Bihar Election Result: বিহাৰত NDA ৰ অগ্ৰগতি! সৰ্ববৃহৎ দল হোৱাৰ দিশে বিজেপি, পিছ পৰি ৰৈছে কংগ্ৰেছ…
Bihar Election Result 2025: বৰ্তমান চলি আছে বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া। এতিয়ালৈকে প্ৰকাশ পোৱা তথ্য অনুসৰি, বিহাৰত আগবাঢ়ি আছে এন ডি এ। অৱশ্যে যিকোনো মুহূৰ্ততে দৃশ্যপট সলনি হ'ব পাৰে।

বিহাৰ নিৰ্বাচন
কটকটীয়া নিৰাপত্তাৰ মাজেৰে চলি আছে বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া। যোৱা ৬ আৰু ১১ নৱেম্বৰত বিহাৰত দুটা পৰ্যায়ত ২৪৩ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। ইয়াৰ পাছতে আজি ৪৬ টা ভোটকেন্দ্ৰত পুৱা ৮ বজাৰ পৰা চলি আছে ভোট গণনা প্ৰক্ৰিয়া।
বৰ্তমান পৰ্যন্ত (পুৱা ১১ বজা) ১৮৩ খন আসনত NDA আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে মহাজোঁটে ৫৭ খন আসনত আগবাঢ়িছে। প্ৰশান্ত কিশোৰৰ দল জনসুৰায আটাইকেইখন আসনতে পিছ পৰি আছে। ছিৰাগ পাছৱানৰ দল এলজেপিয়ে ২১ খন আসনত আগবাঢ়ি আছে, লগতে আছাদুদ্দিন ওৱাইছিৰ এ আই এম আই এম ২খন আসনত আগবাঢ়ি আছে। উল্লেখ্য যে, নিৰ্বাচনত জয়ী হ’বলৈ প্ৰয়োজন ১২২ খন আসনৰ।
কোনটো দলে কিমান আসনত আগবাঢ়িছে
JD(U) য়ে আগবাঢ়ি আছে ৮৪ খন আসনত। লগতে বিজেপিয়ে ৫৩ খন, আৰ জে ডিয়ে ৩২ খন, এলজেপি(আৰভি) ২২ খন, চিপিআই(এমএল,এল), কংগ্ৰেছে ৫খন, এইচ এ এম(এছ)য়ে খন, অন্যই ৩ খন, আৰ এল এম ৩ খন আৰু চিপিআই (এম)য়ে এখন আসনত আগবাঢ়ি আছে।
কোনে কাৰ লগত আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা
উল্লেখ্য যে, এইবাৰ এনডিএ ৫টা দলৰ সৈতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। মুঠ আসনৰ বিজেপি আৰু জেডিইউয়ে ১০১ খনকৈ আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। লগতে লোক জনশক্তি পাৰ্টি (ৰাম বিলাস) ২৯ খন আসনত, ৰাষ্ট্ৰীয় লোক মৰ্চা (আৰ এল এম) আৰু হিন্দুস্তানী আৱাম মৰ্চা (এইচ এ এম) ৬ খনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে।
ইয়াৰ বিপৰীতে গ্ৰেণ্ড এলায়েন্সৰ ১৪৩খন আসনত আৰজেডি, ৬১খন আসনত কংগ্ৰেছ, ২০খন আসনত চিপিআইএমএল, ১৩খন আসনত ভিআইপি, ৪খন আসনত চিপিআই(এম) আৰু ৯খন আসনত চিপিআইয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।
কোন দলৰ কিমান বিধায়ক আছে
বিহাৰ বিধানসভাত বৰ্তমান বিজেপিৰ সৰ্বাধিক ৮০ জন বিধায়ক আছে। ইয়াৰ লগতে আৰ জে ডিৰ ৭৭ জন, জেডিইউৰ ৪৫ জন, কংগ্ৰেছৰ ১৯ জন বিধায়ক আছে। বাওঁপন্থী দলসমূহৰ ভিতৰত চি পি আই (এম এল) লিবাৰেচনত ১১ জন বিধায়ক, চি পি আই (এম)ত ২ জন, আৰু চি পি আইত ২ জন, হিন্দুস্তানী আৱাম মৰ্চা (ধৰ্মনিৰপেক্ষ)ত ৪ জন বিধায়ক, AIMIM ত ১ জন আৰু ২ জন নিৰ্দলীয় বিধায়ক আছে।
২০২০ ৰ ফলাফল
২০২০ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৭৪ খন আসন আৰু জেডিইউয়ে ৪৩ খন আসনত জয় লাভ কৰিছিল। আনহাতে আৰজেডিয়ে ৭৫খন, কংগ্ৰেছে ১৯ খন আৰু নিৰ্দলীয়ই ৩২ খন আসন লাভ কৰিছিল।
অন্য খবৰ পঢ়কঃ সন্ধিয়া ৪ বজাৰ লগে লগে ক’লৈ গৈছিল শ্বাহিনা? চিকিৎসকগৰাকী সন্দৰ্ভত ন ন তথ্য পোহৰলৈ…