কেমেৰা দেখিলেই কিয় খং উঠে জয়া বচ্চনৰ ? ইয়াৰ আঁৰৰ কথা তেওঁ নিজে ক’লে

ৰাজহুৱাভাৱে কোনেও একো নকলেও বহুতে জয়াৰ এই আচৰণক লৈ আলোচনা কৰে। কিন্তু কিয় ফটোগ্ৰাফাৰ বা ভিডিঅ’গ্ৰাফাৰক দেখিলে এনে আচৰণ কৰে জয়া বচ্চনে?

কেমেৰা দেখিলেই কিয় খং উঠে জয়া বচ্চনৰ ? ইয়াৰ আঁৰৰ কথা তেওঁ নিজে কলে
Published: 

02 Dec 2025 | 12:53 PM

কেমেৰা দেখিলেই তেওঁৰ খং উঠে আৰু লগে লগে চিঞৰি উঠে। জয়া বচ্চনে প্ৰায়ে ফটোগ্ৰাফাৰক তুচ্ছ-তাচ্ছিল্য কৰা দেখা যায়। তেওঁ এনে ভিডিঅ’ প্ৰায়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থাকে। ৰাজহুৱাভাৱে কোনেও একো নকলেও বহুতে জয়াৰ এই আচৰণক লৈ আলোচনা কৰে। কিন্তু কিয় ফটোগ্ৰাফাৰ বা ভিডিঅ’গ্ৰাফাৰক দেখিলে এনে আচৰণ কৰে জয়া বচ্চনে?

চেলিব্ৰিটিসকল য’তেই নাথাকে, তাতেই গৈ পায় পাপাৰাজী। কেতিয়াবা তেওঁলোকৰ ঘৰৰ সন্মুখত, কেতিয়াবা গাড়ীৰ সন্মুখত। কেতিয়াবা ফিল্মি পাৰ্টিৰ সময়ত। বিমানবন্দৰত প্ৰৱেশ আৰু প্ৰস্থান কৰাৰ সময়তো পাপাৰাজীৰ কেমেৰাৰ সন্মুখলৈ আহে চেলিব্ৰিটিসকল। কোৱা হয় যে, বহু তাৰকাই নিজেই পাপাৰাজীক ফটো তুলিবলৈ মাতে বা অনুৰোধ কৰে। কিন্তু ফটোগ্ৰাফাসকলে কোনো কাৰণ নোহোৱাকৈ এইদৰে ফটো তোলাটো একেবাৰেই ভাল নাপায় জয়া বচ্চনে।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত জয়াই স্পষ্টকৈ কৈছিল, এইসকল সাংবাদিক নেকি? আমি জানো সাংবাদিক কি, মই এগৰাকী সাংবাদিকৰ কন্যা। লেতেৰা কাপোৰ পিন্ধি, হাতত চাৰিটা ফোন লৈ, আজেবাজে প্ৰশ্ন কৰে। এই সকলো অশিক্ষিত। অশ্লীল মন্তব্য কৰে। তেওঁলোকক সাংবাদিক বুলি কেনেকৈ ক’ব পাৰি! জয়া কয় যে, তেওঁলোকে মোৰ বিষয়ে যিয়ে নকওঁক কিয়, মই তেওঁলোকক পছন্দ নকৰোঁ।

জনপ্ৰিয় সাংবাদিক তৰুণ কুমাৰ ভাদুৰীৰ কন্যা জয়া। তেখেতে কেইবাখনো উপন্যাসো লিখিছে। দেউতাকক অনুসৰণ কৰিয়ে জয়া ডাঙৰ হৈছে। সেইবাবেই জয়া বচ্চনে বৰ্তমানৰ পাপাৰাজী আৰু ছ’চিয়েল সাংবাদিকতাক মানি ল’ব নোৱাৰে। হয়টো এনেবোৰ কাৰণতে তেওঁ পাপাৰাজীৰ প্ৰতি এনে আচৰণ কৰা দেখা যায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...