নিৰ্বাচন আয়োগক শাসকীয় দলৰ ‘পুতলা’ আখ্যা ! ভোটাৰ তালিকা পুনৰীক্ষণকলৈ প্ৰশ্ন কংগ্ৰেছৰ

অসমৰ নিৰ্বাচনী তালিকাৰ পৰা বিৰোধী সমৰ্থকৰ নাম বাদ দিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ দলে। নিৰ্বাচন আয়োগ (ইচি)ৰ নিৰপেক্ষতাক লৈও প্ৰশ্ন উত্থাপন কৰি শাসকীয় দলৰ হাতত “পুতলা” হৈ পৰা বুলি দাবী কৰে কংগ্ৰেছে।

নিৰ্বাচন আয়োগক শাসকীয় দলৰ পুতলা আখ্যা ! ভোটাৰ তালিকা পুনৰীক্ষণকলৈ প্ৰশ্ন কংগ্ৰেছৰ

কংগ্ৰেছৰ পতাকা

Published: 

14 Jul 2025 13:44 PM

২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা পুনৰীক্ষণৰ নামত অসমৰ নিৰ্বাচনী তালিকাৰ পৰা বিৰোধী সমৰ্থকৰ নাম বাদ দিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ দলে। নিৰ্বাচন আয়োগ (ইচি)ৰ নিৰপেক্ষতাক লৈও প্ৰশ্ন উত্থাপন কৰি শাসকীয় দলৰ হাতত “পুতলা” হৈ পৰা বুলি দাবী কৰে কংগ্ৰেছে।

সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ চৰণ সিং চপ্ৰাই অভিযোগ কৰে যে, ইচিয়ে কোনো ৰাজহুৱা ব্রিফিং বা স্বচ্ছতা অবিহনে বিহাৰত নির্বাচনী তালিকাৰ ব্যাপক সংশোধনৰ কাম আৰম্ভ কৰিছে। লগতে তেওঁ অভিযোগ উত্থাপন কৰে যে, “নাগৰিকসকলৰ ওপৰত অতিৰিক্তভাৱে হেঁচা জাপি দি” তেনে কৰিছে৷

তেওঁ প্ৰশ্ন কৰে যে, “নিৰ্বাচন আয়োগে ইমান বৃহৎ অভিযান আৰম্ভ কৰাৰ পূৰ্বে বিভিন্ন অংশীদাৰৰ সৈতে কিয় আলোচনা নকৰিলে?” তেওঁ কয় যে, “আয়োগক নিৰপেক্ষ আম্পায়াৰ হিচাপে গণ্য কৰা হৈছিল, কিন্তু এতিয়া তেওঁলোক নিজেই এজন খেলুৱৈ হৈ পৰিছে — শাসকীয় দলৰ হৈ খেলিছে।”

সংবাদ সভাত উপস্থিত থকা প্ৰাক্তন সাংসদ তথা ৰাজ্যিক দলৰ নেতা ৰিপুণ বৰাইও দাবী কৰে যে, মহাৰাষ্ট্ৰ আৰু বিহাৰৰ দৰেই বিজেপিয়ে অসমত ইচি ব্যৱহাৰ কৰি কংগ্ৰেছ সমৰ্থকৰ নাম শুদ্ধিকৰণ বা পুনৰীক্ষণৰ নামত ভোটাৰ তালিকাৰ পৰা বাদ দিছে।”

আগন্তুক বিহাৰ নিৰ্বাচনৰ কথা উল্লেখ কৰি বৰাই কয় যে,”প্ৰত্যাশিত পৰাজয়ৰ পৰা হাত সাৰিবলৈ বিজেপিয়ে তথাকথিত পুনৰীক্ষণ প্ৰক্ৰিয়াৰ অধীনত কংগ্ৰেছ আৰু আৰজেডিক সমৰ্থন কৰা লোকৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়াৰ ষড়যন্ত্ৰ কৰিছে।”

বৰাই মহাৰাষ্ট্ৰৰ উদাহৰণ দাঙি ধৰি কয় যে, ২০২৪ চনৰ এপ্ৰিল-মে’ৰ লোকসভা নিৰ্বাচনৰ পৰা নৱেম্বৰ বিধানসভা নিৰ্বাচনৰ ভিতৰত মাত্ৰ ছমাহৰ ভিতৰতে ৪৭ লাখ নতুন ভোটাৰ সংযোজন হৈছিল।

তেওঁ দাবী কৰে যে, “৫০টা সমষ্টিত প্ৰতিটোতে ৫০ হাজাৰৰো অধিক ভোটাৰ সংযোজন কৰা হৈছিল। তদন্তত প্ৰকাশ পাইছে যে চুবুৰীয়া ৰাজ্যৰ বিজেপি সমৰ্থকক সংগঠিতভাৱে অন্তৰ্ভুক্ত কৰি এই সংযোজন কৰা হৈছিল।” অসমতো একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলি তেওঁ উদ্বেগ প্ৰকাশ কৰে।

তেওঁ অভিযোগ কৰে যে, বিজেপিয়ে “ডি ভোটাৰ” বা বিদেশী বুলি সন্দেহ কৰা ভোটাৰক জাননী জাৰি কৰিবলৈ আৰম্ভ কৰিছে, যাৰ বহুতেই পৰম্পৰাগত কংগ্ৰেছ সমৰ্থক, যাৰ ফলত তেওঁলোকৰ ভোটাধিকাৰ কাঢ়ি লোৱাৰ চেষ্টা কৰিছে। অসমৰ নিৰ্বাচনী প্ৰক্ৰিয়াত বিজেপিৰ অগণতান্ত্ৰিক প্ৰচেষ্টাক সমৰ্থন নকৰিবলৈও দলটোৱে নিৰ্বাচন আয়োগক আহ্বান জনায়।

অনবৰতে হামিয়াই থকাটো কিহৰ লক্ষণ জানেনে?
শিৱক অৰ্পন কৰক এই বস্তু! পূৰণ হ'ব মনৰ সকলো কামনা...
শাওনৰ সোমবাৰত ভুলতো নকৰিব এই কাম! শিৱ হ'ব অসন্তুষ্ট...
ডিম্বাশয়ত কৰ্কট ৰোগ হ'লে প্ৰথমতে দেখা দিয়ে এইসমূহ লক্ষণ! আওকান নকৰিব