জীৱনটো নৰক হৈ পৰিছে… কিয় বলীউডৰ জগতখন ত্যাগ কৰিলে তনুশ্ৰীয়ে?

বলীউডৰ কাম ত্যাগ কৰি বিদেশলৈ যায় তনুশ্ৰী। ২০২০ চনত দেশলৈ উভতি অহা তনুশ্ৰীয়ে ৰাজহুৱাভাৱে উল্লেখ কৰে বলীউড ত্যাগ কৰাৰ কথা।

জীৱনটো নৰক হৈ পৰিছে... কিয় বলীউডৰ জগতখন ত্যাগ কৰিলে তনুশ্ৰীয়ে?

কিয় বলীউডৰ জগতখন ত্যাগ কৰিলে তনুশ্ৰীয়ে?

Published: 

18 Jul 2025 | 09:53 PM

তনুশ্ৰী দত্তক মনত আছেনে? এসময়ত বলীউডত তেওঁকলৈ চৰ্চা চলিছিল। ইমৰাণ হাছমীৰ সৈতে ‘আছিক বনয়া আপনে’ ছবিখনত তেওঁৰ গীতটো হয়টো মনত আছে? তনুশ্ৰীৰ বয়স এতিয়াও ৪০ বছৰ হোৱা নাই। অৱশ্যে কেইবাবছৰ মান পূৰ্বে তেওঁ অভিনয় জগতখন এৰি থৈ যায়। আনকি তেওঁৰ চেহেৰাৰো পৰিৱৰ্তন হৈছে। কিয় হঠাতে বলীউডৰ পৰা নোহোৱা হৈ গ’ল তনুশ্ৰী? পোনপটীয়াকৈ আঙুলিয়াইছে অভিনেত্ৰীগৰাকীয়ে একাংশ ‘বলিউড মাফিয়া’ক। #মিটু আন্দোলনত নানা পাটেকাৰৰ বিৰুদ্ধে মাত মতাৰ পিছত তেওঁৰ জীৱনটো নৰকত পৰিণত হোৱা বুলি এক সাক্ষাৎকাৰত দাবী কৰে।

২০১৮ চনৰ ২৬ ছেপ্টেম্বৰত দিয়া এক সাক্ষাৎকাৰত তনুশ্ৰীয়ে দাবী কৰে যে ২০০৯ চনৰ ‘হৰ্ণ ওকে প্লিজ’ ছবিৰ শ্বুটিংৰ সময়ত নানা পাটেকাৰে তেওঁক অনুমতি অবিহনে স্পৰ্শ কৰিছিল। ইজনৰ পিছত সিজন নায়িকা, বলীউডৰ প্ৰযোজক আৰু পৰিচালক তেওঁৰ বিৰুদ্ধে ওলাই আহিল। অৱশ্যে নানা পাটেকাৰৰ ক্ষেত্ৰত কথাবোৰ অলপ বেলেগ হৈ পৰিল।

প্ৰত্যক্ষদৰ্শীৰ বক্তব্য আৰু প্ৰমাণৰ বাবে এই গোচৰত নানা পাটেকাৰক ক্লিন চিট দিয়া হৈছিল। কিন্তু তনুশ্ৰী নিৰুদ্দেশ হৈ গ’ল। তনুশ্ৰী বঙালী হ’লেও জন্ম জমছেদপুৰত। অৱশ্যে বংগৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্ক আছিল। বলীউডৰ পৰা নিৰুদ্দেশ হোৱাৰ পিছত তনুশ্ৰী বিদেশলৈ যায়। ২০২০ চনত দেশলৈ উভতি অহা তনুশ্ৰীয়ে ৰাজহুৱাভাৱে কয় যে তেওঁ নিবনুৱা হৈ পৰিছিল, কাৰণ তেওঁ বলীউডৰ সেই ডাঙৰ নামবোৰৰ বিৰুদ্ধে মাত মাতিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...