শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Eid ul-Adha 2024: আজি ঈদ উল আজহা, এই ঈদত কিয় ছাগলী বলি দিয়া হয় জানেনে?

Eid-al-Adha 2024: আজি ঈদ উল আজহা । আজি অৰ্থাৎ ১৭ জুন সোমবাৰে সমগ্ৰ দেশতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ঈদ উল আজহা । আৰৱী জিলহজ মাহৰ ১০ তাৰিখে পালন কৰা হয় ঈদ উল আজহা ।

Eid ul-Adha 2024: আজি ঈদ উল আজহা, এই ঈদত কিয় ছাগলী বলি দিয়া হয় জানেনে?
ঈদ উল আজহা ২০২৪
manas-borah
Manas Borah | Updated On: 17 Jun 2024 08:35 AM

আজি ঈদ উল আজহা । আজি অৰ্থাৎ ১৭ জুন সোমবাৰে সমগ্ৰ দেশতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ঈদ উল আজহা । আৰৱী জিলহজ মাহৰ ১০ তাৰিখে পালন কৰা হয় ঈদ উল আজহা । প্ৰকাশিত তথ্য মতে, চৌদি আৰৱৰ লগতে আন একাংশ ৰাষ্ট্ৰত ভাৰততকৈ এদিন পূৰ্বে ঈদ উদযাপন হয় । ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মতে, আৰৱী মাহটো সম্পূৰ্ণ নিৰ্ভৰ কৰে জোনৰ ওপৰত । চৌদি আৰৱৰ দৰে একাংশ ৰাষ্ট্ৰত এদিন পূৰ্বেই জোন উদয় হোৱাত সেই দেশত আৰৱী মাহো এদিন পূৰ্বেই আৰম্ভ হয় ।

আৰৱী ঈদ শব্দৰ অৰ্থ হৈছে আনন্দ স্ফূৰ্তি । আনফালে আজহা শব্দৰ অৰ্থ হৈছে কোৰবাণী অৰ্থাৎ ত্যাগ । এক কথাত ঈদ উল আজহা মানেই ত্যাগৰ এক উৎসৱ । অৰ্থাৎ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধনাঢ্যসকলৰ ত্যাগৰ ফলত দুখীয়া দৰিদ্ৰসকলেও যাতে আনন্দ স্ফূৰ্তিত অংশগ্ৰহণ কৰিব পাৰে, তাৰেই যেন এক উৎসৱ হৈছে ঈদ উল আজহা । ঈদ উল আজহাক কোনো কোনোৱে কোৰবাণী ঈদ অথবা বকৰিদ বুলিও অভিহিত কৰি আহিছে ।

ইছলামিক গ্ৰন্থ হাদিছ শ্বৰীফৰ মতে, নৱী হজৰত ইব্ৰাহিম আলাইহি ওৱা চাল্লাতু ওৱা চাল্লামে মহান আল্লাহৰ সন্তুষ্টিৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি নিজৰ মৰমৰ সন্তানক কোৰবাণী কৰিবলৈ আগবাঢ়িছিল । কিন্তু সন্তানৰ পৰিৱৰ্তে কোৰবাণী হৈছিল এটা জন্তু । সেই সময়ৰ পৰাই ঈদ উল আজহাৰ উপলক্ষে পোহনীয়া উট, দুম্বা, ভেড়া, ছাগলী আদি জন্তু কুৰবাণী দিয়াৰ প্ৰথা আৰম্ভ হয় ।