গোটেই ৰাতি বিচনাত ছটফটাই থাকিল, ৰাতিপুৱা পুলিচৰ ওচৰলৈ দৌৰি গ’ল উৰ্ফি জাভেদ!
সাদসী উৰ্ফি এইবাৰ ভয়ত কঁপি উঠিল। চিন্তাত তেওঁ গোটেই ৰাতি শুব নোৱাৰিলে। ৰাতিপুৱাৰ লগে লগে দৌৰি গ'ল পুলিচৰ ওচৰলৈ!

অদ্ভুত সাজ-পোছাকৰ বাবে প্ৰায়ে ভাইৰেল হৈ থাকে উৰ্ফি জাভেদ। সাহসী আৰু স্বাধীন মনোভাৱৰ বাবে বহুতে উৰ্ফি জাভেদক ভাল পায়। কেতিয়াবা অদ্ভুত ফেশ্বনৰ বাবে সমালোচনাৰো সন্মুখীন হয় উৰ্ফি জাভেদ। কিন্তু কোনো ধৰণৰ সমালোচনাক গুৰুত্ব নিদিয়ে উৰ্ফিয়ে। যি মন যায় পৰিধান কৰে, সেয়া তেওঁ নিজৰ সিদ্ধান্ত। কিন্তু সেইগৰাকী সাদসী উৰ্ফি এইবাৰ ভয়ত কঁপি উঠিল। চিন্তাত তেওঁ গোটেই ৰাতি শুব নোৱাৰিলে। ৰাতিপুৱাৰ লগে লগে দৌৰি গ’ল পুলিচৰ ওচৰলৈ!
হয়, এক নতুন বিপদত উৰ্ফি জাভেদ। যাৰ বাবে দেওবাৰে গোটেই ৰাতি উৰ্ফি আৰু ভনীয়েকে শুব পৰা নাছিল। তাৰ পাছতে উৰ্ফি আৰু তেখেতৰ ভনীয়েক ৰাতিপুৱা পুলিচৰ কাষ চাপিল। ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই কথা জনাইছে উৰ্ফিয়ে। তেওঁ লিখিছে, মই ভাবিছিলো মুম্বাই চহৰখন বৰ নিৰাপদ! অৱশ্যে কি ঘটিছিল সেই কথা স্পষ্টভাৱে জনোৱা নাই উৰ্ফিয়ে।
উৰ্ফি জাভেদ – নামটো শুনিলেই অদ্ভুত আৰু চকু কপালত তুলিব পৰা ফেশ্বনৰ কথা মনলৈ আহে। কিন্তু কেৱল ফেশ্বনেই নহয়, মনোৰঞ্জন জগতখনত উৰ্ফিৰ যাত্ৰা আৰম্ভ হৈছিল এক শক্তিশালী অভিনয়ৰ জৰিয়তে। যদিও বৰ্তমান ফেশ্বনৰ বাবে ছ’চিয়েল মিডিয়াত চৰ্চাত থাকে, তথাপিও তেওঁৰ কেৰিয়াৰৰ গ্ৰাফ যথেষ্ট দীঘল।
টেলিভিছন যাত্ৰাঃ চনী টিভিৰ জনপ্ৰিয় ধাৰাবাহিক ‘Bade Bhaiyya Ki Dulhania’ৰ পৰাই উৰ্ফিৰ অভিনয় জীৱন আৰম্ভ হৈছিল। ইয়াৰ পিছত ‘Kasautii Zindagii Kay 2’, ‘Chandra Nandini’ আৰু ‘Meri Durga’ৰ দৰে কেইবাখনো হিট মেগা ধাৰাবাহিকত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল উৰ্ফিক। উৰ্ফীয়েও সৰু পৰ্দাৰ সীমা অতিক্ৰম কৰি ডাঙৰ পৰ্দাত ভৰি দিছে। দিবাকৰ বেনাৰ্জীৰ জনপ্ৰিয় ছবি ‘Love Sex Aur Dhokha 2’ত বিশেষ চৰিত্ৰত অভিনয় কৰিছিল উৰ্ফীয়ে।
২০২১ চনত ‘Bigg Boss OTT’ত অংশগ্ৰহণ কৰাৰ পিছত উৰ্ফিৰ জনপ্ৰিয়তা নিশাটোৰ ভিতৰতে বৃদ্ধি পাইছিল। যদিও তেওঁ সেই অনুষ্ঠানত বেছি দিন থাকিব নোৱাৰিলে, তথাপিও তেওঁৰ সাহসী ব্যক্তিত্বই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। শেহতীয়াকৈ কৰণ জোহৰে আয়োজন কৰা জনপ্ৰিয় ৰিয়েলিটি শ্ব’’The Traitors’ত অংশগ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও উৰ্ফিক তিনিগৰাকী ভগ্নী ডলী, আছফি আৰু উৰুছাৰ সৈতে প্ৰাইম ভিডিঅ’ ছিৰিজ ‘Follow Kar Lo Yaar’ত দেখা গৈছে, য’ত তেওঁলোকৰ পাৰিবাৰিক কেমেষ্ট্ৰি দৰ্শকে ভাল পাইছে।
উৰ্ফিৰ অনুৰাগীৰ বাবে ডাঙৰ খবৰটো হ’ল যে, অতি সোনকালে তেওঁক জনপ্ৰিয় ডেটিং ৰিয়েলিটি শ্ব’ ‘Splitsvilla’ৰ নতুন ছিজনত দেখা যাব। অৱশ্যে প্ৰতিযোগী হিচাপে নহয়, উৰ্ফিক তাত ‘mischief maker’ হিচাপে দেখা যাব। অৰ্থাৎ উৰ্ফিয়ে কি নতুন কৌশলেৰে স্প্লিটছভিলাৰ প্ৰতিযোগীসকলক বিৰক্ত কৰিবলৈ চেষ্টা কৰিব? সেয়া উপভোগ কৰিবলৈ অপেক্ষা কৰি আছে দৰ্শকে।