আকৌ বিয়া পাতিব নেকি অক্ষয় কুমাৰে? কি আশংকা কৰিছে টুইংকলে জানো আহক

অক্ষয় আৰু টুইংকলে সদায় নিজৰ বৈবাহিক জীৱন ব্যক্তিগতভাৱে ৰাখিছে। অৱশ্যে বিভিন্ন টক শ্ব’ত টুইংকলে কয়, অক্ষয় আৰু টুইংকলৰ বিবাহিক জীৱন সাধৰণ আৰু আনন্দেৰে ভৰা। আৰু এই কথাৰ ইংগিত টুইংকলৰ লেখাটো পোৱা গৈছে।

আকৌ বিয়া পাতিব নেকি অক্ষয় কুমাৰে? কি আশংকা কৰিছে টুইংকলে জানো আহক

আকৌ বিয়া পাতিব নেকি অক্ষয় কুমাৰে?

Published: 

05 Nov 2025 | 03:10 PM

টুইংকল খান্না আৰু অক্ষয় কুমাৰৰ বিবাহৰ ২৪ বছৰ হ’ল। তেওঁলোকৰ প্ৰেম কাহিনী বলীউডত সিমান জনপ্ৰিয় নহয়। কাৰণ, দুয়ো গোপনে প্ৰেমত পৰিছিল, আৰু কম সময়ৰ ভিতৰতে বিবাহৰ বান্ধোনত বান্ধ খাইছিল। অক্ষয় আৰু টুইংকলে সদায় নিজৰ বৈবাহিক জীৱন ব্যক্তিগতভাৱে ৰাখে। টুইংকলৰ পৰিয়ালটো সম্পূৰ্ণ সাধাৰণ আৰু আনন্দেৰে থাকে। এই কথা টুইংকলৰ লেখাটো প্ৰকাশ পাইছিল।

শেহতীয়াকৈ টুইংকলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত টুইংকলে অক্ষয়ৰ দ্বিতীয় বিবাহৰ আশংকা কৰিছিল। কিন্তু কেৱল ভয়টোৱেই নহয়, টুইংকলে অক্ষয়কো ভাবুকি দিছিল।

টুইংকলে এবাৰ অক্ষয়ৰ সৈতে জংঘলত ছাফাৰীলৈ গৈছিল। তেওঁলোকৰ গাইডজনে তেওঁলোকক টিক টিক নামৰ চৰাই দুটা দেখুৱাই ক’লে, এই চৰাইবোৰৰ এটা যদি মৰি যায়, আনটোৱে বিষাক্ত খাদ্য খাই মৰি যায়। তেনেকৈয়ে সিহঁতৰ প্ৰেম। গাইডজনে কথা শেষ কৰাৰ আগতেই টুইংকলে অক্ষয়ক সুধিলে, মই যদি তোমাৰ আগতেই মৰি যাওঁ, তেন্তে তুমিও বিষ খাবা নেকি? নে দ্বিতীয়বাৰৰ বাবে বিয়া পাতিবা? অক্ষয়ে উত্তৰ দিয়াৰ আগতেই টুইংকলে তেওঁক ক’লে, মই একেবাৰেই মানি নলওঁ, তোমাৰ দ্বিতীয় পত্নীয়ে মোৰ বেগ আৰু কাপোৰ ব্যৱহাৰ কৰাটো, দ্বিতীয়বাৰ বিয়া হ’লে মই তোমালোক দুয়োকে ভূত বুলি ভয় খেদিম!

টুইংকলৰ পৰা এনেধৰণৰ কথা শুনি সেইদিনা অক্ষয় নিমাত হৈ থাকিল। বৰঞ্চ তেওঁ টুইংকলক ক’লে, “মই এতিয়াই বিষ খাব বিচাৰো যাতে আপুনি এই বেয়া কথাবোৰ শুনিব নালাগে।” ২০০১ চনত বিবাহপাশত আবদ্ধ হোৱা টুইংকল খান্না আৰু অক্ষয় কুমাৰৰ দুটা সন্তান আছে। যাৰ নাম আৰভ আৰু নিতাৰা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...