“ৰাতিৰ আন্ধাৰত দিনৰ পোহৰ” দেখিলে পাকিস্তানে, ভূজ এয়াৰবেছত বায়ুসেনাক সম্বোধন কৰি কি ক’লে প্ৰতিৰক্ষা মন্ত্ৰীয়ে ?

বৃহস্পতিবাৰে জম্মু-কাশ্মীৰ ভ্ৰমণৰ পাছত আজি গুৰাজটৰ ভূজ এয়াৰ বেছত উপস্থিত হয় দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বায়ু সেনা জোৱানসকলক সম্বোধন কৰে । ভাষণত তেওঁ বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ।

ৰাতিৰ আন্ধাৰত দিনৰ পোহৰ দেখিলে পাকিস্তানে, ভূজ এয়াৰবেছত বায়ুসেনাক সম্বোধন কৰি কি কলে প্ৰতিৰক্ষা মন্ত্ৰীয়ে ?

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

Updated On: 

16 May 2025 13:34 PM

১৯৬৪ চনৰ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়ৰ সাক্ষী আছিল ভূজ । আজি পুনৰ ভূজ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়ৰ সাক্ষী হৈ পৰিছে । শুকুবাৰে ভূজ এয়াৰ বেছত উপস্থিত হৈ এই মন্তব্য কৰে দেশৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে । তেওঁ কয়, “আজি ভূজত উপস্থিত হৈ মই গৌৰৱ অনুভৱ কৰিছো।”

উল্লেখ্য যে, বৃহস্পতিবাৰে জম্মু-কাশ্মীৰ ভ্ৰমণৰ পাছত আজি গুৰাজটৰ ভূজ এয়াৰ বেছত উপস্থিত হয় দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । কালি LoC আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰিছে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী । ইয়াৰ পিছত আজি ভূজত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বায়ু সেনা জোৱানসকলক সম্বোধন কৰে । ভাষণত তেওঁ বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ।

কি ক’লে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ?

