Bihar Election 2025 Schedule: দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিহাৰৰ বিধানসভা নিৰ্বাচন, ১৪ নৱেম্বৰত ফলাফল…
নিৰ্বাচন আয়োগে সাংবাদমেল সম্বোধন কৰি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে বিহাৰৰ বিধানসভা নিৰ্বাচনৰ দিন। দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন। ১৪ নৱেম্বৰত ঘোষণা কৰা হ'ব ফলাফল।

বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ
নিৰ্বাচন আয়োগে অনুষ্ঠানিকভাৱে ঘোষণা কৰিলে বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন। নিৰ্বাচন আয়োগে ঘোষণা কৰা মতে,বিহাৰ বিধানসভাৰ নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। ৬ আৰু ১১ নৱেম্বৰত ভোটগ্ৰহণ হ’ব আৰু ১৪ নৱেম্বৰত ফলাফল ঘোষণা কৰা হ’ব। ২৪৩ জনীয়া বিহাৰ বিধানসভাৰ কাৰ্যকাল ২২ নৱেম্বৰত অন্ত পৰিব। এইবাৰ বিহাৰত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। ২০০৫ চনৰ পৰা এনে হোৱা নাই। ২০২০ চনত তিনিটা পৰ্যায়ত ভোটদান হৈছিল, আনহাতে ২০১৫ চনত পাঁচটা পৰ্যায়ত অনুষ্ঠিত হৈছিল নিৰ্বাচন।
কোন দিনা কিমান আসনৰ অনুষ্ঠিত হ’ব নিৰ্বাচন?
- ৬ নৱেম্বৰত ১২১খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
- ১১ নৱেম্বৰত ১২২খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
নিৰ্বাচন আয়োগে কি ক’লে?
সংবাদমেলৰ সময়ত নিৰ্বাচন আয়োগে উল্লেখ কৰে যে,ভোটাৰ তালিকাত যদি কাৰোবাৰ নাম নোহোৱা হয় তেন্তে মনোনয়নৰ ১০ দিন আগলৈকে নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। মনোনয়ন দাখিল কৰাৰ পিছত কোনেও নাম যোগ কৰিব নোৱাৰে। ২৪ জুনৰ পৰা ভোটাৰ তালিকা পুনৰীক্ষণ কৰা হৈছিল। যোৱা ৩০ ছেপ্টেম্বৰত প্ৰকাশ পাইছিল চূড়ান্ত ভোটাৰ তালিকা।
নিৰ্বাচন আয়োগে উল্লেখ কৰে যে, এইবাৰ বিহাৰৰ নিৰ্বাচন মসৃণ আৰু সহজ হ’ব। নিৰ্বাচন সম্পূৰ্ণ স্বচ্ছ হ’ব বুলি উল্লেখ কৰে।
ভুৱা বাতৰিৰ ওপৰত কঠোৰ নিৰীক্ষণ কৰা হ’ব বুলি উল্লেখ কৰিছে নিৰ্বাচন আয়োগে। একে সময়তে বিহাৰৰ নিৰ্বাচনত ১৭টা নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে। নিৰ্বাচন আয়োগে উল্লেখ কৰিছে যে, যিকোনো ধৰণৰ হিংসা সহ্য কৰা নহ’ব। উল্লেখ্য যে, বিহাৰৰ ২৪৩খন বিধানসভাৰ আসনৰ ভিতৰত ২০৩ খন জেনেৰেল, এছ টি-০২, এছ চি-৩৮।
এইবাৰ বিহাৰৰ ভোটাৰৰ সংখ্যা কিমান?
- বিহাৰত এইবাৰ ৩.৯২ কোটি পুৰুষ ভোটাৰ
- ৩.৪০ কোটি মহিলা ভোটাৰ
- বিহাৰত এইবাৰ প্ৰথমবাৰৰ বাবে ভোট দিব ১৪ লাখ ভোটাৰে।
- প্ৰতিটো বুথতে ৱেবকাষ্টিং কৰা হ’ব। প্ৰতিটো কেন্দ্ৰত ১২০০ তকৈ অধিক ভোটাৰ নাথাকিব।
- বিশেষভাৱে সক্ষমসকলৰ বাবে প্ৰ-পত্ৰ ২০ৰ জৰিয়তে ঘৰতে ভোটদানৰ সুবিধা উপলব্ধ হ’ব।
- বিহাৰ নিৰ্বাচনৰ বাবে ৯০,৪১২ টা ভোটগ্ৰহণ কেন্দ্ৰ ব্যৱস্থা কৰা হৈছে।
- মোবাইল ফোন লৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ যাব পাৰিব।