আহিছিল জাবৰ ক্ৰয় কৰিব, প্ৰেমত পৰিল ৫ সন্তানৰ মাতৃৰ! পাছত স্বামীৰ সন্মুখত…

আজিকালি পৰকীয়া প্ৰেমৰ লগত জড়িত বিভিন্ন ধৰণৰ ঘটনা পোহৰলৈ আহে। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে আচৰিত কৰি তুলিব আপোনাক। ৫টাকৈ সন্তানৰ মাতৃয়ে প্ৰেমিকৰ সৈতে বিয়া পাতে।

আহিছিল জাবৰ ক্ৰয় কৰিব, প্ৰেমত পৰিল ৫ সন্তানৰ মাতৃৰ! পাছত স্বামীৰ সন্মুখত...

মহিলাগৰাকী-প্ৰেমিক

Published: 

03 Dec 2025 16:03 PM

কোৱা হয়, প্ৰেম অন্ধ! প্ৰেমত নামানে বয়সৰ সীমনা, প্ৰেমত নামানে নীতি-নিয়ম! শেহতীয়াকৈ পৰকীয়া প্ৰেমৰ লগত জড়িত এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে আচৰিত কৰি তুলিব আপোনাক। ৫টাকৈ সন্তানৰ মাতৃয়ে ডাঙৰ পুত্ৰৰ বয়সৰ এজন যুৱকৰ প্ৰেমত পৰে। ইয়াৰ পাছত মহিলাগৰাকীয়ে স্বামী আৰু সন্তানৰ সন্মুখতে প্ৰেমিকৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আম্বেদকাৰ নগৰত।

জানিব পৰা মতে, ঘটনাটো জাহাংগীৰগঞ্জৰ হুচেনপুৰ খুৰ্দ গাঁৱত সংঘটিত হৈছে। এই অঞ্চলটোত বাস কৰা এগৰাকী মহিলাই নিজৰ স্বামী আৰু সন্তানৰ আগতেই প্ৰেমিকৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। প্ৰেমিকৰ বয়স মহিলাগৰাকীৰ ডাঙৰ পুত্ৰৰ বয়সৰ সমান। কিন্তু সেই প্ৰেমিকৰ সৈতে তেওঁ গোটেই জীৱন কটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পত্নীৰ এই কাণ্ড স্বামীয়ে মানি ল’ব পৰা নাই। কিন্তু উপায়হীন হৈ এতিয়া স্বামীয়ে পত্নীক অন্য যুৱকৰ সৈতে যাব দিছে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, নিখিল নামৰ যুৱকজনে ফেৰী লগাই জাবৰ ক্ৰয় কৰাৰ কাম কৰিছিল। এই সময়চোৱাত তেওঁ মহিলাগৰাকীক লগ পাইছিল। মহিলাগৰাকী আছিল বিবাহিতা আৰু ৫ সন্তানৰ মাতৃ। তথাপিও তেওঁ নিখিলৰ প্ৰেমত পৰিছিল। বয়সত মহিলাগৰাকীতকৈ নিখিল বহুত সৰু, কিন্তু তাৰ পাছতো দুয়োৰে মাজত প্ৰেম গভীৰ হৈ পৰিছিল। দীৰ্ঘদিন ধৰি চলা প্ৰেমৰ অন্তত মহিলাগৰাকীয়ে যুৱকজনৰ সৈতে একেলগে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

দুয়োৰে এই প্ৰেমৰ কথা জানিব পাৰিছিল মহিলাগৰাকীৰ স্বামীয়ে। ইয়াকে লৈ তেওঁলোকৰ পৰিয়ালত কাজিয়াৰ সূত্ৰপাত হৈছিল, ওচৰ-চুবুৰীয়াইও ঘটনাটো গৰিহনা দিছিল। কিন্তু মহিলাগৰাকীয়ে ঠিক কৰি লৈছিল যে তেওঁ নিখিলৰ সৈতে থাকিব। তাৰ পাছতে এটা মন্দিৰত হিন্দু ৰীতি-নীতি অনুসৰি মহিলাগৰাকী বিবাহপাশত আৱদ্ধ হয়। আচৰিতভাৱে এই বিয়াত মহিলাগৰাকীৰ স্বামীও উপস্থিত থাকে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

 

 

অন্য খবৰ পঢ়কঃ হামাছৰ দৰে দেশত ড্ৰ’ন আক্ৰমণৰ পৰিকল্পনা! ডেনিছৰ ফোনত ভয়ংকৰ তথ্য…

ফেটি লিভাৰৰ পৰা উপশম পাব, আদা দিয়া এই পানীয় দৈনিক সেৱন কৰক...
জীৱনলৈ সংকট অহাৰ পূৰ্বে পাকঘৰৰ এইসমূহ বস্তুই দিয়ে ইংগিত! জানক...
পুৱা খালী পেটত তুলসী পানী খালে কি কি লাভ হয়? জানক...
উচ্চ কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিবলৈ খাওক এইবিধ ফল, আছে বহু উপকাৰিতা
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...
লুৰিণজ্যোতি গগৈৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ...
নিশা ৰাজ্যিক চিৰিয়াখানাৰ পৰা ওলাই আহিল হৰিণ
ডিব্ৰুগড় বিমানবন্দৰত অভিনেত্রী ছানী লিয়নী