Drone attack in jammu: জম্মুত ভয়ংকৰ ড্ৰ’ন আক্ৰমণ, কাশ্মীৰত গুলীচালনা…

Drone attack in jammu: ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা অব্যাহত থকাৰ মাজতে জম্মুৰ পৰা আহিছে ড্ৰ'ন আক্ৰমণৰ খবৰ। ইয়াৰ লগতে কাশ্মীৰৰ বহু অঞ্চলত হয় গুলীচালনা।

Drone attack in jammu: জম্মুত ভয়ংকৰ ড্ৰন আক্ৰমণ, কাশ্মীৰত গুলীচালনা...

পাকিস্তানে নিশা ভাৰতত আক্ৰমণ কৰাৰ ফলত দুয়োখন দেশৰ মাজত উত্তেজনা

Updated On: 

08 May 2025 21:14 PM

জম্মুৰ পৰা আহিছে এক ডাঙৰ খবৰ। জম্মুত শুনা গৈছে বিস্ফোৰণৰ শব্দ। খবৰ অনুসৰি জম্মুৰ বিভিন্ন স্থানত ড্ৰ’ন আক্ৰমণ সংঘটিত হৈছে। ইয়াৰ লগে লগে এয়াৰ ছাইৰেন বজাই জম্মুত ব্লেক আউট কৰি দিয়া হয়। ইয়াৰোপৰি প্ৰশাসনে জনতাক ঘৰত থাকিবলৈ নিৰ্দেশ প্ৰদান কৰে। জম্মুৰ বিভিন্ন ঠাইত জাৰি কৰা হৈছে ব্লেক আউট। বিস্ফোৰণৰ শব্দৰ পিছত জম্মুত সক্ৰিয় হৈ পৰিছে এয়াৰ ডিফেন্স চিষ্টেম। জানিব পৰা মচে জম্মুত ৫-৬ টা বিস্ফোৰণৰ শব্দ শুনা গৈছে। ড্ৰ’ন আৰু মিছাইলৰ আশংকা কৰা হৈছে।

আকাশত ড্ৰ’ন দেখা পোৱাৰ লগে লগে সমগ্ৰ জম্মুত জাৰি কৰা হৈছে সতৰ্কবাণী জাৰি কৰা হৈছে। জম্মুৰ বিভিন্ন স্থানত ড্ৰ’ন আক্ৰমণ কৰাৰ লগে কাশ্মীৰৰ কুপবাড়া অঞ্চলৰ পৰা গুলীবৰ্ষৰ খবৰ আহি পৰিছে।

উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত চলাইছে অপাৰেশ্যন সেন্দূৰ। ইয়াৰ পাছতে বুধবাৰে নিশা পাকিস্তানে ভাৰতৰ ওপৰত কেইবাটাও মিছাইল নিক্ষেপ কৰে। অৱশ্যে এই মিছাইলসমূহ ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেমে ধ্বংস কৰে।

এই ঘটনাৰ প্ৰত্যুত্তৰ স্বৰূপে ভাৰতে বৃহস্পতিবাৰে পাকিস্তানৰ কেইবাটাও স্থানত ড্ৰ’ন আক্ৰমণ সংঘটিত কৰে। জানিব পৰা মতে, ভাৰতে কৰাচী, লাহোৰ, ৰাৱালপিণ্ডি আদিৰ আক্ৰমণ চলায়। ইয়াৰ পাছতে পাকিস্তানে এতিয়া জম্মুত ড্ৰ’ন আক্ৰমণ চলোৱাৰ লগতে কাশ্মীৰত আৰম্ভ কৰিছে গুলীচালনা। অৱশ্যে বিগত দিনকেইটা পাকিস্তানে অহৰহ যুদ্ধ বিৰতি চুক্তি উলংঘা কৰি গুলীচালনা কৰি আছে। পাকিস্তানৰ আক্ৰমণ ১৬ নিৰীহ ভাৰতীয়ৰ বৰ্তমান পৰ্যন্ত মৃত্যু হৈছে।

 

অন্য খবৰ পঢ়কঃ পাকিস্তানী সেনাক উপলুঙা! কাৰণ নোহোৱাকৈ ইছলামাবাদত নাগৰিকে বজালে যুদ্ধৰ ছাইৰেন…

বৃদ্ধি কৰিব শৰীৰৰ শক্তি, তালিকাত ৰাখক এইসমূহ খাদ্য
পাকিস্তানত কিমান মূল্যত বিক্ৰী কৰে তৰমুজ? জানি আচৰিত হ'ব!
কেৱল গিলেই নহয়, এডজবাষ্টনত জাদেজায়ো ৰচিলে অভিলেখ; অৰ্জন কৰিলে এনে বিৰল কৃতিত্ব
শাওণ মাহৰ প্ৰথম সোমবাৰত ৪ টা বিৰল সংযোগ! পূজা কৰিলে পাব সুফল...