীফক কাপুৰুষ, ভয়াতুৰ আখ্যা…
পুনৰ পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশৰ চেষ্টা, BSFৰ গুলীত নিহত ৭ সন্ত্ৰাসবাদী
ইফালে অপাৰেশ্যন সেন্দূৰ, আনফালে মহাকাশত ভাৰতৰ দুই উপগ্ৰহৰ মাজত যুঁজ! ইছৰ’ৱে দিলে ডাঙৰ সংকেত
কামত নাহিল চীনত নিৰ্মিত পাকিস্তানৰ ছুপাৰছ’নিক বেলিষ্টিক মিছাইল ! ধ্বংস কৰিলে ভাৰতৰ সুদৰ্শনে ?
মাত্ৰ ২ দিনতে পাকিস্তানৰ আত্মসমৰ্পণ! শান্তিৰ আহ্বান জনাই ক্ষতিপূৰণৰ বাবে বিচাৰিলে ঋণ…
ভাৰতীয় সেনাই কিদৰে বিফল কৰিছিল পাকিস্তানৰ সকলো প্ৰচেষ্টা, কেনেদৰে আক্ৰমণকাৰীক দিছিল যোগ্য প্ৰত্যুত্তৰ? সকলো জানক
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension