জন্মদিনেই হ’ল শেষ দিন! বাইকত খুন্দা তীব্ৰবেগী ট্ৰাকৰ, থিতাতে মৃত্যু ৩ বন্ধুৰ…

জন্মদিনৰ দিনা প্ৰাণ হেৰুৱালে এজন যুৱকে। জানিব পৰা মতে, ৩ বন্ধুই মিলি জন্মদিন উদযাপন কৰিছিল। কিন্তু সেই জন্মদিনেই তেওঁলোকৰ বাবে শেষ দিন হৈ পৰে। অকালতে মৃত্যু হয় ৩ জনৰ।

জন্মদিনেই হল শেষ দিন! বাইকত খুন্দা তীব্ৰবেগী ট্ৰাকৰ, থিতাতে মৃত্যু ৩ বন্ধুৰ...

প্ৰতীকী ফটো

Published: 

24 Jun 2025 | 02:37 PM

এক মৰ্মান্তিক ঘটনা। এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৩ জনকৈ বন্ধুয়ে। জানিব পৰা মতে, আটাইকেইজন বন্ধু জন্মদিনৰ পাৰ্টিৰ পৰা বাইকেৰে উভতি আহি আহিছিল। তেতিয়াই তীব্ৰবেগী ট্ৰাক এখনে তেওঁলোকৰ বাইকত খুন্দা মাৰে। এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে ট্ৰাকৰ খুন্দাত বাইকখন দূৰৈত চিটিকি পৰে আৰু থিতাতে মৃত্যু হয় ২ বন্ধুৰ। ইয়াৰ বিপৰীতে এজন যুৱকে চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱতি লয়। এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ গুমলা আৰু ছিমডেগাৰ সীমান্তৰ কোলেবিৰা থানা এলেকাৰ জামতোলিৰ সমীপত।

ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। এই তিনি যুৱক মনু টেটে, সুৰজ বাঘৱাৰ আৰু অমৃত বাঘৱাৰ বুলি চিনাক্ত হৈছে। ইয়াৰ পাছতে আৰক্ষীয়ে যুৱককেইজনৰ পৰিয়ালক ঘটনাৰ বিষয়ে জনাই মৃতদেৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোককূল পৰিবেশৰ সৃষ্টি কৰে। স্থানীয় লোকে জনোৱা মতে, জন্মদিনৰ পাৰ্টি কৰিবলৈ তিনিওজন যুৱক একেলগে ওলাই গৈছিল। কিন্তু ঘূৰি আহিবৰ সময়ত নিশা প্ৰায় ১১ মান বজাত এই ঘটনা সংঘটিত হয়।

তথ্য অনুসৰি, তিনিওজন বন্ধুয়ে এটা মথাউৰিৰ ওপৰত একেলগে সময় কটাইছিল। সোমবাৰে পাৰ্টিৰ পাছত তিনিও একেখন মটৰ চাইকেলেৰে ঘৰলৈ উভতি আহিছিল। কিন্তু তেতিয়াই সংঘটিত হয় অনাকাংক্ষিত ঘটনাটো। ১৪৩ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী ট্ৰাকে তেওঁলোকৰ বাইকত খুন্দা মাৰে। এই সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে সুৰজ বাঘৱাৰ আৰু অমৃত বাঘৱাৰৰ থিতাতে মৃত্যু হয়, আনহাতে তৃতীয় যুৱক মনু টেটে গুৰুতৰভাৱে আহত হয়।

লগে লগে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে আৰু আহতজনক হাস্পাতালত ভৰ্তি কৰে। কিন্তু চিকিৎসাধীন অৱস্থাত মনু টেটে মৃত্যুক সাৱতি লয়। আনহাতে ঘটনা সংঘটিত কৰি ট্ৰাকখনে পলায়ন কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৰ্তমান ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।

 

 

অন্য খবৰ পঢ়কঃ ৯ সন্তানৰ মাতৃৰ নৃশংস কাণ্ড! প্ৰেমিকৰ সৈতে মিলি স্বামীৰ ল’লে প্ৰাণ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...