Delhi Blast: দিল্লীৰ বিস্ফোৰণৰ ঘটনাক ‘সন্ত্ৰাসবাদী কাণ্ড’ বুলি অভিহিত মোদী কেবিনেটৰ…

Delhi Blast Case Updates: দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰ পাছত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটী(CCS)ৰ বৈঠক আহ্বান কৰে। এই সময়চোৱাত বিস্ফোৰণৰ ঘটনাক গৰিহণা দি দোষীক চিনাক্ত কৰাৰ সংকল্প লয়।

Delhi Blast: দিল্লীৰ বিস্ফোৰণৰ ঘটনাক সন্ত্ৰাসবাদী কাণ্ড বুলি অভিহিত মোদী কেবিনেটৰ...

দিল্লী

Published: 

12 Nov 2025 | 09:36 PM

দিল্লীত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাৰ পাছতে বুধবাৰ (১২ নৱেম্বৰ)য়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠক আহ্বান কৰে। এই সময়চোৱাত কেবিনেটে দিল্লী বিস্ফোৰণৰ ঘটনাত গৰিহণা দি মৃতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কেবিনেটে কয়, “যোৱা ১০ নৱেম্বৰত লালকিল্লাৰ সমীপত দেশ বিৰোধী বাহিনীয়ে গাড়ীত বোমা বিস্ফোৰণৰ জৰিয়তে সংঘটিত কৰা এক ‘জঘন্য সন্ত্ৰাসবাদী কাণ্ড’ৰ সাক্ষী হৈছিল দেশবাসী”।

ইয়াৰ পাছতে কেবিনেটে নিৰ্দেশ দি কয় যে, এই কাণ্ডৰ তদন্ত অতি তৎকালীন আৰু পেছাদাৰিত্বৰে হওক যাতে কোনো অপৰাধী আৰু তেওঁলোকৰ সহযোগী, পৃষ্ঠপোষকসকল সাৰি নাযায়। তেওঁলোকক চিনাক্ত কৰি অতি সোনকালে ন্যায়াৰ আদালতত আনিবলৈ কেবিনেটে নিৰ্দেশ দিয়ে।

এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) অজিত ডোভাল উপস্থিত থাকে। বৈঠকত দিল্লী বিস্ফোৰণৰ তদন্ত আৰু নিৰাপত্তা সংস্থাৰ প্ৰতিবেদন সন্দৰ্ভত আলোচনা কৰা হয়। এই সময়চোৱাত গৃহমন্ত্ৰীৰ সৈতে পৃথককৈ আধাঘন্টা সময় বৈঠকত মিলিত হয় মোদী।

দোষীক শাস্তি দিয়া হ’ব

ভূটানৰ পৰা উভতি আহি আজি মোদী পোনে পোনে এল এন জে পি হাস্পতালত উপস্থিত হয়। তাত তেওঁ আহতসকলৰ সৈতে কথা বতৰা পাতে। তাৰ পাছতে মোদীয়ে কয় যে, দোষীসকলক ন্যায়াৰ আদালতলৈ অনা হ’ব। লগতে কয়,  এই ষড়যন্ত্ৰৰ আঁৰত যিয়েই নহওক কিয়, তেওঁক ন্যায়ৰ ওচৰলৈ অনা হ’ব।

ৰপ্তানি প্ৰসাৰ অভিযান (ইপিএম)ত অনুমোদন

আনহাতে, আজি কেবিনেটে ৰপ্তানি প্ৰসাৰ অভিযান (ইপিএম)ত অনুমোদন জনায়। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, “কেন্দ্ৰীয় মন্ত্ৰীসভাই নেচনেল ক্ৰেডিট নিশ্চয়তা ট্ৰাষ্টী কোম্পানী লিমিটেডৰ জৰিয়তে ৰপ্তানিকাৰকসকলৰ বাবে ১০০% ঋণ নিশ্চয়তা কভাৰেজৰ বাবে ঋণ নিশ্চয়তা আঁচনিত অনুমোদন জনাইছে।”

 

অন্য খবৰ পঢ়কঃ দিল্লী বিস্ফোৰণ সন্দৰ্ভত বিতৰ্কিত পোষ্ট দি গ্ৰেপ্তাৰ ফৰিদ উদ্দিন লস্কৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...