বিপদ কালে বুদ্ধি ভ্রষ্টঃ পাকিস্তানৰ নিৰ্লজ্জ কাণ্ড, বৈষ্ণোদেৱী মন্দিৰত আক্ৰমণৰ চেষ্টা

বাৰে বাৰে ব্যৰ্থ হোৱাৰ পিছতো ভাৰতক আক্ৰমণৰ অবিৰত প্ৰচেষ্টা চলাইছে দেশখনে। আনহে নালাগে, ভাৰতৰ ধৰ্মীয় স্থানকো ৰেহাই নিদিলে পাকিস্তানে। পোহৰলৈ অহা তথ্য অনুসৰি জম্মু-কাশ্মীৰ স্থিত বৈষ্ণো দেৱী মন্দিৰত আক্ৰমণৰ চেষ্টা চলায় পাকিস্তানে।

বিপদ কালে বুদ্ধি ভ্রষ্টঃ পাকিস্তানৰ নিৰ্লজ্জ কাণ্ড, বৈষ্ণোদেৱী মন্দিৰত আক্ৰমণৰ চেষ্টা

বৈষ্ণৌ দেৱী মন্দিৰত আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

Published: 

09 May 2025 | 01:50 AM

বিপদৰ সময়ত জ্ঞান হেৰাইছে পাকিস্তানৰ। ভাৰতৰ ওপৰত আক্ৰমণৰ চেষ্টা চলাই দেশখন চূড়ান্ত ৰূপে বিধ্বস্ত হোৱাৰ উপক্ৰম হৈছে। এনে বৃথা চেষ্টাৰ পৰিণতি স্বৰূপে এতিয়া পাকিস্তান ভাৰতৰ ভয়ংকৰ প্ৰত্যাক্ৰমণৰ সন্মুখীন হৈছে। কিন্তু তাৰ পিছতো অহংকাৰ নকমিল পাকিস্তানৰ। বাৰে বাৰে ব্যৰ্থ হোৱাৰ পিছতো ভাৰতক আক্ৰমণৰ অবিৰত প্ৰচেষ্টা চলাইছে দেশখনে। আনহে নালাগে, ভাৰতৰ ধৰ্মীয় স্থানকো ৰেহাই নিদিলে পাকিস্তানে।

পোহৰলৈ অহা তথ্য অনুসৰি জম্মু-কাশ্মীৰ স্থিত বৈষ্ণো দেৱী মন্দিৰত আক্ৰমণৰ চেষ্টা চলায় পাকিস্তানে। লক্ষণীয়ভাৱে দেশখনে ইতিপূৰ্বে পাকিস্তানে পঞ্জাৱৰ স্বৰ্ণ মন্দিৰতো আক্ৰমণৰ চেষ্টা চলায়। এইবাৰ বৈষ্ণো দেৱী মন্দিৰত আক্ৰমণ কৰিবলৈও দেশখনে কুণ্ঠাবোধ নকৰিলে।

পাকিস্তানৰ আক্ৰমণৰ পিছতে জম্মু-কাশ্মীৰত হাই এলাৰ্ট জাৰি কৰা হৈছিল। পাকিস্তানৰ আক্ৰমণ আৰম্ভ হোৱাৰ লগে লগে বৈষ্ণো দেৱী মন্দিৰ ব্লেক আউট কৰি দিয়া হয়। যুদ্ধ পৰিস্থিতিৰ বাবে বৈষ্ণো দেৱী মন্দিৰ কৰ্তৃপক্ষই দৰ্শনৰ বাবে মন্দিৰটো সাময়িকভাৱে বন্ধ কৰি দিছে।

কাইলৈ ​​কমেও পুৱা ৫ বজালৈকে তীৰ্থযাত্ৰীৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। তীৰ্থযাত্ৰীসকলক নিৰাপদ আশ্ৰয় শিবিৰত আশ্ৰয় ল’বলৈ কোৱা হৈছে। মন্দিৰত অতিৰিক্ত নিৰাপত্তাও মোতায়েন কৰা হৈছে। মুঠৰ ওপৰত পাকিস্তানী আক্ৰমণ প্ৰতিহত কৰিবলৈ তথা জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সৰ্বতোপ্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...