শক্তি পাব বৃদ্ধি! CISF য়ে আৰম্ভ কৰিলে প্ৰথম মহিলা কমাণ্ডো ইউনিট…

CISF ত শক্তি বৃদ্ধি হ'ব মহিলাৰ। আৰম্ভ হ'ল CISF ৰ নতুন মহিলা কমাণ্ডো ইউনিট। ইতিমধ্যে এই মহিলাসকলক প্ৰশিক্ষণ দি থকা হৈছে আৰু পাছলৈ তেওঁলোকক নিযুক্তি দিয়া হ'ব।

শক্তি পাব বৃদ্ধি! CISF য়ে আৰম্ভ কৰিলে প্ৰথম মহিলা কমাণ্ডো ইউনিট...

চি আই এছ এফ

Published: 

25 Aug 2025 | 01:35 PM

আৰম্ভ হ’ল CISF ৰ নতুন মহিলা কমাণ্ডো ইউনিট। কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী (CISF)য়ে দেওবাৰে ঘোষণা কৰে যে আৰম্ভ কৰা হৈছে প্ৰথম মহিলা কমাণ্ডো ইউনিট। এই বিশেষ মহিলা দলটোক বিমানবন্দৰ আৰু অন্যান্য স্পৰ্শকাতৰ প্ৰতিষ্ঠানসমূহত নিযুক্তি দিয়া হ’ব।  ইয়াৰ পূৰ্বে তেওঁলোকক স্পেচিয়েল প্ৰশিক্ষণ দিয়া হ’ব আৰু পাছত নিযুক্তি দিয়া হব।

মধ্যপ্ৰদেশৰ বৰৱাহাত অৱস্থিত আঞ্চলিক প্ৰশিক্ষণ কেন্দ্ৰ (আৰ টি চি)ত মহিলা কমাণ্ডোক বিশেষ প্ৰশিক্ষণ দি থকা হৈছে। বিষয়টো সন্দৰ্ভত CISF য়ে কয় যে, আঠ সপ্তাহৰ এই বিশেষ উন্নত কমাণ্ডো কোৰ্চ মহিলাসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। ইয়াৰ মূল উদ্দেশ্য হৈছে  সুৰক্ষা প্ৰতিষ্ঠান আৰু উদ্যোগসমূহত নিয়োজিত দ্ৰুত প্ৰতিক্ৰিয়া দল (কিউআৰটি) আৰু বিশেষ টাস্ক ফ’ৰ্চ (এছটিএফ)ৰ দায়িত্বৰ বাবে তেওঁলোকক প্ৰস্তুত কৰা।

এই কাৰ্যসূচীত স্বাস্থ্য ফিটনেছ আৰু অস্ত্ৰ ব্যৱহাৰৰ প্ৰশিক্ষণ, মানসিক চাপৰ পৰিস্থিতিত লাইভ-ফায়াৰ ড্ৰিল, দৌৰ, বাধা-ক্ৰছিং অনুশীলন, ৰেপেলিঙৰ দৰে আদি বিভিন্ন ধৰণৰ প্ৰশিক্ষণ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰোপৰি এই প্ৰশিক্ষণত কেনেকৈ জংঘলত জীয়াই থাকিব পাৰি, প্ৰত্যাহ্বানমূলত পৰিস্থিতিৰ কেনেকৈ সন্মুখীন হ’ব পাৰি, দলীয় কাম-কাজ পৰিচালনা কৰা আদি বিভিন্ন বিষয়ৰ বিষয়ে শিকোৱা হৈছে। ইয়াত মাত্ৰ ৪৮ ঘন্টাত আত্মবিশ্বাস বৃদ্ধি কৰাৰ কৌশলো অন্তৰ্ভুক্ত কৰা হৈছে।

বিষয়াসকলৰ মতে, প্ৰথম মহিলা দলটোৱে ১১ আগষ্টৰ পৰা প্ৰশিক্ষণ লৈছে আৰু ই ৪ অক্টোবৰলৈ চলিব। ইয়াৰ পাছত দ্বিতীয়টো দলে ৬ অক্টোবৰৰ পৰা ২৯ নৱেম্বৰলৈকে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব।

উদ্দেশ্য

CISF য়ে কয় যে প্ৰথম অৱস্থাত প্ৰায় ১০০ গৰাকী মহিলাকৰ্মীক প্ৰশিক্ষণ দিয়া হ’ব। এই মহিলা কমাণ্ডোসকলে বিশেষকৈ বিমান সুৰক্ষা গোট (এ এছ জি) আৰু অন্যান্য স্পৰ্শকাতৰ ক্ষেত্ৰত সেৱা আগবঢ়াব। এই বাহিনীৰ লক্ষ্য হৈছে মহিলা নিয়মীয়া প্ৰশিক্ষণ গাঁথনিৰ স্থায়ী অংশ হিচাপে গঢ়ি তোলা। প্ৰথম অৱস্থাত তেওঁলোকক বিমান বন্দৰত নিযুক্তি দিয়া হব আৰু পাছত অন্য স্পৰ্শকাতৰ প্ৰতিষ্ঠানৰ ক্ষেত্ৰত নিযোগ কৰা হ’ব।

CISF য়ে জনোৱা মতে,  বৰ্তমান চিআইএছএফত মহিলাৰ সংখ্যা ১২,৪৯১ গৰাকী। সম্পূৰ্ণ বাহিনীটোৰ মুঠ শক্তিৰ প্ৰায় ৮%। ২০২৬ চনৰ ভিতৰত পুনৰ ২৪০০ মহিলা কৰ্মী নিযুক্তি দিয়া হ’ব। ভৱিষ্যতে যাতে মহিলাৰ অংশীদাৰ ১০ শতাংশ হয় তাৰ বাবে বাহিনীটোৱে চেষ্টা কৰিব।

উল্লেখ্য যে, চলিত বৰ্ষৰ আৰম্ভণিত গৃহ মন্ত্ৰালয়ে চিআইএছএফৰ প্ৰথম মহিলা বেটেলিয়নত অনুমোদন জনাইছিল। এই বেটেলিয়ন দিল্লীৰ সমীপত স্থাপন কৰা হৈছে।  ইয়াৰ মহিলা নিৰাপত্তাৰক্ষীক ৰাষ্ট্ৰীয় ৰাজধানীত সংসদ ভৱন, ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, দিল্লী মেট্ৰ’ আৰু অন্যান্য বৃহৎ চৰকাৰী ইনষ্টলেশ্যনসমূহ পহৰা দিবলৈ নিয়োগ কৰা হ’ব।

 

অন্য খবৰ পঢ়কঃ অজিত ডোভালে লাভ কৰিলে সহায়ক, নতুন ডেপুটি NSA অনিশ দয়াল সিং কোন? জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...