ফটো, বোমা নিৰ্মাণৰ প্ৰশিক্ষণ…গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদীৰ ফোনৰ পৰা উদ্ধাৰ ভয়ংকৰ তথ্য…
Delhi Blast Update: যোৱা ১০ নৱেম্বৰত দিল্লীত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত চলি আছে। ইয়াৰ মাজতে পোহৰলৈ আহিছে ন ন তথ্য। শেহতীয়াকৈ মোবাইল ফোনৰ পৰা উদ্ধাৰ হৈছে তথ্য।

দিল্লীৰ বিস্ফোৰণ
ৰাজধানী দিল্লীত যোৱা ১০ নৱেম্বৰত সংঘটিত হৈছিল এক ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। এই সন্ত্ৰাসবাদী আক্ৰমণত ১৩ জন লোক নিহত আৰু কেইবাজনো আহত হৈছিল। এই সমগ্ৰ বিষয়টো সন্দৰ্ভত বৰ্তমান তদন্ত চলি আছে। তদন্ত আগবঢ়াৰ লগে লগে ন ন তথ্য পোহৰলৈ আহিছে। এই কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত কেইবাজনো লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তদন্তকাৰী সংস্থাই। এতিয়া এই ধৃত সন্ত্ৰাসবাদীৰ ফোনৰ পৰা পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য।
কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ হৈছিল ডাঃ মুজাম্মিল। তেওঁৰ ফোনৰ পৰা জৈছ-ই-মহম্মদ আৰু আইছিচৰ ঘৃণনীয় ভাষণ, অপপ্ৰচাৰকে ধৰি প্ৰায় ২০০ টা ভিডিঅ’ উদ্ধাৰ কৰা হৈছে। ইয়াৰোপৰি তেওঁৰ ফোনত বোমা নিৰ্মাণ আৰু সন্ত্ৰাসবাদী প্ৰশিক্ষণৰ সৈতে জড়িত ৮০ টা ভিডিঅ; উদ্ধাৰ কৰিছে তদন্তকাৰী সংস্থাই। এই ভিডিঅ’ৰ তথ্য অনুসৰি, তুৰ্কীৰ আইছিছৰ এজন কমাণ্ডাৰৰ সৈতে সাক্ষাৎ কৰি জইছৰ নিৰ্দেশত বোমা নিৰ্মাণৰ ক্ষেত্ৰত সহায় লাভ কৰিছিল।
মোবাইল বোমা নিৰ্মাণৰ ভিডিঅ’
এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা অধিকাংশ চিকিৎসক। আনকি বোমা বিস্ফোৰণ সংঘটিত কৰা ওমৰো আছিল এজন চিকিৎসক।গ্ৰেপ্তাৰ হোৱা চিকিৎসকসকলৰ ফোনৰ পৰা আৰক্ষীয়ে বহু চাঞ্চল্যকৰ তথ্য উদ্ধাৰ কৰিছে। চিকিৎসক মুজাম্মিল, আদিল, শ্বাহীন, ইৰফানৰ ফোনত ডিলিট কৰা তথ্যও উদ্ধাৰ কৰিছে।
কেৱল মাত্ৰ মুজাম্মিলৰ ফোনত প্ৰায় ২০০ টা ভিডিঅ’ উদ্ধাৰ কৰা হৈছে। এই ভিডিঅ’ত জৈছৰ মুৰব্বী মাছুদ আজহাৰ, আছগৰ আৰু অন্যান্য জৈছৰ কমাণ্ডৰ, আইছিছৰ সৈতে জড়িত কেইবাজনো সন্ত্ৰাসবাদীৰ ঘৃণনীয় ভাষণ লাভ কৰিছে। ইয়াৰে প্ৰায় ৮০ টা ভিডিঅ’ত আছে বোমা নিৰ্মাণৰ বাবে দিয়া প্ৰশিক্ষণ।
মুজাম্মিলৰ ফোনৰ পৰা উত্তৰ প্ৰদেশ, মুম্বাই, দিল্লীকে ধৰি বিভিন্ন ঠাইৰ ধৰ্মীয়স্থল আৰু বজাৰৰ ভিডিঅ’ উদ্ধাৰ কৰিছে। ২০২২ চনত মুজাম্মিল আৰু ওমৰে তুৰ্কীত ছিৰিয়াৰ আইছিছৰ এজন সন্ত্ৰাসবাদী কমাণ্ডাৰক সাক্ষাৎ কৰিছিল। এই আলোচনা জৈছৰ নিৰ্দেশত হৈছিল। সেই বৈঠকতে তেওঁলোকক বোমা নিৰ্মাণ কৰাৰ কথা পাতিছিল আৰু আইছিছৰ সন্ত্ৰাসবাদীজনে তেওঁলোকক বোমা নিৰ্মাণ কৰিবলৈ শিকাইছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। গতিকে তদন্তৰ অন্তত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ দীৰ্ঘদিন ধৰি বাস কৰি আছিল অসমত, শীঘ্ৰে ৰাজ্য এৰিব লাগিব ৫ বাংলাদেশীয়ে…