মুকলি ভাৰতত নিৰ্মিত প্ৰথমটো চিপ বিক্ৰম ৩২০১, জানক ইয়াৰ বৈশিষ্ট কি কি…

ভাৰতৰ বাবে এক ডাঙৰ খবৰ। উন্মোচন হ'ল ভাৰতত নিৰ্মিত প্ৰথমটো চিপ। ইয়ে ভাৰতত ছেমিকণ্ডাৰ ক্ষেত্ৰতখনক আন এটা দিশলৈ লৈ যোৱাৰ বাট মুকলি কৰে।

মুকলি ভাৰতত নিৰ্মিত প্ৰথমটো চিপ বিক্ৰম ৩২০১, জানক ইয়াৰ বৈশিষ্ট কি কি...

বিক্ৰম ২৩০১

Updated On: 

03 Sep 2025 16:46 PM

ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰখনত ভাৰতৰ এক ডাঙৰ সফলতা। শেহতীয়াকৈ ভাৰতে মুকলি কৰিলে ৩২ বিট মাইক্ৰ’প্ৰচেছৰ চিপ বিক্ৰম ৩২০১ (Vikram 32-bit Processor) । ভাৰতত নিৰ্মিত এই প্ৰথম চিপখন কেন্দ্ৰীয় তথ্য-প্ৰযুক্তি মন্ত্ৰী অশ্বনী বৈষ্ণৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতত গতাই দিয়ে। উল্লেখ্য যে, ২ ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত ছেমিকন ইণ্ডিয়া ২০২৫’ সন্মিলন উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তিনিদিনীয়া এই সন্মিলনত ভাৰতে এক শক্তিশালী আৰু বহনক্ষম ছেমিকণ্ডাক্টৰ উদ্যোগৰ প্ৰসাৰৰ বাবে গুৰুত্ব আৰোপ কৰিব।

এই সময়চোৱাতে এই চিপ মোদীক দিয়া হয়। জানিব পৰা মতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ছেমিকণ্ডাক্টৰ লেবত এই চিপটো প্ৰস্তুত কৰা হৈছে। যিয়ে ভাৰতৰ ৰকেট আৰু উপগ্ৰহৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মোদীয়ে কয় যে, বিগত শতিকাসমূহ তেলৰ সময় আছিল আৰু এতিয়া চিপৰ সময়। তেলক ক’লা সোণ বুলি কোৱা হয় যদিও চিপছক ডিজিটেল হীৰা বুলি কোৱা হয়। অতি সোনকালে ভাৰতত নিৰ্মিত আটাইতকৈ সৰু চিপটোৱে বিশ্বত এক বৃহৎ পৰিৱৰ্তন আৰম্ভ কৰিব বুলি তেওঁ কয়।

উল্লেখ্য যে,  ছেমিকন ইণ্ডিয়া ২০২৫ সন্মিলনৰ জৰিয়তে ভাৰতে বিশ্ব পৰ্যায়ত নিজৰ ছেমিকণ্ডাক্টৰ প্ৰযুক্তি শক্তিশালী কৰাৰ চেষ্টা কৰিব। ইয়াৰ ফলত দেশৰ ডিজিটেলাইজেশ্যন আৰু অৰ্থনৈতিক বিকাশ তৰান্বিত হ’ব বুলি আশা কৰা হৈছে। পিছে এই বিক্ৰম ৩২০১ কি, কেনেকৈ প্ৰস্তুত কৰা হ’ল?

কি এই চিপ

Vikram 3201 নামৰ এই প্ৰচেচৰ ইছৰোৰ লেবত প্ৰস্তুত হৈছে। ইয়াক বিশেষকৈ মহাকাশ অভিযানৰ বাবে তৈয়াৰ কৰা হৈছে। যেতিয়া ৰকেট উৎক্ষেপন কৰা হয় তেতিয়া প্ৰতিছেকেণ্ডত শ শ সিদ্ধান্ত ল’বলগীয়া হয়। উদাহৰণ স্বৰূপে-দিশ সলনি কৰা, গতি বৃদ্ধি, হ্ৰাস আদি। এই সকলো কাম এতিয়া ভাৰতত নিৰ্মিত এই চিপটোৱে কৰিব।

ইয়াৰ বিশেষত্ব এয়াই যে ই অতি গম্ভীৰ পৰিস্থিতিতো কাম কৰিব পাৰে। আকাশৰ সিটো পাৰে গৰম হওক বা ঠাণ্ডা এই চিপে সকলো পৰিস্থিতিত কাম কৰিব।

ইয়াৰ প্ৰচেচৰটোৰ বৈশিষ্ট এয়াই যে, ইয়াৰ ৩২-বিট প্ৰযুক্তি আৰু ফ্লটিং পইণ্ট চাপোৰ্ট। যাৰ বাবে গণনা সহজ হয়। ইয়াত ১৫২ ধৰণৰ কমাণ্ড আছে। ইয়াৰ ভিতৰত ৩২ টা ৰেজিষ্টৰ আছে। যি একে সময়তে কাম কৰিব। এই প্ৰচেছৰে ৪০৯৬ মিলিয়ন শব্দ পৰ্যন্ত মেমৰি সহজে চম্ভালিব পাৰে। তথ্যৰ বাবে, ই 16-বিট আৰু 32-বিট স্থিৰ আৰু অনিযুক্ত বিন্দুৰ লগতে 64-বিট ফ্লটিং পইণ্ট (IEEE754 প্ৰামাণিক) সমৰ্থন কৰে।

বিক্ৰম ৩২০১ কেৱল কাৰিকৰীভাৱে শক্তিশালী নহয়, ই বহুত কম বিদ্যুত খৰচ কৰে। ই ৩.৩ ভল্টৰ একক চাপ্লাইত চলে, ১০০ মেগাহাৰ্টজৰ ঘড়ীৰ গতিৰে কাম কৰে আৰু ৫০০ মিলিৱাটতকৈ কম শক্তি খৰচ কৰে। ইয়াৰোপৰি ইয়াৰ ষ্টেণ্ডবাই কাৰেণ্ট ১০ মিলিএম্পিয়াৰতকৈও কম। ইয়াৰ উষ্ণতা -৫৫ ডিগ্ৰী চেলছিয়াছৰ পৰা ১২৫ ডিগ্ৰী চেলছিয়াছলৈকে। ইয়াৰোপৰি আৰু বিভিন্ন বৈশিষ্টৰে ভৰপুৰ ভাৰতত নিৰ্মিত প্ৰথমটো চিপ। গতিকে ইয়াৰ পাছতে এই ক্ষেত্ৰত অন্য দেশৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা যথেষ্ঠ কম হ’ব বুলি ক’ব পাৰি।

 

অন্য খবৰ পঢ়কঃ কা-ৰ নতুন ভিত্তিবৰ্ষ ২০২৪ চনৰ ৩১ ডিচেম্বৰ, বিৰোধিতা কংগ্ৰেছৰ…

সামান্য মূৰ বিষ হ'লেই বিষৰ টেবলেট খাই নেকি? হ'ব পাৰে ডাঙৰ সমস্যা...
৫০ বছৰ পাছত বিৰল সংযোগ! আৰ্থিক উন্নতি হ'ব এই ৩ ৰাশিৰ লোকৰ...
খালী পেটত দুই ফুটা নহৰু খালে পুৰুষৰ শৰীৰত কি পৰিৱৰ্তন হ'ব?
এজন মানুহে একো নোখোৱাকৈ কিমান দিনলৈ জীয়াই থাকিব পাৰে? জানক