  1. ভূজ বিমান ঘাটিত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, “ভূজ ১৯৬৫ চনত পাকিস্তানৰ বিৰুদ্ধে আমাৰ জয়ৰ সাক্ষী আছিল, আৰু আজি পুনৰ ই পাকিস্তানৰ বিৰুদ্ধে আমাৰ জয়ৰ সাক্ষী হৈ পৰিছে…ইয়াত উপস্থিত থাকি মই গৌৰৱ অনুভৱ কৰিছো।”
  2. লগতে তেওঁ কয়, “অপাৰেচন সেন্দূৰৰ সময়ত আপোনালোকে যিয়েই নকৰক কিয়, সকলো ভাৰতীয়কে গৌৰৱান্বিত কৰিছে – ভাৰতত হওক বা বিদেশত হওক। সন্ত্ৰাসবাদক চেপি ধৰিবলৈ ভাৰতীয় বায়ুসেনাৰ বাবে মাত্ৰ ২৩ মিনিট সময় যথেষ্ট আছিল।”
  3. ” কালি শ্ৰীনগৰত আমাৰ সাহসী সেনা জোৱানক লগ পাইছিলো। আজি মই ইয়াত এয়াৰ ৱাৰিয়ৰসকলক লগ পাইছো। কালি উত্তৰ অঞ্চলত আমাৰ জোৱানসকলক লগ পাইছিলো, আৰু আজি ইয়াত দেশৰ পশ্চিম প্ৰান্তত এয়াৰ ৱাৰিয়ৰ আৰু অন্যান্য নিৰাপত্তাৰক্ষীক লগ পাইছো। দুয়ো ফ্ৰণ্টৰ উচ্চ মনোভাৱ আৰু শক্তি দেখি মই উৎসাহিত অনুভৱ কৰিছো। মই নিশ্চিত যে আপোনালোকৰ বাবে ভাৰতৰ সীমান্ত সুৰক্ষিত।” এইদৰে কয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ।
  4. প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, “পাকিস্তানেও ব্ৰাহ্মছ মিছাইলৰ শক্তি মানি লৈছে। ভাৰতত নিৰ্মিত ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰই পাকিস্তানক দেখুৱাইছে ‘ৰাতিৰ আন্ধাৰত দিনৰ পোহৰ’…।”
  5. প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, “মোৰ বিশ্বাস আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰা পোৱা ধনৰ এক বৃহৎ অংশ পাকিস্তানে নিজৰ দেশৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিৰ বাবে ব্যয় কৰিব….ভাৰতে বিচাৰে আই এম এফে পাকিস্তানক পুঁজি দিয়াৰ বিষয়ে পুনৰ চিন্তা কৰক…।”
  6. প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, “মানুহে ব্ৰেকফাষ্ট কৰিবলৈ যি সময় লয়, সেই সময়সীমা আপুনি শত্ৰুৰ সৈতে মোকাবিলা কৰিবলৈ ব্যৱহাৰ কৰিছিল। আপুনি শত্ৰুৰ দেশলৈ গৈ মিছাইল নিক্ষেপ কৰিছিল। ইয়াৰ প্ৰতিধ্বনি কেৱল ভাৰতৰ সীমাত সীমাবদ্ধ নাথাকিল, সমগ্ৰ বিশ্বই শুনিছিল। সেই প্ৰতিধ্বনি কেৱল মিছাইলৰ নহয়, আপোনাৰ শৌৰ্য্যৰ আৰু… ভাৰতীয় সশস্ত্ৰ বাহিনীৰ জোৱানসকলৰ সাহস।”
  7. প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, “আমি পাকিস্তানক পৰীক্ষামূলকভাৱে ৰাখিছো। যদি তেওঁলোকৰ আচৰণ উন্নত হয়, তেন্তে ঠিক আছে, নহ’লে আটাইতকৈ কঠোৰ শাস্তি দিয়া হ’ব…।”
  8. প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, “অপাৰেচন সেন্দূৰ এতিয়াও শেষ হোৱা নাই। যিয়েই নহওক সেয়া আছিল মাত্ৰ এটা ট্ৰেইলাৰ। যেতিয়া সঠিক সময় আহিব, আমি সমগ্ৰ ছবিখন বিশ্বক দেখুৱাম।”
  9. প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, “ভাৰতীয় বায়ুসেনাই অপাৰেচন সেন্দূৰত অতি আকৰ্ষণীয় ভূমিকা পালন কৰিছিল আৰু ইয়াৰ প্ৰশংসা কেৱল দেশতে নহয়, বিশ্বৰ দেশসমূহতো কৰা হৈছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই অভিযান আমাৰ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ নেতৃত্বত। ইয়াৰ বাবে মই এয়াৰ চিফ মাৰ্শ্বাল এ পি সিং, তেওঁৰ সমগ্ৰ দল আৰু তেওঁৰ সকলো সৈনিকক ধন্যবাদ জনাইছো। “
  10. প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, “আপোনালোকে পাকিস্তানৰ মাটিত অৱস্থিত ৯টা সন্ত্ৰাসবাদী শিবিৰ কেনেকৈ ধ্বংস কৰিলে সমগ্ৰ বিশ্বই দেখিছে। পৰৱৰ্তী কাৰ্য্যত তেওঁলোকৰ বহু বিমান ঘাটি ধ্বংস কৰা হ’ল। অপাৰেচন সেন্দূৰৰ সময়ত ভাৰতীয় বায়ুসেনাই কেৱল নিজৰ শক্তি প্ৰদৰ্শন কৰাই নহয়, বিশ্ববাসীকো প্ৰমাণ কৰিলে যে এতিয়া ভাৰতৰ যুদ্ধ নীতি আৰু প্ৰযুক্তি সলনি হৈছে।”
তুৰ্কীত কিমান ভাৰতীয় লোক বাস কৰে?
ৰাছিয়া, চীন নে আমেৰিকা! কাৰ হাতত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে?
গ্ৰীষ্মকালত খালী পেটত শুকান কিচমিচ খালে স্বাস্থ্যৰ ওপৰত পৰিব পাৰে এনে প্ৰভাৱ…
আপোনাৰ মুখৰ পৰা দুৰ্গন্ধ ওলাই নেকি ? এই সমস্যা দূৰ কৰিবলৈ গ্ৰহণ কৰক ঘৰুৱা উপায়