Bihar Election Results 2025 LIVE: বিহাৰত NDA ৰ বৃহৎ জয়, সৰ্ববৃহৎ দল হিচাপে পৰিগণিত বিজেপি, বিধ্বস্ত মহাগঠবন্ধন
Bihar Assembly Election Results 2025 LIVE Counting and Updates in Assamese: বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে। অপ্ৰতিৰোধ্য গতিৰে আগুৱাইছে এন ডি এ। দিল্লীত প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰিছে যে বিহাৰত এতিয়া তুষ্টিকৰণৰ কোনো স্থান নাই। বিহাৰে নিৰ্দ্বিধায় ঘোষণা কৰিছে যে জনসাধাৰণে জামিনত থকাসকলক সমৰ্থন নকৰে। বিহাৰে প্ৰমাণ কৰিছে যে জনসাধাৰণৰ আস্থা প্ৰধান। নতুন চৰকাৰৰ সৈতে এন ডি এ এতিয়া বিহাৰত ২৫ বছৰৰ সোণালী যাত্ৰাৰ দিশে আগবাঢ়িছে।

বিহাৰ নিৰ্বাচনৰ ফলাফল
মাজত মাত্ৰ কেইটামান ঘন্টা। আজি ঘোষণা হ’ব বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। যোৱা ৬ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল বিহাৰ নিৰ্বাচনৰ বাবে ভোট গ্ৰহণ প্ৰক্ৰিয়া। যাৰ পাছত আজি ফলাফল ঘোষণা হয়। বিহাৰৰ ফলাফলৰ ওপৰত নজৰ আছে সমগ্ৰ দেশৰ। উল্লেখ্য যে, ভোট গ্ৰহণৰ ক্ষেত্ৰত এইবাৰ বিহাৰে নিজৰ মাজতে অভিলেখ ৰচিছে। ১৯৫১ চনৰ পিছত ৰাজ্যখনত ভোটাৰৰ ভোটদানৰ হাৰ সৰ্বাধিক, ৬৭.১৩%।
তথ্য অনুসৰি, এই ভোট গণনা প্ৰক্ৰিয়া আজি পুৱা ৮ বজাৰ পৰা ৩৮ জিলাৰ ৪৬টা কেন্দ্ৰত অনুষ্ঠিত হৈছে। ২৪৩খন আসনৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন। গতিকে বিহাৰৰ বাঘজৰী কাৰ হাতলৈ যায় তাৰ ওপৰত এতিয়া চকু সকলোৰে। উল্লেখ্য যে, কেইবাটাও সংস্থাৰ এক্সিট পোল অনুসৰি এইবাৰ বিহাৰত পুনৰ এবাৰ নীতিশ কুমাৰৰ চৰকাৰ হ’ব। অৱশ্যে স্পষ্ট ফলাফল কিছু সময় পাছত ওলাই পৰিব।
LIVE NEWS & UPDATES
-
বিহাৰত NDA ৰ বৃহৎ জয়, সৰ্ববৃহৎ দল হিচাপে পৰিগণিত বিজেপি
শেহতীয়া ধাৰা আৰু ফলাফলত দেখা গৈছে যে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰি ২০০ খনৰো অধিক আসনত জয়ৰ দিশে আগবাঢ়িছে। আনহাতে, অৱস্থা দুৰ্বল মহাগঠবন্ধনৰ। মাত্ৰ ৩৫খন আসনতে সন্তুষ্ট থাকিলগীয়া হৈছে বিৰোধী।
-
বিহাৰৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া ৰাহুল গান্ধীৰ
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এতিয়া বিহাৰৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে। তেওঁ কয়, “মই বিহাৰৰ লাখ লাখ ভোটাৰক গ্ৰেণ্ড এলায়েন্সৰ ওপৰত বিশ্বাস স্থাপন কৰা প্ৰতি মোৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো। বিহাৰৰ এই ফলাফল সঁচাকৈয়ে আচৰিত। আমি আৰম্ভণিৰে পৰাই নিৰ্বাচনত জয়ী হ’বলৈ ব্যৰ্থ হ’লোঁ। সংবিধান আৰু গণতন্ত্ৰক ৰক্ষাৰ বাবে এই যুঁজখন। কংগ্ৰেছ দল আৰু ভাৰতৰ মিত্ৰজোঁটে এই ফলাফল পুংখানুপুংখভাৱে পৰ্যালোচনা কৰি গণতন্ত্ৰ ৰক্ষাৰ বাবে তেওঁলোকৰ প্ৰচেষ্টা অধিক ফলপ্ৰসূ কৰি তুলিব।”
-
-
নীতিশ কুমাৰৰ গাঁৱত এক উৎসৱমুখৰ পৰিৱেশ
বিহাৰ বিধানসভা নিৰ্বাচনত এন ডি এৰ বিজয় উদযাপন কৰাৰ সময়তে নালন্দা জিলাৰ নীতিশ কুমাৰৰ গাঁৱত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। নিৰ্বাচনী সফলতাত এইদৰে আনন্দ প্ৰকাশ কৰিছে সমৰ্থকসকলে।
VIDEO | Nalanda: A festive atmosphere prevails in Nitish Kumar’s village in Nalanda district as residents celebrate the NDA’s victory in the Bihar Assembly elections. Supporters gather with drums, colours, and sweets, expressing joy and pride at the electoral success.
(Full… pic.twitter.com/yOZXskrTG4
— Press Trust of India (@PTI_News) November 14, 2025
-
বিহাৰৰ ফলাফলক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া
অসম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় , “উন্নয়নৰ অবিৰত যাত্ৰা আৰু সুশাসনত সমৰ্থনত বিহাৰবাসীয়ে এন ডি এ মিত্ৰজোঁটৰ সপক্ষে ভোটদান কৰাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।”
লগতে তেওঁ কয়, “বিহাৰৰ ৰাইজৰ এই আস্থা আৰু বিশ্বাসে বিহাৰক ভৱিষ্যতৰ সময়ত নতুনকৈ অধিক শক্তিশালী ৰূপত জিলিকাই তুলিব। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিহাৰৰ মাননীয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ডাবল ইঞ্জিন চৰকাৰে বিহাৰৰ জনগণৰ আশা-আকাংক্ষা পূৰণৰ জৰিয়তে ৰাজ্যখনক সমৃদ্ধিৰ দিশত আগুৱাই লৈ যাব।”
-
বিহাৰৰ সম্ভাৱনীয়তা বিশ্বই দেখিব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিশ্বই বিহাৰৰ সম্ভাৱনা দেখিব। বিহাৰে অধিক ক্ষীপ্ৰ গতিত অগ্ৰগতি লাভ কৰিব। বিহাৰৰ নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছৰে পৰা আতংকিত হৈ পৰিছে আৰজেডি। বিহাৰৰ জনসাধাৰণে মিছলীয়াক পৰাস্ত কৰিছে। বিনিয়োগৰ বাবে সাজু হৈছে বিহাৰ।
-
বাক্সাৰত আনন্দ মিশ্ৰৰ বৃহৎ জয়লাভ
আই পি এছৰ চাকৰি এৰি ৰাজনীতিত যোগ দিয়া আনন্দ মিশ্ৰই বিহাৰ নিৰ্বাচনত জয়লাভ কৰিছে। বিহাৰৰ বাক্সাৰ সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল আনন্দ মিশ্ৰই। তেওঁ মুঠ ভোট ৮৪৯০১ টা ভোট লাভ কৰে। আনন্দ মিশ্ৰৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ সঞ্জয় কুমাৰ তিৱাৰীয়ে মুঠ ৫৬৫৪৮ টা ভোট লাভ কৰে। নিৰ্বাচন আয়োগে ঘোষণা কৰা ফলাফল অনুসৰি ২৮৩৫৩ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে আনন্দ মিশ্ৰই।
