আমি যাবলৈ ওলাইছোঁ মা… বিমান দুৰ্ঘটনাৰ পূৰ্বে কেবিন ক্ৰু মেম্বাৰ দীপক পাঠকে মাতৃলৈ কৰিছিল ফোন

এয়াৰ ইণ্ডিয়া বিমানৰ কেবিন ক্ৰু মেম্বাৰ দীপক পাঠকৰ ভগ্নীয়ে কয় যে, তেওঁৰ ভাতৃয়ে ১১ বছৰ ধৰি এয়াৰ ইণ্ডিয়াত ক্ৰু মেম্বাৰ হিচাপে কাম কৰি আহিছে। ভনীয়েকে কয়, ৰাতিপুৱা মাক ফোন কৰি সুপ্ৰভাত বুলি কৈছিল।

আমি যাবলৈ ওলাইছোঁ মা... বিমান দুৰ্ঘটনাৰ পূৰ্বে কেবিন ক্ৰু মেম্বাৰ দীপক পাঠকে মাতৃলৈ কৰিছিল ফোন

বিমান দুৰ্ঘটনাৰ পূৰ্বে কেবিন ক্ৰু মেম্বাৰ দীপক পাঠকে ঘৰলৈ কৰিছিল ফোন

Updated On: 

13 Jun 2025 07:54 AM

মৃত্যু কাৰ কেতিয়া আৰু কেনেকৈ আহে কোনেও নাজানে… বৃহস্পতিবাৰে সংঘটিত হোৱা বিমান দুৰ্ঘটনাই সকলোকে জোকাৰি গৈছে। আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ কেবিন ক্ৰু মেম্বাৰ দীপক পাঠকে শেষবাৰৰ বাবে মাকৰ সৈতে কথা পাতিছিল। ফোনত কথা পাতি মাকক জনাইছিল ‘গুড মৰ্নিং’। আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ বদলাপুৰৰ বাসিন্দা তথা এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰী দীপক পাঠকৰ মৃত্যু হয়।

এই মৰ্মান্তিক খবৰটোৱে সমগ্ৰ পৰিয়ালটোত কান্দোনৰ ৰোল তুলিছে। তেওঁৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকে এই ঘটনাৰ খবৰ পাই যথেষ্ঠ কষ্ট পাইছিল মনত। দুপৰীয়া দীপকে মাকৰ লগত ফোনত কথা পাতিছিল। লগতে মাতৃৰ সৈতে যাত্ৰাৰ পূৰ্বে সকলো কথা শ্বেয়াৰ কৰিছিল দীপকে। কিন্তু মাতৃয়ে গম পোৱা নাছিল যে সেয়া তেওঁৰ পুত্ৰৰ শেষৰটো ফোন। তেওঁৰ অকাল মৃত্যুৱে সকলোকে আঘাত দিছে।

পৰিয়ালটো মানি ল’ব পৰা নাই

পৰিয়ালৰ এজন সদস্যই জনোৱা মতে, দুৰ্ঘটনাটোৰ খবৰ ৰাজহুৱা হোৱাৰ পিছত তেওঁলোকে যেতিয়া যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল তেতিয়া দীপকৰ ফোনটো বাজি উঠিছিল। যদিও কোনেৱে ফোনটো ৰিচিভ কৰা নাছিল। সকলোৱে আশা ৰাখিলে আৰু কয় যে, যেতিয়ালৈকে এই ফোনটো বাজি থাকিব তেতিয়ালৈকে আমি বেয়া খবৰটো মানি নলওঁ।

দীপকৰ ১১ বছৰ হৈছিল এয়াৰ ইণ্ডিয়াত

দীপকৰ ভগ্নীয়ে কয় যে, মুম্বাইৰ সমীপৰ থানে জিলাৰ বদলাপুৰৰ বাসিন্দা তেওঁৰ ভাতৃয়ে ১১ বছৰ ধৰি এয়াৰ ইণ্ডিয়াত ক্ৰু মেম্বাৰ হিচাপে কাম কৰি আহিছে। ৰাতিপুৱাই মাক ফোন কৰি সুপ্ৰভাত বুলি কয়। যদিও আমাৰ ব্যস্ততাৰ বাবে আমি সঘনাই কথা পাতিব নোৱাৰো, কিন্তু মা আৰু মই নিয়মিতভাৱে তেওঁৰ বিষয়ে কথা পাতো।

দীপকৰ ভগ্নীয়ে জনোৱা মতে, তেওঁলোকৰ পাঁচজন ভাতৃ-ভগ্নী। দীপকৰ বিয়া হৈছিল চাৰি বছৰ পূৰ্বে। ইফালে পাইলট কেপ্তেইন সুমিত সভাৰৱালৰ মুম্বাইৰ পোৱইৰ জল বায়ু বিহাৰ অঞ্চলত অৱস্থিত ঘৰতো শোকৰ ছাঁ। স্থানীয় বিধায়ক দিলীপ লেণ্ডে সভাৰৱালৰ মাতৃ-পিতৃক সাক্ষাৎ কৰে।

এই ৫ টা সাধাৰণ অভ্যাস হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণ! জানক সকলো...
নৱৰাত্ৰিত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!
খজুৱতি, বমি, প্ৰস্ৰাৱৰ ৰং সলনি...কি ৰোগৰ লক্ষণ জানেনে? জানক...
বগা স্ৰাৱ বেছি হ'লে সাৱধান! এয়া কোনো ৰোগৰ সংকেত হ'ব পাৰে!