কি হৈছিল নিশা? ঘৰৰ ভিতৰত উদ্ধাৰ একেটা পৰিয়ালৰ ৫জনৰ মৃতদেহ…
দেশত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। শেহতীয়াকৈ এটা ঘৰত ৫টা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এই ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ।

ঘটনাস্থলী
এক ভয়ংকৰ ঘটনাই জোকাৰি গৈছে এটা অঞ্চল। এটা ঘৰৰ ভিতৰত উদ্ধাৰ হৈছে একেটা পৰিয়ালৰ ৫ জন লোকৰ মৃতদেহ। নিহত কেইজন অশোক,দুই কিশোৰ আৰু দুগৰাকী মহিলা বুলি চিনাক্ত হৈছে। প্ৰাথমিক তদন্তত মৃত্যুৰ কাৰণ গুলী লগা বুলি জানিব পৰা গৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ভয়ংকৰ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশ ছাহৰানপুৰৰ সৰসাৱা থানা এলেকাৰ অন্তৰ্গত কৌশিক বিহাৰ কলনীত।
মঙলবাৰে পুৱা তথ্য লাভ কৰাৰ লগতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইতিমধ্যে আৰক্ষীয়ে ঘৰটো ছীল কৰিছে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিলে তিনিটাকৈ পিষ্টল, লগতে জব্দ কৰিছে মৃতকৰ ফোন।
বুকু আৰু মূৰত গুলী
প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে অশোকৰ বুকুত আৰু কিশোৰ দুটিৰ মূৰত গুলীৰ চিন স্পষ্ট আছে। অশোকৰ মাতৃ আৰু পত্নীকো গুলীয়াই হত্যা কৰা হৈছে। এয়া হত্যাকাণ্ড নে চৰম সিদ্ধান্ত এই সকলো দিশৰ পৰা আৰক্ষীয়ে তদন্ত চলাই আছে। জানিব পৰা মতে, পিতৃৰ মৃত্যুৰ পাছত সেই চাকৰিটো অশোকে লাভ কৰিছিল। কিন্তু এতিয়া পৰিয়ালটোৰ লগত কি হ’ল সেয়া ৰহস্যৰ আৱৰ্তত।
প্ৰাপ্ত খবৰ অনুসৰি কিশোৰজন নৱম শ্ৰেণীৰ ছাত্ৰ আছিল, আনহাতে আনজন দশম শ্ৰেণীত অধ্যয়নৰত অৱস্থাত আছিল। স্থানীয় লোকৰ মতে পৰিয়ালটো শান্তিপূৰ্ণ আছিল আৰু কাৰো লগত বিবাদ নাছিল। গতিকে পৰিয়ালটোৰ সৈতে কি হৈছে তাক লৈ এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জনাই যে, তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ৫টাকৈ মৃতদেহ উদ্ধাৰ কৰিছে। মৃতসকলৰ ভিতৰত আছে অশোক ৰাথী, তেওঁ পত্নী, মাতৃ আৰু দুই কিশোৰ সন্তান। ৰাথীৰ মৃতদেহৰ ওচৰত উদ্ধাৰ হৈছে তিনিটা দেশীয় পিষ্টল। এই পিষ্টল কেইটা অবৈধ। ইফালে গুলীবোৰ পইণ্ট ব্লেংক ৰেঞ্জত (নিকট দূৰত্বত) চলোৱা হৈছিল। প্ৰথম অৱস্থাত এয়া এক চৰম পন্থাৰ ঘটনা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ ধন বিচৰাই হ’ল কাল! দ্বিতীয়া পত্নী আৰু পুত্ৰৰ সৈতে মিলি ভয়ংকৰ কাণ্ড ৰাম সিঙৰ…