-
বিহাৰত এতিয়া তুষ্টিকৰণৰ কোনো স্থান নাই- প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰিছে যে বিহাৰত এতিয়া তুষ্টিকৰণৰ কোনো স্থান নাই। বিহাৰে নিৰ্দ্বিধায় ঘোষণা কৰিছে যে জনসাধাৰণে জামিনত থকাসকলক সমৰ্থন নকৰে। বিহাৰে প্ৰমাণ কৰিছে যে জনসাধাৰণৰ আস্থা প্ৰধান। নতুন চৰকাৰৰ সৈতে এন ডি এ এতিয়া বিহাৰত ২৫ বছৰৰ সোণালী যাত্ৰাৰ দিশে আগবাঢ়িছে। বিহাৰে নিশ্চিত কৰিছে যে জংঘলৰাজ কেতিয়াও বিহাৰৰ এই মহান ভূমিলৈ ঘূৰি নাহে। আজি এই বিজয় আৰজেডিৰ শাসনৰ অধীনত বছৰ বছৰ ধৰি জংঘলৰাজৰ আতংক সহ্য কৰা বিহাৰৰ মাতৃ, ভগ্নী, কন্যাৰ। এই জয় বিহাৰৰ যুৱক-যুৱতীসকলৰ যিসকলৰ ভৱিষ্যত কংগ্ৰেছৰ আতংক আৰু ৰঙা পতাকাৰে ধ্বংস কৰি পেলাইছিল।
-
আজি কেৱল এন ডি এৰ জয় নহয়, গণতন্ত্ৰৰ বাবেও জয়- মোদী
বিহাৰৰ নিৰ্বাচনত বিৰোধীৰ MY ফৰ্মুলা বিফল হ’ল বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। অৱশ্যে আমাৰ MY সূত্ৰ অৰ্থাৎ মহিলা আৰু যুৱক-যুৱতীৰ সূত্ৰ সফল হৈছে। বিহাৰবাসীক আন্তৰিকতাৰে অভিনন্দন জনাইছো। আমি বিহাৰক নতুন উচ্চতালৈ লৈ যাম। নীতিশ কুমাৰে বিহাৰত উৎকৃষ্ট নেতৃত্ব প্ৰদান কৰিছে।
“আজি কেৱল এন ডি এৰ জয় নহয়, গণতন্ত্ৰৰ বাবেও জয়। এই নির্বাচনে ভাৰতৰ নির্বাচন আয়োগৰ প্রতি জনসাধাৰণৰ আস্থা আৰু অধিক মজবুত কৰিছে ৷ বিগত কেইবছৰমানৰ তুলনাত ভোটাৰৰ হাৰ অধিক হোৱাটো নিৰ্বাচন আয়োগৰ বাবে এক উল্লেখযোগ্য কৃতিত্ব। পূৰ্বে মাওবাদী সন্ত্ৰাসৰ আধিপত্য থকা এইখনেই বিহাৰ, য’ত নক্সাল প্ৰভাৱিত অঞ্চলত ভোটদানৰ অন্ত পৰিছিল বিয়লি ৩ বজাত। এইবাৰ বিনা ভয়েৰে বিহাৰৰ মানুহে উৎসাহ আৰু উত্তেজনাৰে ভোটদান কৰিলে, এক উৎসৱৰ দৰে।” মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে আৰু কয়, “জংঘলৰাজৰ সময়ত বিহাৰত আগতে কি হৈছিল আপোনালোকে জানে। আগতে ভোটকেন্দ্ৰত মুকলিকৈ হিংসা সংঘটিত হৈছিল। বেলট বাকচ লুটপাত হৈছিল। আজি একেখন বিহাৰতে অভিলেখ সৃষ্টি কৰিছে ভোটাৰৰ ভোটদানৰ হাৰ। শান্তিপূৰ্ণভাৱে ভোটদান কৰি আছে। সকলোৰে ভোট ৰেকৰ্ড কৰা হ’ল, সকলোৱে নিজৰ পছন্দ অনুসৰি ভোট দিলে। পুনৰ ভোটদানৰ পৰিসংখ্যায়ো এই পৰিৱৰ্তনৰ সাক্ষ্য দিয়ে। ২০০৫ চনৰ আগতে শ শ ঠাইত পুনৰ ভোটগ্ৰহণ কৰা হৈছিল। ১৯৯৫ চনত প্ৰতি হাজাৰ ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ কৰিব লগা হৈছিল। ইয়াৰ পিছত দুটা পৰ্যায়ৰ নিৰ্বাচনত ক’তো পুনৰ ভোটদানৰ প্ৰয়োজন নাছিল।”
-
আমি বিহাৰৰ জনতাৰ হৃদয় জয় কৰিছোঁ- মোদী
“জয় ষঠী মাইয়া” শ্লোগানেৰে ভাষণৰ আৰম্ভণি কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয়, “এই গুঞ্জৰিত বিজয় আৰু অদম্য বিশ্বাসেৰে বিহাৰৰ জনসাধাৰণে একেবাৰে পৃথিৱীখনক আন্দোলিত কৰিছে। আমি জনসাধাৰণৰ সেৱক। আমি তেওঁলোকৰ কষ্টৰে তেওঁলোকক আনন্দিত কৰি আছো। আমি তেওঁলোকৰ হৃদয় জয় কৰি লৈছো। সেয়েহে আজি সমগ্ৰ বিহাৰে ঘোষণা কৰিছে যে আকৌ এবাৰ এন ডি এ চৰকাৰ হ’ব।”
“বিহাৰ নিৰ্বাচনৰ সময়ত জংগলৰাজ আৰু “কট্টৰ” চৰকাৰৰ কথা কওঁতে আৰজেডিয়ে কেতিয়াও আপত্তি কৰা নাছিল যদিও কংগ্ৰেছ দলক গভীৰভাৱে ক্ষুন্ন কৰিছিল। আজি পুনৰ ক’ব বিচাৰিছো যে “কট্টৰ” চৰকাৰ ঘূৰি নাহে। বিহাৰৰ জনসাধাৰণে এখন উন্নত বিহাৰক ভোট দিছে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিহাৰৰ ৰাইজক অভিলেখ সংখ্যক ভোট দিবলৈ আহ্বান জনাইছিলো, আৰু বিহাৰৰ ৰাইজে সকলো অভিলেখ ভংগ কৰিছে।” মোদীয়ে কয়।
-
এন ডি এৰ বিজয়যাত্ৰাৰ বাবে বিহাৰৰ জনতাক কৃতজ্ঞতা জেপি নাড্ডাৰ
বিজেপিৰ মুখ্য কাৰ্যালয়ত জনসাধাৰণক সম্বোধন কৰি দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই কয় যে বিহাৰৰ জনসাধাৰণে নিৰংকুশ সংখ্যাগৰিষ্ঠতা প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীৰ বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰিছে। এই নিৰ্বাচনত আমি সমাজৰ সকলো শ্ৰেণীৰ আশীৰ্বাদ লাভ কৰিলোঁ। ইফালে মহাজোটে সমাজক বিভাজিত কৰি ৰাজনীতি কৰি আছিল। তেওঁলোকে বিহাৰীৰ সমৰ্থনত নহয় অনুপ্ৰৱেশকাৰীৰ সহায়ত বিহাৰ চলাব বিচাৰিছিল আৰু তেওঁলোকক সমৰ্থন কৰিছিল। বিহাৰৰ জনসাধাৰণে জাতীয়তাবাদী শক্তিৰ সৈতে সংহতি প্ৰদৰ্শন কৰিছে।
জে পি নাড্ডাই আৰু কয় যে মহাজোটে প্ৰতিটো খোজতে বিহাৰৰ জনসাধাৰণক অপমান কৰিছিল। সমগ্র নির্বাচন প্রক্রিয়াটোলৈ চালে ভোটাৰক অপমান কৰিলে ৷ আনকি প্ৰধানমন্ত্ৰী মোদীৰ বিৰোধিতা কৰিও তেওঁলোকে ষঠী মাইয়াক অপমান কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। প্ৰধানমন্ত্ৰী মোদীৰ প্ৰয়াত মাতৃক অপমান কৰাৰ পৰাও বিৰত নাথাকিল। বিহাৰৰ ৰাইজে এনে লোকক উপযুক্ত উত্তৰ দিছে। ৰাজ্যৰ যুৱক-যুৱতী আৰু কৃষকৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিছে।
-
দিল্লীৰ বিজেপিৰ কাৰ্যালয়ত উৎসৱমুখৰ পৰিৱেশ
দিল্লীৰ বিজেপি কাৰ্যলয়ত উৎসৱমুখৰ পৰিৱেশ। প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহ, জে পি নাড্ডা সকলো উপস্থিত বিজেপি কাৰ্যালয়ত। দেখা গৈছে বিজেপি কৰ্মীৰ হৰ্ষোল্লাস।
#WATCH | Prime Minister Narendra Modi receives a warm welcome as he arrives at the party headquarters in Delhi
The National Democratic Alliance (NDA) is set to secure a historic win in Bihar#BiharElection2025 pic.twitter.com/8fsAVzM3Pq
— ANI (@ANI) November 14, 2025
-
বিহাৰৰ ৰাইজৰ জনাদেশক আদৰণি ওৱেইছিৰ
বিহাৰৰ নিৰ্বাচনত AIMIM-এ ৪খন আসন জয়লাভ কৰাৰ লগতে এখন আসনত অগ্ৰগতি লাভ কৰি আছে। এই সন্দৰ্ভত দলৰ মুৰব্বী আছাদুদ্দিন ওৱেইচিয়ে কয়, “মই বিহাৰৰ জনসাধাৰণক AIMIMক ভোট দিয়াৰ বাবে ধন্যবাদ জনাইছো। লগতে সেই ৫ খন আসনৰ বাবে সকলো প্ৰাৰ্থী আৰু দলৰ সদস্যক ধন্যবাদ আৰু অভিনন্দন জনাইছো। তেওঁলোকে যথেষ্ট কষ্ট কৰিলে। বিহাৰৰ জনসাধাৰণৰ আদেশ আমি মানি লৈছোঁ। লগতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰক ধন্যবাদ জনাইছো। আমি সীমাঞ্চলৰ কল্যাণৰ বাবে কাম কৰিম… মই সদায় কৈ আহিছিলোঁ যে আৰজেডিয়ে বিজেপিক ৰোধ কৰিব নোৱাৰে। এম-ৱাইৰ সংমিশ্ৰণক লৈ বিহাৰৰ জনসাধাৰণক বিপথে পৰিচালিত কৰা হৈছিল, আৰু মই তেওঁলোকক এই ফেচিষ্ট শক্তিক ভোট নিদিবলৈ আহ্বান জনাব বিচাৰিছো।”
#WATCH | Hyderabad, Telangana | On AIMIM winning 4 seats and leading on 1 in the #BiharElections, party Chief Asaduddin Owaisi says, “I want to thank the people of Bihar for voting for AIMIM. I also want to thank and congratulate all the candidates and party members on those 5… pic.twitter.com/KPEjsBX8Ha
— ANI (@ANI) November 14, 2025
-
বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত শ্বাহ-নাড্ডা
বিহাৰ নিৰ্বাচনত এনডিএ আৰু ব্যক্তিগতভাৱে বিজেপি দলে চমকপ্ৰদ প্ৰদৰ্শন কৰাত আনন্দিত দলটোৰ নেতাসকল। ইতিমধ্যে বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছেগৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু বিহাৰ নিৰ্বাচনৰ প্ৰভাৰী ধৰ্মেন্দ্ৰ প্ৰধান।
-
বাক্সাৰত জয়ৰ দিশে আনন্দ মিশ্ৰ
বাক্সাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী আনন্দ মিশ্ৰ জয়ৰ নিচেই কাষ চাপিছে। অন্তিম ৰাউণ্ডৰ গণনাত কংগ্ৰেছ প্ৰাৰ্থী সঞ্জয় কুমাৰ তিৱাৰীতকৈ প্ৰায় ২৮৩৫৩ টা ভোটত আগুৱাই আছে প্ৰাক্তন আইপিএছগৰাকী।
-
তেজস্বী আজি ব্যৰ্থ; আনকি আমাৰ পৰাজয়তো জয়ী জনসাধাৰণ: তেজ প্ৰতাপ যাদৱ
বিহাৰৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত জনশক্তি জনতা দলৰ মুৰব্বী তেজ প্ৰতাপ যাদৱে প্ৰকাশ কৰিছে এক বিবৃতি। তেওঁ উল্লেখ কৰিছে, “আমাৰ পৰাজয়তো ৰাইজৰ জয় লুকাই আছে। আজিৰ ফলাফলক মই জনাদেশ হিচাপে মানি লওঁ। পৰাজয়তো আমি জয়ী হৈছো, কাৰণ বিহাৰে স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে ৰাজনীতি আৰু নেপটিজিমৰ বিষয় নহয়, বৰঞ্চ সুশাসন আৰু শিক্ষাৰ বিষয় হ’ব।”
তেওঁ কয়, “এয়া জয়চান্দৰ বাবে এক সুন্দৰ পৰাজয়। আমি ইতিমধ্যে কৈছিলোঁ যে এই নিৰ্বাচনৰ পিছত বিহাৰত কংগ্ৰেছ শেষ হ’ব, আৰু আজি কেৱল কোৱা নহয়, স্পষ্টকৈ দেখা গৈছে! ৰাইজৰ মৰম, বিশ্বাস, আশীৰ্বাদ মোৰ লগত আছে বাবে হাৰি যোৱাৰ পিছতো মই জয়ী হৈছো। কিন্তু সত্যটো তিক্ত। এই জয়চান্দসকলে আৰজেডিক ভিতৰৰ পৰা নষ্ট কৰি পেলাইছে। সেইবাবেই তেজস্বী আজি বিফল হৈছে!”
-
‘উন্নত বিহাৰ’ত বিশ্বাসী প্ৰতিজন বিহাৰীৰ এই জয়: অমিত শ্বাহ
“ভাৰতৰ নিৰাপত্তা আৰু সম্পদ শোষণ কৰা অনুপ্ৰৱেশকাৰী আৰু তেওঁলোকৰ সমৰ্থকসকলৰ বিৰুদ্ধে মোদী চৰকাৰৰ নীতিৰ প্ৰতি বিহাৰৰ জনসাধাৰণৰ প্ৰতিটো ভোট বিশ্বাসৰ প্ৰতীক। ভোট বেংকৰ স্বাৰ্থৰ বাবে অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়াসকলক জনসাধাৰণে উপযুক্ত উত্তৰ দিছে। বিহাৰৰ জনসাধাৰণে সমগ্ৰ দেশৰ আৱেগ প্ৰতিফলিত কৰিছে: ভোটাৰ তালিকা শুদ্ধিকৰণ অতি প্ৰয়োজনীয়, আৰু ইয়াৰ বিৰুদ্ধে ৰাজনীতিৰ কোনো স্থান নাই। সেইবাবেই ৰাহুল গান্ধীৰ নেতৃত্বত গঠিত কংগ্ৰেছ দল আজি বিহাৰত শেষ স্থানলৈ নামি আহিছে।” কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।
यह ‘विकसित बिहार’ में विश्वास रखने वाले हर बिहारवासी की जीत है।
जंगलराज और तुष्टीकरण की राजनीति करने वाले किसी भी भेष में आएँ, उन्हें लूटने का मौका नहीं मिलेगा। जनता अब सिर्फ और सिर्फ ‘Politics of performance’ के आधार पर जनादेश देती है।
श्री @narendramodi जी, श्री @NitishKumar…— Amit Shah (@AmitShah) November 14, 2025
তেওঁ আৰু কয়, “জ্ঞান, কঠোৰ পৰিশ্ৰম, গণতন্ত্ৰৰ ৰক্ষক বিহাৰৰ জনসাধাৰণলৈ লাখ লাখ প্ৰণাম। বিহাৰৰ জনসাধাৰণৰ পৰা এন ডি এলৈ এই জনাদেশ হৈছে এন ডি এৰ উন্নয়ন, মহিলাৰ সুৰক্ষা, সুশাসন, আৰু বিহাৰৰ দৰিদ্ৰ লোকৰ কল্যাণৰ প্ৰতি থকা দায়বদ্ধতাৰ ৰাজহুৱা সমৰ্থন। বিগত ১১ বছৰত প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ বাবে উদাৰতাৰে কাম কৰি আহিছে, আৰু নীতিশ কুমাৰে বিহাৰক জংঘলৰাজৰ অন্ধকাৰৰ পৰা উলিয়াই আনিবলৈ কাম কৰিছে। এই জনাআদেশ ‘উন্নত বিহাৰ’ৰ প্ৰতি দায়বদ্ধতাৰ বাবে।”
बिहारवासियों का एक-एक वोट भारत की सुरक्षा और संसाधनों से खेलने वाले घुसपैठियों और उनके हितैषियों के खिलाफ मोदी सरकार की नीति में विश्वास का प्रतीक है। वोटबैंक के लिए घुसपैठियों को बचाने वालों को जनता ने करारा जवाब दिया है।
बिहार की जनता ने पूरे देश का मूड बता दिया है कि मतदाता…
— Amit Shah (@AmitShah) November 14, 2025
শ্বাহে লগতে কয়, “‘উন্নত বিহাৰ’ত বিশ্বাসী প্ৰতিজন বিহাৰীৰ এই জয়। জংঘলৰাজ আৰু তুষ্টিকৰণৰ ৰাজনীতি কৰাসকলে যি বেছত নাথাকক কিয়, লুটপাতৰ সুযোগ নাপাব। জনসাধাৰণে এতিয়া কেৱল ‘পাৰফৰমেন্সৰ ৰাজনীতি’ৰ ভিত্তিত নিজৰ দায়িত্ব দিয়ে।
শ্ৰীযুত @narendramodi ডাঙৰীয়াক অভিনন্দন জনাইছো । শ্ৰী @NitishKumar জী, আৰু এন ডি এৰ সকলো নেতা আৰু কৰ্মীক অভিনন্দন। লগতে বুথ পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈকে @BJP4Bihar ৰ সকলো কৰ্মীক প্ৰণাম জনাইছো, যিসকলে নিজৰ অক্লান্ত পৰিশ্ৰমৰ জৰিয়তে এই ফলাফল বাস্তৱত পৰিণত কৰিছে। মই বিহাৰৰ জনসাধাৰণক, আৰু বিশেষকৈ আমাৰ মাতৃ-ভগ্নীসকলক আশ্বস্ত কৰিছো যে মোদী জীৰ নেতৃত্বত এন ডি এ চৰকাৰে এই আদেশ আপোনালোকে যি আশা আৰু আত্মবিশ্বাসেৰে দিছে তাতকৈও অধিক নিষ্ঠাৰে পালন কৰিব।”
ज्ञान, परिश्रम और लोकतंत्र की रक्षक ‘बिहार भूमि’ की जनता को कोटि-कोटि नमन।
बिहारवासियों द्वारा NDA को यह प्रचंड जनादेश, बिहार में विकास, महिलाओं की सुरक्षा, सुशासन और गरीब कल्याण की NDA की संकल्प सेवा पर जनता की मुहर है। पिछले 11 सालों में मोदी जी ने बिहार के लिए दिल खोलकर कार्य…
— Amit Shah (@AmitShah) November 14, 2025
-
এয়া সুশাসনৰ জয়, এই জনাদেশে আমাক কাম কৰিবলৈ ক্ষমতা প্ৰদান কৰিব: নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ নিৰ্বাচনৰ ফলাফলক সুশাসনৰ জয় বুলি অভিহিত কৰে। তেওঁ কয়, “উন্নয়নে জয়লাভ কৰিছে। জনকল্যাণৰ মনোভাৱ জয়ী হৈছে। সামাজিক ন্যায়ে জয়লাভ কৰিছে। ২০২৫ চনৰ বিধানসভা নিৰ্বাচনত এন ডি এক এক ঐতিহাসিক আৰু অভূতপূৰ্ব বিজয়ৰ আশীৰ্বাদ দিয়া বিহাৰত থকা মোৰ পৰিয়ালৰ সদস্যসকললৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এই আপ্লুত জনাদেশে আমাক জনসাধাৰণৰ সেৱা কৰিবলৈ আৰু বিহাৰৰ বাবে নৱীকৃত সংকল্পৰে কাম কৰিবলৈ শক্তিশালী কৰিব। আগন্তুক সময়ত আমি বিহাৰৰ উন্নয়ন, ইয়াৰ আন্তঃগাঁথনি বৃদ্ধি, ৰাজ্যৰ সংস্কৃতিক এক নতুন পৰিচয় দিয়াৰ বাবে কাম কৰিম। আমি নিশ্চিত কৰিম যে বিহাৰৰ যুৱক-যুৱতীসকলে যাতে এক সমৃদ্ধিশালী জীৱনৰ যথেষ্ট সুযোগ পায়।”
सुशासन की जीत हुई है।
विकास की जीत हुई है।
जन-कल्याण की भावना की जीत हुई है।
सामाजिक न्याय की जीत हुई है।
बिहार के मेरे परिवारजनों का बहुत-बहुत आभार, जिन्होंने 2025 के विधानसभा चुनावों में एनडीए को ऐतिहासिक और अभूतपूर्व जीत का आशीर्वाद दिया है। यह प्रचंड जनादेश हमें…
— Narendra Modi (@narendramodi) November 14, 2025
-
বণিয়াপুৰত বিজেপিৰ প্ৰাৰ্থী কেদাৰ নাথ সিঙৰ জয়
ছাৰণৰ বণিয়াপুৰ আসনত বিজেপি প্ৰাৰ্থী কেদাৰ নাথ সিঙে জয়লাভ কৰিছে। কেদাৰ নাথে ৯৫,৬০৬টা ভোট লাভ কৰাৰ বিপৰীতে নিকটতম প্ৰতিদ্বন্দ্বী আৰজেডিৰ চান্দনী দেৱীয়ে ৮০,১৭০টা ভোট লাভ কৰে।
-
আমোৰত AIMIMৰ আখতাৰুল ইমানৰ জয়লাভ
২৭ নং ৰাউণ্ডৰ গণনাত আমোৰ বিধানসভাৰ আসনত ৩৮,৯২৮ টা ভোটত জয়লাভ কৰে AIMIM ৰ আখতাৰুল ইমানে। তেওঁ ১ লাখ ৮৩৬ টা ভোট লাভ কৰাৰ বিপৰীতে জে ডি ইউৰ ছাবা জাফৰে ৬১,৯০৮ টা আৰু কংগ্ৰেছৰ আব্দুল জলিল মাস্তানে ৫২,৭৯১ টা ভোট লাভ কৰে।
-
বিহাৰৰ নিৰ্বাচনে প্ৰভাৱ পেলাব অসমৰ নিৰ্বাচনত- অতুল বৰা
বিহাৰত এন ডি এই সংখ্যাগৰিষ্ঠতাৰ সংখ্যা অতিক্ৰম কৰাৰ সন্দৰ্ভত অসমৰ মন্ত্ৰী অতুল বৰাই কয়, “বিহাৰত এন ডি এই জয়লাভ কৰিছে, এই বিষয়ত মই অতি সুখী, কাৰণ আসম গণ পৰিষদ বিজেপিৰ মিত্ৰ। বিহাৰৰ ৰাইজক ধন্যবাদ জনাইছো। বিহাৰৰ জনসাধাৰণে প্ৰধানমন্ত্ৰী মোদী, কেন্দ্ৰীয় চৰকাৰ আৰু বিহাৰৰ মুখ্যমন্ত্ৰীয়ে যি কৰিছে তাক মানি লৈছে। অসমকে ধৰি কিছুমান ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ’বলৈ গৈ আছে, আৰু এইটোৱে নিশ্চিতভাৱে প্ৰভাৱ পেলাব।”
#WATCH | Golaghat: On NDA crossing majority figure in Bihar, Assam Minister Atul Bora says, “…The NDA is winning in Bihar, I am very happy about this because Asom Gana Parishad is BJP’s ally… I thank the people of Bihar. The people of Bihar have accepted what Prime Minister… pic.twitter.com/TI0T1N8tx7
— ANI (@ANI) November 14, 2025
-
Bihar Election Results: বিজেপিৰ হাতত পৰাস্ত বিআইপিৰ ৰণকৌশল
লাউৰিয়া সমষ্টিত বিজেপিৰ বিনয় বিহাৰীয়ে বিকাশশীল ইনছান পাৰ্টীৰ প্ৰাৰ্থী ৰণকৌশল প্ৰতাপ সিঙক ২৬৯৬৬ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।
-
বিজেপিৰ অৰুণ কুমাৰ সিং আৰু জেডিইউৰ অৰুণ মাজিৰ জয়
মাছাউৰ্হিত জেডিইউৰ অৰুণ মাঝিৰ জয়লাভ। ৭৬৪৩ টা ভোটত পৰাস্ত আৰজেডিৰ ৰেখা দেৱী। ইফালে বাৰুৰাজ সমষ্টিত বিজেপিৰ অৰুণ কুমাৰ সিঙৰ জয়লাভ। বিকাশশীল ইনছান পাৰ্টীৰ ৰাকেশ কুমাৰ ২৩০৯৫ টা ভোটত পৰাস্ত।
-
NDA leading in Bihar: বৰ্তমানলৈকে দুখন আসনত জয়ী বিজেপি প্ৰাৰ্থী
