সোণমৰ কাণ্ডত প্ৰভাৱিত মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰ, বাতিল হোটেলৰ বুকিং…

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ পাছতে প্ৰভাৱিত হৈছে মেঘালয় পৰ্যটন ক্ষেত্ৰ। জানিব পৰা মতে, বিগত সময়চোৱাত বহু পৰ্যটকে বুকিং বাতিল কৰিছে। যাৰ বাবে পৰ্যটন ক্ষেত্ৰ ক্ষতিৰ সন্মুখীন হৈছে।

সোণমৰ কাণ্ডত প্ৰভাৱিত মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰ, বাতিল হোটেলৰ বুকিং...

মেঘালয়

Published: 

11 Jun 2025 18:46 PM

ৰাজা ৰঘুবংশী হত্যাকাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছে। ৰাজাৰ হত্যাৰ ফলত দুটা পৰিয়াল প্ৰভাৱিত হোৱাই নহয়, এখন ৰাজ্যও ক্ষতিৰ সন্মুখীন হৈছে। এই ৰাজ্যখনৰ নাম মেঘালয়। কিয়নো হানিমুনৰ বাবে মেঘালয়লৈ গৈছিল সোণম আৰু ৰাজা, আৰু তাতেই ৰাজা হত্যাৰ বলি হৈছিল। ৰাজাৰ হত্যাৰ প্ৰভাৱ মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰৰ ওপৰত পৰিছে। দিনে নিশাই পৰ্যটকে ভিৰ কৰি থকা মেঘালয়ত এতিয়া পৰ্যটকৰ সংখ্যা কমি আহিছে। কিয়নো বহুতে মেঘালয়ত নিৰাপাদ নহয় বুলি ভয় খাইছে।

ৰাজাৰ হত্যাৰ পাছতে মেঘালয়ৰ বহু হোটেল বুকিং বাতিল কৰিছে। কিছুদিন পূৰ্বে এই সন্দৰ্ভত মেঘালয়ৰ একাংশ জনতাই শান্তি সমদল উলিয়াইছিল আৰু কৈছিল যে তেওঁলোকে পৰ্যটকক স্বাগতম জনায়। কিন্তু কোনো ভুল নোহোৱাকৈ মেঘালয় এতিয়া বদনাম হৈছে।

উল্লেখ্য যে, ৰাজা ৰঘুবংশীক হত্যা কৰাৰ বাবে সোণমে মেঘালয় নিৰ্বাচিত কৰিছিল। পৰিকল্পনা অনুসৰি সোণমে ৰাজাক শ্বিলঙলৈ লৈ গৈছিল। তাতেই সোণমে চুপাৰি কিলাৰৰ সহায়ত ৰাজাক হত্যা কৰিছিল। এনে অৱস্থাত ইয়াৰ প্ৰভাৱ পৰিছে মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰত।

শ্বিলঙৰ এল্পাইন হোটেলৰ মেনেজাৰ শচীনে কয় যে, এই ঘটনাৰ পাছত হোটেল ইণ্ডাষ্ট্ৰিত প্ৰভাৱ পৰিছে। ৫ ৰ পৰা ১০ শতাংশ বুকিং বাতিল হৈছে আৰু নতুন বুকিং কম হৈ আহিছে। গতিকে হোটেলৰ ক্ষেত্ৰখন কিছু পৰিমাণে ক্ষতিৰ সন্মুখীন হৈছে। শচীনে কয় যে, মেঘালয় সম্পূৰ্ণ সুৰক্ষিত আৰু এয়া কেৱল ৰাজ্যখনক বদনাম কৰাৰ ষড়যন্ত্ৰ।

মেঘালয় পৰ্যটন মঞ্চৰ কাৰ্যবাহী সদস্য কমল আগৰৱালাই কয় যে, ৰাজাৰ হত্যাৰ পাছতে মেঘালয় পৰ্যটনত যথেষ্ট প্ৰভাৱ পৰিছে। হোটেলৰ বুকিং বাতিল কৰা হৈছে। পৰ্যটন উদ্যোগৰ লোকচান হৈছে। ৰাজেশেও কয় যে মেঘালয় পৰ্যটকৰ বাবে ডাঙৰ স্থান। ইয়ালৈ পৰ্যটকৰ আগমনৰ বাবে মানুহে কৰ্মসংস্থাপন পায়। কিন্তু এতিয়া পৰ্যটকৰ সংখ্যা কমি আহিছে আৰু যাৰ বাবে  লোকসকল লোকচানৰ সন্মুখীন হৈছে।

উল্লেখ্য যে, প্ৰতিবছৰে প্ৰায় ১৬ লাখ পৰ্যটকে মেঘালয় ভ্ৰমণ কৰে। কিন্তু ৰাজা ৰঘুবংশী কাণ্ডৰ পাছতে এতিয়া মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰ প্ৰভাৱিত হৈছে। কিছুদিন পূৰ্বে সোণমৰ ভাতৃ গোবিন্দই মেঘালয়ৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছিল। কিন্তু এতিয়া গোবিন্দই মেঘালয় চৰকাৰৰ ওপৰত ক্ষমা খুজি কৈছে যে “মই মেঘালয় চৰকাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছিলো। তাৰ বাবে মই ক্ষমা খুজিছো”।

 

 

অন্য খবৰ পঢ়কঃ ইফালে কু-কাণ্ডৰ কথা স্বীকাৰ, আনফালে সোণমৰ ভাতৃয়ে ক’লে- মোৰ ভনীয়ে ৰাজক ৰাখী পিন্ধাইছিল আৰু…

অভেলত চিৰাজৰ চমক, ইংৰাজ বাহিনীক শলঠেকত পেলাই অৰ্জন কৰিলে ‘দ্বিশতক’
বিবাহৰ পূৰ্বে সংগীক সোধক এই ৫টা প্ৰশ্ন, নহ'লে সৰ্বনাশ!
শৃংখলা হেৰুৱাব নেকি ভাৰতে! অভেলৰ পৰা আহিছে ভাৰতৰ জয়ৰ আশা ভংগ কৰা খবৰ!
চুলি দীঘল নহয় নেকি? তেন্তে ঘৰতে প্ৰস্তত কৰি লগাওক এই বিশেষ উপকৰণ