সহায় কৰক…যান-জঁটৰ সমস্যাক লৈ প্ৰধানমন্ত্ৰীলৈ ৫ বছৰীয়া কণমানিৰ বিশেষ চিঠি

আৰিয়াই প্ৰধানমন্ত্ৰীলৈ এখন চমু চিঠি লিখি মহানগৰীখনৰ ধাৰাবাহিক যান-বাহন সমস্যাৰ সমাধানৰ বাবে অনুৰোধ জনাইছে। কণমানিজনীয়ে চিঠিখনত লিখিছে “নৰেন্দ্ৰ মোদী জী, ইয়াত বহুত যান-জঁট। আমাৰ স্কুল আৰু অফিচ পোৱাত দেৰি হয়। পথৰ অৱস্থাও বৰ বেয়া। অনুগ্ৰহ কৰি সহায় কৰক”।

সহায় কৰক...যান-জঁটৰ সমস্যাক লৈ প্ৰধানমন্ত্ৰীলৈ ৫ বছৰীয়া কণমানিৰ বিশেষ চিঠি

প্ৰধানমন্ত্ৰীলৈ ৫ বছৰীয়া কণমানিৰ বিশেষ চিঠি

Updated On: 

14 Aug 2025 08:42 AM

ভাইৰেল হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে মৰমলগা হাতেৰে লিখা এখন বিশেষ চিঠি। যিয়ে আকৰ্ষণ কৰিছে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলক। এগৰাকী ৫ বছৰীয়া কণমানিয়ে নিজ হাতে লিখা এই চিঠিখনত পথৰ যান-জঁটৰ সমস্যাটোৰ ওপৰত আলোকপাত কৰা হৈছে।  মৰমলগা ধৰণেৰে এই গুৰুতৰ সমস্যাৰ সমাধান বিচাৰিছে কণমানিজনীয়ে।

বেংগালুৰুৰ বাসিন্দা অভিৰূপ চেটাৰ্জীয়ে ৫ বছৰীয়া কন্যাৰ হাতে লিখা চিঠি শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীক আই টি চহৰত যাতায়ত সহজ কৰি তুলিবলৈ অনুৰোধ জনায়। কাৰণ যান-জঁটৰ বাবে তেওঁ সদায় স্কুল গৈ পোৱাত পলম হৈছিল। চিঠিখনত পথৰ অৱস্থা কিমান বেয়া সেই কথাটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। তেওঁ ১০ আগষ্টৰ চিঠিখনৰ লগতে তলত দিয়া কেপচনটো পোষ্ট কৰিছে। তেওঁ লিখিছে “প্ৰধানমন্ত্ৰীয়ে বাংগালুৰু ভ্ৰমণ কৰিব। মোৰ ৫ বছৰীয়া ছোৱালীজনীয়ে ইয়াক যান-জঁটৰ সমস্যা ঠিক কৰাৰ সঠিক সুযোগ বুলি বিবেচনা কৰিছে।”

অভিৰূপৰ কন্যা আৰিয়াই প্ৰধানমন্ত্ৰীলৈ এখন চমু চিঠি লিখি মহানগৰীখনৰ ধাৰাবাহিক যান-বাহন সমস্যাৰ সমাধানৰ বাবে অনুৰোধ জনাইছে। কণমানিজনীয়ে চিঠিখনত লিখিছে “নৰেন্দ্ৰ মোদী জী, ইয়াত বহুত যান-জঁট। আমাৰ স্কুল আৰু অফিচ পোৱাত দেৰি হয়। পথৰ অৱস্থাও বৰ বেয়া। অনুগ্ৰহ কৰি সহায় কৰক”।

আৰিয়াৰ নাম, বয়স, স্থান (বেংগালুৰু), আৰু তাৰিখ (১০-৮-২০২৫) সকলো চিঠিখনত লিখা হৈছে। স্বাক্ষৰৰ কাষত আদৰণীয়ভাৱে ৰখা সৰু সৰু চিত্ৰ বা প্ৰতীকবোৰৰ ভিতৰত হৃদয়, এটা ফুল আৰু আন কেইটামান আকৃতিও আছে।

ইফালে কণমানিজনীৰ এই অনুৰোধত আন বহুতৰে চিন্তা প্ৰতিফলিত হৈছে, বিশেষকৈ কৰ্পৰেট যাত্ৰীসকলৰ, যিসকলে নিজৰ দৈনন্দিন যাতায়তত বিৰক্তিকৰ ট্ৰেফিক জাম সহ্য কৰিবলগীয়া হোৱাত ভাগৰি পৰিছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে পোষ্টটোত অগণন কমেণ্ট আৰু হাজাৰ হাজাৰ লাইক দিছে। তেওঁলোকৰ সঁহাৰি তলত দিয়া ধৰণৰ:

এজন ব্যক্তিয়ে মন্তব্য কৰিছিল, “আটাইতকৈ কঠিন কামটো হ’ল ল’ৰা-ছোৱালীক বুজোৱা যে ভাৰতৰ অৱস্থা কিয় ইমান বেয়া হৈছে? কেতিয়াবা ভাবো মই এজন অভিভাৱক হিচাপে ব্যৰ্থ হ’লোঁ নেকি?”  একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে অভিভাৱকক প্ৰশংসা কৰিছে যে তেওঁলোকৰ সন্তানক দেখুৱাইছে যে পথসমূহৰ অৱনতি ঘটা আৰু দুৰ্বল আন্তঃগাঁথনিৰ দায়িত্ব চৰকাৰৰ, আৰু কৰ্তৃপক্ষক প্ৰশ্ন কৰাটো প্ৰয়োজন।

আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে-“আশা কৰাটো ভাল কথা। কিন্তু সুশাসনৰ আশা ৰখাটো হাতত বালি ধৰাৰ দৰেই। বিজেপি আৰু কংগ্ৰেছক ধন্যবাদ।” আন কিছুমানে বেংগালুৰুৰ ছিন্নভিন্ন আন্তঃগাঁথনিৰ ওপৰত হতাশা প্ৰকাশ কৰে। এজনে লিখিছে “কোৰামংগলাৰ পৰা ইন্দিৰানগৰলৈ যোৱা পথবোৰে মোক প্ৰায় মাৰি পেলাইছে।” মই ৩ লাখ টকা আয়কৰ দিওঁ, আৰু মই মাত্ৰ পথচোহে পাওঁ, যিবোৰ নৰকলৈ যোৱা ৰাজপথৰ দৰে।”

লগতে পঢ়ক: পুনৰ গঢ়ি উঠিব ভাৰত-আমেৰিকাৰ বন্ধুত্ব! শীঘ্ৰে ট্ৰাম্পক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে…

দেশৰ স্বাধীনতাৰ সৈতে জড়িত অসমৰ ইতিহাসৰ এইসমূহ তথ্য জানেনে আপুনি?
ৰঙা নহয়! পূৰ্বতে কি আছিল লালকিল্লাৰ ৰং? কোনে কৰিছিল সলনি, জানক...
স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ মাজত কি কি পাৰ্থক্য আছে? জানক...
১৯৪৭চনত কিমান হিন্দু ভাৰতলৈ আহিছিল আৰু কিমান মুছলমান পাকিস্তানলৈ গৈছিল...