বিহাৰ নিৰ্বাচনত ব্যাপক অগ্ৰগতি দেখা গৈছে এনডিএৰ। ২০০ খনতকৈও অধিক আসনত অগ্ৰগতি মিত্ৰজোঁটৰ। বৰ্তমানলৈকে বিজেপিৰ দুজনকৈ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। মধুবন সমষ্টিত ৰাণা ৰণধীৰে ৫৪৯২ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে নিকটতম প্ৰতিদ্বন্দ্বী তথা ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰাৰ্থী সন্ধ্যা ৰাণীক। আনহাতে ছাহেবগঞ্জ সমষ্টিত ৰাজু কুমাৰ সিঙে ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰাৰ্থী পৃথ্বীনাথ ৰায়ক ১৩৫২২ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।
-
Bihar Election Results: জেডিইউৰ পাঁচজনকৈ প্ৰাৰ্থীৰ জয়
বিহাৰ নিৰ্বাচনৰ ভোটগণনাত শেহতীয়া তথ্য অনুসৰি ৮১ খন আসনত অগ্ৰগতি লাভ কৰি থকাৰ বিপৰীতে ৫ খন আসনত জয়লাভ কৰিছে নীতিশ কুমাৰৰ জেডিইউ দলে। জয়ী হোৱা প্ৰাৰ্থী কেইজন হৈছে
- কল্যাণপুৰ সমষ্টিত মহেশ্বৰ হাজাৰি
- আলাউলি সমষ্টিত ৰাম চন্দ্ৰ সাদা
- হৰনাউট সমষ্টিত হৰি নাৰায়ণ সিং
- মোকামা সমষ্টিত অনন্ত কুমাৰ সিং
- বেলাগঞ্জ সমষ্টিত মনোৰমা দেৱী
-
Bihar Election results: বিহাৰত এন ডি এৰ নিজা অভিলেখ ভংগ
বিহাৰত নিজৰ অভিলেখ ভংগ কৰিলে এন ডি এই। ২০৮খন আসনত আগবাঢ়ি আছে এনডিএ। ইয়াৰ পূৰ্বে ২০১০ চনত ২০৬খন আসন লাভ কৰিছিল। ইফালে কংগ্ৰেছ দলৰ প্ৰদৰ্শন অৱনতি ঘটিছে, মাত্ৰ এখন আসনত আগবাঢ়ি আছে । এই নির্বাচনত আৰজেডিৰো ফলাফল হতাশাজনক। মাত্ৰ ২৩খন আসনত আগবাঢ়ি আছে দলটো ৷
-
Bihar Election Results: কল্যাণপুৰত জেডিইউৰ প্ৰাৰ্থী মহেশ্বৰ হাজাৰিৰ জয়লাভ
কল্যাণপুৰ সমষ্টিত জেডিইউৰ প্ৰাৰ্থী মহেশ্বৰ হাজাৰিৰ জয়লাভ। ৩৮,৫৮৬ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে এনডিএৰ প্ৰাৰ্থীগৰাকীয়ে। তেওঁ মুঠ ১,১৮,১৬২ টা ভোট লাভ কৰে। তেওঁ নিকটতম প্ৰাৰ্থী চিপিআইএমএলৰ ৰঞ্জিত কুমাৰ ৰামক পৰাস্ত কৰে।
-
Bihar Election Results 2025: ৰাহুল গান্ধী য’তে যাব তাতেই কংগ্ৰেছ হাৰিব: হিমন্ত বিশ্ব শৰ্মা
বিহাৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কটাক্ষ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে ৰাহুল গান্ধী য’তেই যাব, তাতেই কংগ্ৰেছ হাৰিব। ৰাহুলক বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখ্য যে শেহতীয়া তথ্য মতে মাত্ৰ এখন আসনত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে।
-
Bihar Election Result: মাত্ৰ এখন আসনত অগ্ৰগতি কংগ্ৰেছৰ
বিহাৰ নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি মাত্ৰ ১ খন আসনত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে। ইয়াৰ বিপৰীতে AIMIM ৬ খনত, চিপিআইএমএলে ২ খন আসমত অগ্ৰগতি লাভ কৰিছে।
-
Bihar Election Result: নীতিশ কুমাৰৰ অবিহনেও সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম এন ডি এৰ
বিহাৰৰ নির্বাচনত এন ডি এই লক্ষণীয়ভাৱে ভাল প্রদর্শন কৰিছে ৷ ২০৯ খন আসনত আগবাঢ়ি আছে এন ডি এ। বিজেপিয়ে ৯৬, জেডিইউ ৮৪, এলজেপি ২০, হাম ৫, আৰু ৰাষ্ট্ৰীয় লোক মৰ্চাৰ ৪ খন আসনত আগবাঢ়ি আছে। এনডিএৰ প্ৰদৰ্শন ইমানেই আকৰ্ষণীয় যে নীতিশ কুমাৰৰ অবিহনেও সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিছে। মন কৰিবলগীয়া যে বিহাৰ বিধানসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন ১২২খন আসনৰ, এন ডি এৰ ২০৯খন আসনৰ পৰা জেডিইউৰ ৮৪খন আসন বাদ দিলেও সংখ্যাটো ১২৫খন হয়।
-
Bihar Election Results 2025: এন ডি এৰ সাফল্যৰ বাবে বিহাৰবাসীক কৃতজ্ঞতা ৰবিশংকৰ প্ৰসাদৰ
বিজেপিৰ সাংসদ ৰবিশংকৰ প্ৰসাদে কয়, “বিহাৰবাসীলৈ অভিনন্দন। তেওঁলোকে যিদৰে জাতি আৰু সম্প্ৰদায়ৰ সীমাৰ বাহিৰলৈ গৈ ভোটদান কৰিছে, সেয়া আশা আৰু বিশ্বাসৰ ভোট… জনসাধাৰণে নীতিশ কুমাৰে কৰা কাম দেখিছে। লালু প্ৰসাদৰ জংঘলৰাজকো তেওঁলোকে মনত পেলাইছে… মই গৌৰৱান্বিত যে আমাৰ বিহাৰে উন্নয়নৰ পথত খোজ দিবলৈ থিয় দিছে।”
#WATCH | #BiharElection2025 | Delhi: BJP MP Ravi Shankar Prasad says, “Congratulations to the people of Bihar. The way they have risen above the boundaries of caste and community to cast their votes, it is a vote of hope and trust… The public has seen the work done by Nitish… pic.twitter.com/Ulo9fzryOK
— ANI (@ANI) November 14, 2025
-
Bihar Election Results 2025: বিহাৰৰ জনতাক ধন্যবাদ জনালে নীতিন গাডকাৰীয়ে
বিহাৰত এন ডি এই সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰাৰ লগে লগে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কয়, “বিহাৰৰ ৰাইজে এন ডি এক যিদৰে সমৰ্থন আগবঢ়াইছে সেয়া ঐতিহাসিক। ডাবল ইঞ্জিন চৰকাৰে কৰা উন্নয়নৰ প্ৰতি বিহাৰৰ জনসাধাৰণে সমৰ্থন দেখুৱাইছে… বিগত ১০ বছৰত প্ৰধানমন্ত্ৰী মোদী আৰু নীতিশ কুমাৰৰ নেতৃত্বত কৰা কাম সফল হৈছে, আৰু জনসাধাৰণে আমাক বিজয়ী কৰি তুলিছে। বিহাৰৰ জনসাধাৰণক ধন্যবাদ জনাব বিচাৰিছো ইয়াৰৰ বাবে…”
#WATCH | #BiharAssemblyElections | Nagpur | As NDA crosses the majority mark in Bihar, Union Minister Nitin Gadkari says, “The way people of Bihar have given support to the NDA is historic. The people of Bihar have shown their support for the development done by the double-engine… pic.twitter.com/F6gpTIZVjX
— ANI (@ANI) November 14, 2025
-
২৯ হাজাৰ ভোটত অনন্ত সিঙৰ জয়!
