কথমপি ৰক্ষা! উৰণৰ পিছতে বিকল এয়াৰ ইণ্ডিয়াৰ বিমানৰ ইঞ্জিন; দিল্লীত জৰুৰীকালীন অৱতৰণ
আহমেদাবাদৰ এই ভয়ংকৰ দুৰ্ঘটনাৰ হৃদয় বিদাৰক দৃশ্যই এতিয়াও কঁপাই তোলে প্ৰতিজন মানুহৰ হৃদয়। আজি পুৱা যেন তেনে এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰাই কথমপি প্ৰাণ ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়াৰ এখন বিমান। কোনো ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই অৱশ্যে পাইলটে বিমানখনৰ জৰুৰীকালীন অৱতৰণ কৰিবলৈ সক্ষম হয়।

প্ৰতিনিধিত্বমূলক ছবি
বিগত জুন মাহত আহমেদাবাদত সংঘটিত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাই জোকাৰি গৈছিল সমগ্ৰ দেশ। এই দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিছিল দুই শতাধিক লোকৰ। আহমেদাবাদৰ এই ভয়ংকৰ দুৰ্ঘটনাৰ হৃদয় বিদাৰক দৃশ্যই এতিয়াও কঁপাই তোলে প্ৰতিজন মানুহৰ হৃদয়। আজি পুৱা যেন তেনে এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰাই কথমপি প্ৰাণ ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়াৰ এখন বিমান। কোনো ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই অৱশ্যে পাইলটে বিমানখনৰ জৰুৰীকালীন অৱতৰণ কৰিবলৈ সক্ষম হয়।
এয়াৰ ইণ্ডিয়াৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়া মতে, দিল্লীৰ পৰা মুম্বাইলৈ উৰণ আৰম্ভ কৰিছিল কোম্পানীটোৰ বিমান AI887। কিন্তু বিমানখন উৰণৰ ঠিক পিছতে কাৰিকৰী সমস্যাৰ বাবে মানক পৰিচালনা পদ্ধতি অনুসৰি দিল্লী বিমানবন্দৰলৈ ঘূৰাই অনা হয় আৰু জৰুৰীকালীন অৱতৰণ কৰা হয়।
নিৰাপদ সকলো যাত্ৰী আৰু ক্ৰু মেম্বাৰ
বিমানখন নিৰাপদে দিল্লীত অৱতৰণ কৰাৰ পিছত যাত্ৰী আৰু ক্ৰু মেম্বাৰসকলক নিৰাপদে উলিয়াই অনা হয়। জানিব পৰা মতে উৰণৰ কিছু সময়ৰ পাছতে বিমানখনৰ এটা ইঞ্জিন বিকল হৈ পৰে আৰু ইয়াৰ ফলতে বিমানখনে দিল্লীলৈ উভতি যাবলৈ বাধ্য হয়।
যিহেতু টুইন ইঞ্জিনৰ বিমান এটা ইঞ্জিনত নিৰাপদে অৱতৰণ কৰিব পাৰে, সেয়েহে কোনো বিপদ নোহোৱাকৈ দিল্লীত অৱতৰণ কৰাবলৈ সক্ষম হয় পাইলটে। ফ্লাইট ট্ৰেকিং ছাইট অনুসৰি বিমানখনে পুৱা ৬:১০ বজাত মুম্বাই অভিমুখে ৰাওনা হয় আৰু প্ৰায় ৬:৫২ বজাত উভতি আহে।
কি ক’লে বিমান সংস্থাটোৱে?
এয়াৰ ইণ্ডিয়াৰ এগৰাকী মুখপাত্ৰই এই সন্দৰ্ভত কয়, “২২ ডিচেম্বৰত দিল্লীৰ পৰা মুম্বাইলৈ যোৱা AI887 বিমানখনৰ ক্ৰুৱে উৰণৰ লগে লগে কাৰিকৰী সমস্যাৰ বাবে মানক পৰিচালনা পদ্ধতি অনুসৰি দিল্লীলৈ উভতি যোৱাৰ সিদ্ধান্ত লৈছিল। বিমানখন নিৰাপদে দিল্লীত অৱতৰণ কৰা হৈছে আৰু যাত্ৰী আৰু ক্ৰুসকলক বিমানখনৰ পৰা উলিয়াই নিয়া হয়।”
এই অভাৱনীয় পৰিস্থিতিৰ বাবে এয়াৰ ইণ্ডিয়াই ক্ষমা বিচাৰিছে। বিমান সংস্থাটোৱে লগতে বিমানখনৰ প্ৰয়োজনীয় পৰিদৰ্শন চলি আছে বুলি উল্লেখ কৰে। দিল্লীত থকা এয়াৰ ইণ্ডিয়াৰ গ্ৰাউণ্ড টিমে যাত্ৰীসকলক তাৎক্ষণিক সহায় আগবঢ়াইছে আৰু তেওঁলোকৰ গন্তব্যস্থানত উপস্থিত হোৱাৰ বাবে বিকল্প ব্যৱস্থা কৰা হৈছে বুলি সদৰী কৰে।