শোকাৱহ ঘটনা! চলন্ত বাছত বিধ্বংসী অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৫ জনৰ

তথ্য অনুসৰি দুৰ্ঘটনাৰ সময়ত অধিকাংশ যাত্ৰী শুই আছিল। অগ্নিকাণ্ড পিছত বাছখন ধোঁৱাৰে ভৰি পৰাৰ পিছতে যাত্ৰীসকল সাৰ পায়। চালকৰ কেবিনত অতিৰিক্ত চিট থকাৰ বাবে যাত্ৰীসকলে নামিবলৈ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। এই সময়ছোৱাত ওচৰৰ অঞ্চলৰ লোকসকলে সেই স্থানত উপস্থিত হৈ যাত্ৰীসকলক বাছৰ পৰা নমাই অনাত সহায় কৰে।

শোকাৱহ ঘটনা! চলন্ত বাছত বিধ্বংসী অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৫ জনৰ

লক্ষ্ণৌত চলন্ত বাছত বিধ্বংসী অগ্নিকাণ্ড

Published: 

15 May 2025 12:41 PM

উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত বৃহস্পতিবাৰে পুৱা এখন ডাবল ডেকাৰ বাছত অগ্নিকাণ্ড সংঘটিত হয়। এই দুৰ্ঘটনাত ৫ জন লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লয় ৫ জনকৈ লোকে। দিল্লীৰ পৰা বিহাৰ অভিমূখে গৈ আছিল বাছখন। লক্ষ্ণৌৰ মোহনলালগঞ্জৰ সমীপৰ কিষাণ পথত হঠাৎ বাছখনত অগ্নিকাণ্ড সংঘটিত হয়। এই সময়তে বাছৰ চালক আৰু কণ্ডাক্টৰ বাছৰ পৰা জপিয়াই পলায়ন কৰে।

৬ খনতকৈও অধিক অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে ঘণ্টাৰ পিছত ঘণ্টা ধৰি কষ্টৰ অন্তত জুই নিৰ্বাপন কৰে। তাৰ পিছত আৰক্ষীয়ে বাছখনৰ পৰা মৃত যাত্ৰীসকলৰ মৃতদেহ উলিয়াই এম্বুলেন্সৰ সহায়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। জানিব পৰা মতে বাছখনত ৬০ জনতকৈ অধিক যাত্ৰী আছিল। বাছখন বাঘপাটৰ পৰা আহি আছিল।

তথ্য অনুসৰি দুৰ্ঘটনাৰ সময়ত অধিকাংশ যাত্ৰী শুই আছিল। অগ্নিকাণ্ড পিছত বাছখন ধোঁৱাৰে ভৰি পৰাৰ পিছতে যাত্ৰীসকল সাৰ পায়। চালকৰ কেবিনত অতিৰিক্ত চিট থকাৰ বাবে যাত্ৰীসকলে নামিবলৈ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। এই সময়ছোৱাত ওচৰৰ অঞ্চলৰ লোকসকলে সেই স্থানত উপস্থিত হৈ যাত্ৰীসকলক বাছৰ পৰা নমাই অনাত সহায় কৰে। খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বাহনসমূহ সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। প্ৰত্যক্ষদৰ্শীৰ মতে, জুই ইমানেই ভয়ংকৰ আছিল যে ১ কিলোমিটাৰ দূৰলৈকে জুইৰ শিখা দেখা গৈছিল।

ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে ঘণ্টাৰ পিছত ঘণ্টা ধৰি চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণ কৰে। আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি বাছখনৰ ইমাৰ্জেন্সি গেট খোলা নাছিল। যাৰ বাবেই পিছফালে বহি থকা লোকসকল বাছখনত আবদ্ধ হৈ পৰে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, মাত্ৰ ১০ মিনিটতে বাছখন সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ যায়।

বাছখনৰ এজন যাত্ৰীয়ে জনোৱা মতে, যেতিয়া অগ্নিকাণ্ড সংঘটিত হয় তেতিয়া আটাইকেইজন যাত্ৰী শুই আছিল। তেওঁ কয়, “মই কোলাহলৰ বাবে সাৰ পাই উঠিলোঁ। চাওঁতে বাছখনত বিশৃংখলতা আৰু চিঞৰ-বাখৰ আৰম্ভ হৈছিল। ইয়াৰ পিছত মই লগে লগে মোৰ পত্নীক জগালো। দুয়ো বাছৰ পৰা নামিলোঁ৷ এই সময়ছোৱাত বহু যাত্ৰী আবদ্ধ হৈ পৰে।” আন এজন যাত্ৰীয়ে জনোৱা মতে, “গিয়াৰৰ ওচৰত উঠা স্ফুলিংগৰ বাবেই জুইৰ সূত্ৰপাত হয়। ড্ৰাইভাৰজনে কাকো নোকোৱাকৈয়ে পলাই যায়। সন্মুখৰ যাত্ৰীসকল নামিল যদিও পিছফালৰ যাত্ৰীসকল আবদ্ধ হৈ পৰিল।”

শচীন নে কোহলী, ১২৩ খন টেষ্টলৈকে প্ৰদৰ্শনৰ ক্ষেত্ৰত পৰিসংখ্যাৰ দিশত কোন আছে আগত?
ভাৰতৰ ১০০ টকাৰ মূল্য তুৰ্কীয় কিমান হয় জানেনে? জানক...
অনবৰতে ঘাম ওলাই থাকে নেকি? তেন্তে আঁৰত থাকিব পাৰে এইসমূহ কাৰণ...
Shani Dev: কি কথাত আৰু কেতিয়া ক্ৰোধিত হয় শনি দেৱ? এইদৰে গম পাব আপুনি...