মকামাৰ পৰা অনন্ত সিঙে প্ৰায় ২৯ হাজাৰ ভোটত জয়লাভ কৰিছে। অৱশ্যে এতিয়াও আনুষ্ঠানিক ঘোষণা বাকী আছে। তেওঁ জে ডে ইউৰ প্ৰাৰ্থী। ইতিমধ্যে অনন্ত সিঙৰ সমৰ্থকসকলে তেওঁৰ বাসগৃহত ভিৰ কৰিছে।
-
পিছ পৰি ৰৈছে তেজস্বী যাদৱ…
পিছ পৰি ৰৈছে আৰজেডি নেতা তেজস্বী যাদৱ। ৰাঘোপুৰত আগবাঢ়ি আছে বিজেপিৰ সতীশ কুমাৰ। ১০ ৰাউণ্ড গণনাৰ অন্তত সতীশ কুমাৰৰ ৪০ হাজাৰ ভোট, তেজস্বীয়ে ৩৬ হাজাৰ ভোট লাভ কৰিছে। প্ৰায় ৩২০০ ভোটত বিজেপিৰ অগ্ৰগতি।
-
সকলোকে পিছ পেলাই JDU ৰ অগ্ৰগতি…
বিহাৰৰ নিৰ্বাচনত জেডিইউৰ প্ৰদৰ্শনে সকলোৰে দৃষ্টি কাঢ়িছে। দলটোৱে ৮২খন আসনত আগবাঢ়ি আছে। এই সন্দৰ্ভত দলটোৱে স্পষ্ট কৰি দিছে যে, নীতিশ কুমাৰ বিহাৰৰ মুখ্যমন্ত্ৰী হৈ থাকিব।
-
Bihar Election Results 2025: কবীৰ দাসৰ পংক্তিৰে কংগ্ৰেছক সমালোচনা সুধাংশু ত্ৰিবেদীৰ
বিহাৰ নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীয়ে কয়, “১৫০ আৰু ১৭৫ খন আসন অতিক্ৰম কৰাৰ পিছত এতিয়া আমি ২০০ খনৰ দিশে আগবাঢ়িছো…কবীৰ দাসৰ এটা শাৰী কংগ্ৰেছৰ বাবে উদ্ধৃতি দিব বিচাৰিছো, তেওঁলোকে বুজিব লাগে যে “যেতিয়া মই কিবা বেয়া দেখিছিলো, তেতিয়া বেয়া কাকো বিচাৰি নাপালোঁ। নিজৰ মনে যি বিচাৰিলে, মই কোনো বেয়া…”
#WATCH | Delhi: On #BiharElection2025, BJP MP Sudhanshu Trivedi says, “After crossing 150 and 175 seats, we’re now moving towards 200…I would like to quote a line of Kabir Das for Congress, they should understand that “Bura jo dekhan main chala, bura na milya koi. Jo mann khoja… pic.twitter.com/F1aoMtxoo4
— ANI (@ANI) November 14, 2025
-
Bihar Election Results 2025: এইবাৰ ২০০ পাৰ এনডিএৰ
বিহাৰ নিৰ্বাচনৰ ভোটগণনা যিমানেই আগুৱাইছে এন ডি এৰ অগ্ৰগতি সিমানেই বাঢ়িবলৈ ধৰিছে। শেহতীয়া তথ্য় মতে ২০০ খন আসনত আগুৱাইছে এন ডি এ। ইফালে মহাজোটবন্ধনে মাত্ৰ ৩৯ খন আসনত অগ্ৰগতি লাভ কৰিছে। দুৰ্ভাগ্যজনকভাৱে কংগ্ৰেছ আৰু AIMIM অগ্ৰগতিৰ আসনৰ সংখ্যা হৈছে ৫ খন।
-
Bihar Election Results 2025: কংগ্ৰেছক অতিক্ৰম ওৱেইছিৰ AIMIMৰ
বিহাৰৰ নিৰ্বাচনত বিপৰ্যয়জনক পৰিস্থিতিৰ সন্মুখীন হৈছে কংগ্ৰেছ। পাঁচখন আসনতো অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা নাই দলটোৱে। মাত্ৰ চাৰিখন আসনত আগবাঢ়ি আছে কংগ্ৰেছ। ইফালে, পাঁচখন আসনত আগবাঢ়ি আছে ওৱাইছিৰ AIMIM। মুঠতে ৮৮খন আসনত বিজেপি, ৭৯খন আসনত জেডিইউ, ৩১খন আসনত আৰজেডি, ২১খন আসনত এলজেপি, ১খন আসনত হাম, ১খন আসনত বিএছপিয়ে আগবাঢ়ি আছে।
-
Bihar Election Results 2025: দুৰ্বল প্ৰদৰ্শনৰ বাবে SIR ক দোষাৰোপ অখিলেশ যাদৱৰ
“নিৰ্বাচনী ষড়যন্ত্ৰ ফাদিল” বিহাৰ নিৰ্বাচনত মহাজোটবন্ধনৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে SIR ক দোষাৰোপ কৰে সমাজৱাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে। শেহতীয়া তথ্য় অনুসৰি এন ডি এই ১৯৯ খন, মহাজোটে ৩৯ খনত অগ্ৰগতি লাভ কৰিছে।
“Electoral conspiracy exposed,” Akhilesh Yadav blames SIR for Gathbandhan’s poor show in Bihar polls
Read @ANI Story | https://t.co/F9UvMOHzr4#AkhileshYadav #blames #SIR #MGB #poorshow #BiharElection2025 #BiharElections #Bihar #BiharAssemblyPolls… pic.twitter.com/AURpUKvi4y
— ANI Digital (@ani_digital) November 14, 2025
-
Bihar Election Results 2025: আলিনগৰৰ বিজেপি প্ৰাৰ্থী মৈথিলীৰ প্ৰতিক্ৰিয়া
আলিনগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা গায়িকা তথা বিজেপি প্ৰাৰ্থী মৈথিলী ঠাকুৰে কয়, “এয়া সপোনৰ দৰে। মোৰ পৰা মানুহৰ বহুত আশা আছে… এইটো মোৰ বিধায়ক হিচাপে প্ৰথম কাৰ্যকাল হ’ব, আৰু মই মোৰ সমষ্টিৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিম… মই মোৰ জনসাধাৰণক তেওঁলোকৰ কন্যা হিচাপে সেৱা আগবঢ়াম… মই এতিয়াই আলিনগৰকহে দেখিছোঁ আৰু তেওঁলোকৰ বাবে কেনেকৈ কাম কৰিব পাৰিম…”
#WATCH | #BiharElection2025 | Singer and BJP candidate Maithili Thakur, who is leading from Alinagar, says, “This is like a dream. People have a lot of expectations of me… This will be my first term as an MLA, and I will do my best for my constituency… I will serve my people… pic.twitter.com/eRPaWqvzIE
— ANI (@ANI) November 14, 2025
-
Raghopur Seat Result: সলনি হৈছে দৃশ্যপট, তেজস্বীৰ অগ্ৰগতি
বিহাৰৰ ৰঘুপুৰ আসনত কিছুসময় পূৰ্বলৈকে আৰ জে ডিৰ নেতা তেজস্বী যাদৱ পিছ পৰি আছিল যদিও বৰ্তমান তেওঁ পুনৰ অগ্ৰগতি লাভ কৰিছে। বিজেপিৰ প্ৰাৰ্থী সতীশ কুমাৰতকৈ প্ৰায় ২০০ ভোটত অগ্ৰগতি তেজস্বীৰ।
-
Bihar Election Results: বক্সাৰ সমষ্টিত আনন্দ মিশ্ৰৰ অগ্ৰগতি
বিহাৰৰ বক্সাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা প্ৰাক্তন আইপিএছ আনন্দ মিশ্ৰৰ অগ্ৰগতি। কংগ্ৰেছ প্ৰাৰ্থী সঞ্জয় কুমাৰ তিৱাৰী ওৰফে মুন্না তিৱাৰীতকৈ প্ৰায় ১১৫৪৯ টা ভোটত আগুৱাই আছে আনন্দ মিশ্ৰ।
-
Bihar Election Results: নিৰ্বাচন আয়োগে প্ৰকাশ কৰা শেহতীয়া ফলাফল
বিহাৰ নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া স্থিতি প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে। অপ্ৰতিৰোধ্য গতিত আগুৱাই আছি এনডিএ। এন
ডি এ আগুৱাই আছে ১৮৮ খনত (বিজেপি ৮৫, জেডিইউ ৭৫, এলজেপি(আৰ) ২২), এইচএম ৪, আৰএলডি ২)
মহাজোঁটৰ ৫১ খনত অগ্ৰগতি (পঞ্জীয়নভুক্ত ৩৬, কংগ্ৰেছ ৬, চিপিআই(এমএল) ৭, বিৰোধী ১, চিপিআই(এম) ১)
#BiharElection2025 | Election Commission declares election trends on all 243 seats in the state.
NDA leading on 188 (BJP 85, JDU 75, LJP(RV) 22), HAMS 4, RLM 2)
Mahagathbandhan on 51 (RJD 36, Congress 6, CPI(ML)L 7, VIP 1, CPI(M) 1) pic.twitter.com/ixEagznlZQ— ANI (@ANI) November 14, 2025
-
Bihar Election Results: ৩০০০ ভোটত পিছ পৰি আছে তেজস্বী যাদৱ
মহাজোটবন্ধনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তথা আৰজেডিৰ নেতা তেজস্বী যাদৱ ৰঘুপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী সতীশ কুমাৰ যাদৱতকৈ পিছ পৰি আছে। প্ৰায় ৩০০০ ভোটত পিছ পৰি আছে তেজস্বী।
-
বিহাৰ নিৰ্বাচনৰ প্ৰাৰম্ভিক ফলাফলক দুৰ্ভাগ্যজনক আখ্যা পাপ্পু যাদৱৰ
বিহাৰ নিৰ্বাচনৰ প্ৰাৰম্ভিক ভোটগণনাৰ ছবিখনত দেখা গৈছে এনডিএই ১৯৪ খন আসনত অগ্ৰগতি লাভ কৰিছে। বিহাৰৰ পুৰ্ণিয়াৰ নিৰ্দলীয় সাংসদ পাপ্পু যাদৱে কয়, “আমি এই কথা (আৰম্ভণিৰ ধাৰা) মানি ল’ব লাগিব। বিহাৰৰ বাবে এইটো অতি দুৰ্ভাগ্যজনক। জনসাধাৰণৰ আগত মই একো ক’ব নোৱাৰো, মাত্ৰ তেওঁলোকৰ সিদ্ধান্তক আদৰণি জনাইছো, কিন্তু বিহাৰৰ বাবে এইটো দুৰ্ভাগ্যজনক…”
#WATCH | Patna, Bihar: #BiharElection2025, Independent MP from Purnea, Pappu Yadav says, “We will have to accept this (early trends). This is highly unfortunate for Bihar. I can’t say anything to the public, I just welcome their decision, but this is unfortunate for Bihar…” pic.twitter.com/5YOARBuwpY
— ANI (@ANI) November 14, 2025
-
‘টাইগাৰ অভি জিন্দা হায়’…বিজেপিৰ সাংসদ দীপক প্ৰকাশৰ মন্তব্য
এন ডি এই নিজৰ অগ্ৰগতি অব্যাহত ৰাখি সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰাৰ সময়তে বিজেপিৰ সাংসদ দীপক প্ৰকাশে কয়, “ফলাফলে প্ৰমাণ কৰিছে যে ‘টাইগাৰ অভি জিন্দা হায়’ আৰু তেওঁ এতিয়া আৰু ভাল কাম কৰিব।”
“এয়া বিহাৰৰ জনসাধাৰণৰ জয়। ইয়াত ডাবল ইঞ্জিনযুক্ত চৰকাৰ গঠন হ’ব বুলি স্পষ্ট। ইয়াৰ ভোটাৰক অভিনন্দন। মানুহে প্ৰধানমন্ত্ৰী মোদী আৰু নীতিশ কুমাৰক বিশ্বাস কৰে। বিজেপি-এনডিএৰ কৰ্মীসকলে কঠোৰ পৰিশ্ৰম কৰিছে আৰু উন্নয়নৰ গতি আৰু গতি বৃদ্ধি কৰিব…ফলাফলে প্ৰমাণ কৰিছে যে ‘টাইগাৰ অভি জিন্দা হায়’ আৰু তেওঁ এতিয়া আৰু ভাল কাম কৰিব।”
আৰজেডি নেতা সুনীল কুমাৰ সিঙৰ বক্তব্য সন্দৰ্ভত তেওঁ কয়, “এনে বক্তব্য অতি দুৰ্ভাগ্যজনক। কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত, আৰু তেওঁক জেলত ভৰোৱা উচিত।”
#WATCH | #BiharElection2025 | Patna, Bihar: As NDA continues its comfortable lead and crosses the majority mark, BJP MP Deepak Prakash says, “…The results have proven that ‘Tiger Abhi Zinda Hai’ and he will work even better now.”
“This is a victory of the public of Bihar. It… pic.twitter.com/U6dzKZaOME
— ANI (@ANI) November 14, 2025
-
Bihar Election Results: জেডিইউৰ কৰ্মীৰ মাজত ব্যাপক উল্লাস
বিহাৰ নিৰ্বাচনৰ ভোটগণনাত এনডিএ তথা ইয়াৰ অন্যতম অংশীদাৰ জেডিইউৱে ব্যাপক অগ্ৰগতি লাভ কৰিছে। ইতিমধ্যেই দসটোৰ কাৰ্যালয়ত ব্যাপক উল্লাস দেখা গৈছে কৰ্মীসকলৰ। বৰ্তমানলৈকে জেডিইউ ৭৬ খন আসনত আগবাঢ়ি আছে।
#WATCH | #BiharAssemblyElections | Supporters of Bihar CM Nitish Kumar celebrate JD(U) office in Patna.
NDA has crossed the majority mark and is leading on 185 seats (JD(U) 76, BJP 83, LJP(RV) 22, HAMS 4)
Counting of votes continues. pic.twitter.com/aAuM6VqMli
— ANI (@ANI) November 14, 2025
-
Bihar Election Results: ১১ বজালৈকে ১৯৫ খন আসনত অগ্ৰগতি এনডিএৰ
বিহাৰ নিৰ্বাচনৰ ভোট গণনা অব্যাহত আছে। ১১ বজালৈকে এনডিএই ১৯৫ খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে মহাজোট বন্ধনে অগ্ৰগতি লাভ কৰিছে ৪৫ খন আসনত। অন্যান্যই ৩ খন আসন আগুৱাই আছে। নিৰ্বাচন আয়োগৰ তথ্য মতে বিজেপিয়ে ৮২ খনত, জেডিইউৱে ৭৫ খনত, আৰজেডিয়ে ৩৫ খনত এলজেপিআৰভিয়ে ২২ খনত কংগ্ৰেছে ৭ খনত, চিপিআইএমএলে ৬ খনত, HAMS এ ৪ খনত আগুৱাই আছে।
-
Election Result 2025: ভোটত পিছ পৰিছে তেজস্বী যাদৱ
ৰঘুপুৰ সমষ্টিত আৰ জেডিৰ প্ৰাৰ্থী তথা মহাজোটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱ পিছ পৰি আছে। বিজেপি প্ৰাৰ্থী সতীশ কুমাৰতকৈ ১২০০ ভোটত পিছ পৰি আছে তেজস্বী।
-
Bihar Result 2025: জেডিইউতকৈও কম আসনত অগ্ৰগতি মহাজোটৰ
বিহাৰৰ নিৰ্বাচনত মহাজোট আৰু এন ডি এৰ প্ৰতিদ্বন্দ্বিতা আছিল যদিও ইয়াত কেৱল জেডিইউৱেই মহাজোটক অতিক্ৰম কৰা দেখা গৈছে। নীতিশ কুমাৰৰ দলটোৱে ৭০খনতকৈও অধিক আসনত আগবাঢ়ি থকাৰ বিপৰীতে মহাজোটে ৫৭খন আসনত আগবাঢ়ি আছে।
-
নীতিশৰ শক্তিৰ আগত দুৰ্বল মহাজোঁট…
বিহাৰ নিৰ্বাচনত মহাজোঁট আৰু এনডিএৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা আছিল। এতিয়া কেৱল জেডিইউয়ে গ্ৰেণ্ড এলায়েন্সক আঘাত দিয়াৰ পিনে আগবাঢ়িছে। নীতিশ কুমাৰৰ দলটোৱে ৭০খনতকৈও অধিক আসনত আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে মহাজোঁটে কেৱল ৫৭ খন আসনত অগ্ৰগতি লাভ কৰিছে।
-
সঁচা হ’ব নেকি অমিত শ্বাহৰ ভৱিষ্যদ্বাণী?
বিহাৰ নিৰ্বাচৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল যে, “অবকি বৰ ১৬০ পাৰ”। বৰ্তমানৰ গণনালৈ চাই তেওঁৰ সেই ভৱিষ্যতদ্বাণী সঁচা হ’ব বুলি ক’ব পাৰি। নিৰ্বাচনৰ আয়োগৰ তথ্য অনুসৰি, ১৬০ খনতকৈও অধিক আসনত এন ডি এ আগবাঢ়ি আছে। ইয়াৰে ৬৮ খনত বিজেপি, ৬৫ত জেডিইউ, ১৬ ত এলজেপি আৰু ৪টাত হামক আগবাঢ়ি আছে।
-
পিছ পৰি আছে কংগ্ৰেছ…
নিৰ্বাচনী আয়োগৰ তথ্য অনুসৰি, বিজেপিয়ে ৪৪খন, জেডিইউয়ে ৪৩খন, আৰজেডিয়ে ২৪খন, এলজেপিয়ে ১২খন, আৰু কংগ্ৰেছে ৬খন আসনত আগবাঢ়ি আছে।
-
Bihar Result Live: কংগ্ৰেছৰ অৱস্থা বেয়া
বিহাৰৰ বিজেপিৰ সভাপতি দিলীপ জয়ছৱালে বিহাৰৰ মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত সাংবিধানিক পদ্ধতিৰে হ’ব বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে, ভোট চুৰিৰ বিষয়টোৱে গ্ৰেণ্ড এলায়েন্সক ডুবাই পেলালে।
-
Bihar Election Result: নিৰ্বাচন আয়োগে কি ক’লে?
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ২১খন আসনত বিজেপি, ১৬খন আসনত JDU, ৮খন আসনত RJD, ৪খন আসনত LJP, ৩খন আসনত কংগ্ৰেছ আৰু ১খন আসনত চিপিআই আগবাঢ়ি আছে।
-
বিহাৰ বিজেপিৰ সভাপতিৰ মন্তব্য…
বিহাৰ বিজেপিৰ সভাপতি জৈছৱালে কয় যে, বিহাৰত এন ডি এ চৰকাৰ গঠন হ’ব। নিৰ্বাচন চলি থকাৰ সময়তে গম পোৱা গৈছিল যে জনতাই এন ডি এ চৰকাৰ বিচাৰে।
#WATCH | Bihar Assembly Elections Results | BJP State President Dilip Jaiswal says, "It was evident from the faces of the public that NDA is getting a mandate this time. NDA is going to form the government again. The leaders of NDA have put in a lot of effort, whether it is… pic.twitter.com/gLOaDcKge2
— ANI (@ANI) November 14, 2025
-
নিৰ্বাচন আয়োগৰ তথ্য…
বিহাৰ নিৰ্বাচনৰ ভোট গণনা সন্দৰ্ভত নিৰ্বাচন আয়োগে তথ্য জাৰি কৰিছে। সেই অনুসৰি, এতিয়ালৈকে ২১খন আসনত বিজেপি, ১৬খন আসনত জেডিইউ, ৮খন আসনত আৰজেডি, ৪খন আসনত এলজেপি, ৩ খন আসনত কংগ্ৰেছ আৰু ১খন আসনত চিপিআই আগবাঢ়ি আছে। বৰ্তমান চলি আছে ভোট গণনা প্ৰক্ৰিয়া।
-
কোনে কিমান আগবাঢ়ি আছে…
বৰ্তমান পৰ্যন্ত NDA সংখ্যাগৰিষ্ঠতা লাভ কৰা দেখা গৈছে। ১২৬ খন আসনত এন ডি এ আগবাঢ়ি আছে, ইফালে ১০৩ খন আসনত আগবাঢ়িছে মহাজোঁটে। সংখ্যা গৰিষ্ঠতাৰ বাবে আসনৰ প্ৰয়োজন ১২২ খন। অৱশ্যে যিকোনো মুহূৰ্ততে সলনি হ’ব পাৰে দৃশ্যপট। সকলোৰে চকু এতিয়া বিহাৰ নিৰ্বাচনৰ ওপৰত।
-
চাওক প্ৰতিটো মুহূৰ্তৰ ডাঙৰ খবৰ…
-
আৰম্ভ EVM ৰ ভোট গণনা প্ৰক্ৰিয়া…
আৰম্ভ ই ভি এমৰ ভোট গণনা প্ৰক্ৰিয়া। ই ভি এম খোলাৰ লগে লগে কংগ্ৰেছ আৰু আৰজেডিয়ে বিশেষ অগ্ৰগতি লাভ কৰে। কংগ্ৰেছে ১৫ খন আৰু আৰ জে ডিয়ে ৬৮ খন আসনত অগ্ৰগতি লাভ কৰিছে। উল্লেখ্য যে, এতিয়ালৈকে এন ডি এ ১২০ খন আৰু মহাজোঁটে ৯৪ খন আসনত অগ্ৰগতি লাভ কৰি আছে। প্ৰতি মিনিটৰ মূৰে মূৰে সলনি হৈছে দৃশ্যপট।
-
BJP-RJD ৰ মাজত তীব্ৰ যুঁজ…
বৰ্তমানলৈ এন ডি এ ৭০খন আসনত আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে মহাজোঁটে ৪৩ খন আসনত আগবাঢ়ি আছে। কিন্তু বিজেপি আৰু আৰ জে ডিৰ মাজত তীব্ৰ যুঁজ দেখা গৈছে। দুয়োটা দলে ৩৫ খনকৈ আসনত আগবাঢ়ি আছে। আনহাতে চিৰাগ পাছৱানৰ এলজেপি আৰু কংগ্ৰেছৰ অৱস্থা বেয়া। দুয়োটা দলে প্ৰায় ৩ খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে।
-
কাৰ কিমান অগ্ৰগতি…
বৰ্তমান চলি আছে ভোট গণনা প্ৰক্ৰিয়া। ৮১খন আসনৰ কথা ক’বলৈ হ’লে বিজেপি আৰু আৰজেডিৰ মাজত যুঁজ দেখা গৈছে। বিজেপিয়ে ২৪খন আসনত,আৰজেডিয়ে ২৫খন আসনত আগবাঢ়ি আছে। ইফালে জেডিইউ ২৪খন আসনত,কংগ্ৰেছ ৩খন আসনত অগ্ৰগতি লাভ কৰিছে। উল্লেখ্য যে, এতিয়ালৈকে এনডিএ ৫৩খন আসনত আৰু মহাজোঁটে ৩১খন আসনত আগবাঢ়ি আছে।
-
NDA ৰ ২৩ খন আসনত অগ্ৰগতি…
NDA ৰ ২৩খন আসনত অগ্ৰগতি। আনহাতে গ্ৰেণ্ড এলায়েন্স ১৫খন আসনত আগবাঢ়ি আছে।দল অনুসৰি বিজেপিয়ে ১২খন আসনত, জেডিইউয়ে ৮খন, এলজেপিয়ে ১খন, এইচএএমই ১খন, আৰজেডিয়ে ১০খন, কংগ্ৰেছে ২খন, আৰু ভিআইপিয়ে ১খন আসনত আগবাঢ়ি আছে।
-
কি ক’লে RJD য়ে…
ভোট গণনাৰ পূৰ্বে আৰজেডিয়ে ঘোষণা কৰে যে অহা ১৮ নৱেম্বৰত তেজস্বী যাদৱে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। নীতিশ কুমাৰ আৰু এন ডি এৰ পৰাজয় নিশ্চিত। উল্লেখ্য যে, বৰ্তমান চলি আছে বিহাৰ নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া। সন্ধিয়ালৈ আহিব পাৰে চূড়ান্ত ফলাফল।
-
আৰম্ভ ভোট গণনা প্ৰক্ৰিয়া…
পুৱা ৮ বজাৰ লগে লগে বিহাৰত আৰম্ভ হয় ভোট গণনা প্ৰক্ৰিয়া। প্ৰথমে পোষ্টেল ভোট গণনা কৰা হ’ব। উল্লেখ্য যে, বিহাৰত মুখ ২৪৩ টা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন। সংখ্যাগৰিষ্ঠতাৰ নম্বৰ হৈছে ১২২।
-
পুৱা ৮ বজাৰ পৰা ভোট গণনা প্ৰক্ৰিয়া…
পুৱা ৮:০০ বজাৰ পৰা আৰম্ভ হ’ব ডাক বেলট গণনা। ডাক বেলটৰ পিছতহে ইভিএম/ভিভিপিএটি গণনা সম্পূৰ্ণ হ’ব।পুৱা ৮:৩০ বজাৰ পৰা আৰম্ভ হ’ব ইভিএম গণনা। নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে এই তথ্য। গতিকে বাঘা বাঘা নেতাৰ ভাগ্যৰ দুৱাৰ খুলিবলৈ মাজত মাত্ৰ কেইটামান ক্ষণ।