উৰাবাতৰিয়ে কাঢ়ি নিছিল ৰেখাৰ বিবাহিত জীৱনৰ সুখ! তাৰ পিছত কি কৰিছিল ৰহস্যময়ী ৰেখাই?
জীৱনৰ কঠিন সময়ৰ মাজতে স্বামীৰ আত্মহত্যাৰ খবৰে স্তম্ভিত কৰি তুলিছিল অভিনেত্ৰীগৰাকীক। স্বামীৰ মৃত্যুৰ পিছতো অৱশ্যে ৰেখাই এতিয়াও মচা নাই শিৰৰ সেন্দুৰ। নিজৰ মাজতে অতীত সামৰি নিজকে যেন এক ৰহস্যময়ী সত্বা কৰি তুলিছে ৰেখাই।

বলীউডৰ অভিনেত্ৰী ৰেখা
সাধাৰণ লোকৰ চকুত সদায়েই এক ৰহস্যময় জগত বলীউড। বলীউডৰ নিত্য–নতুন কাহিনীয়ে সদায়েই লাভ কৰে বিপুল চৰ্চা। এই ৰহস্যময় জগতখনৰ এক ৰহস্যময়ী অংশ ৰেখা। বলীউডৰ এই অভিনেত্ৰীগৰাকীৰ প্ৰেম জীৱনে পৰ্দাৰ বাহিৰতো সঘনে চৰ্চাৰ সৃষ্টি কৰি আহিছে। বিগ বি অমিতাভ বচ্চনৰ সৈতে গভীৰ সম্পৰ্কৰ যতি পৰাৰ লগতে ব্যক্তিগত জীৱনৰ ধুমুহা নেওচি ৰেখাই গঢ়ি তুলিছে এক শক্তিশালী ব্যক্তিত্ব। সেয়ে তেওঁ হৈ পৰা চৰ্চাৰ কেন্দ্ৰবিন্দু।
পৰ্দাত ৰেখাৰ চমৎকাৰী কলাত্মক শৈলীয়ে ভৰাই তোলে অনুৰাগীৰ হৃদয়। পিছে পৰ্দাত যাদুৰ সৃষ্টি কৰা ৰেখাৰ ব্যক্তিগত জীৱন মুঠেও নহয় মাধুৰ্যময়। বৰং দুখ আৰু বেদনাৰে আবৃত হৈ আছে ৰেখাৰ জীৱনৰ। বিশেষকৈ ৰেখাৰ বিবাহিত জীৱন কেতিয়াও নাছিল সুখৰ। লগতে সততে চৰ্চিত হৈ আহিছে ৰেখা–অমিতাভৰ প্ৰেম।
এনে বিষয়ৰ লগতে সহকাৰী ফাৰ্জানাৰ সৈতে ৰেখাৰ সম্পৰ্কক লৈও উৰাবাতৰি প্ৰচাৰ হৈছিল। শুনিব লগা হৈছিল তীব্ৰ অপমান। জীৱনৰ এনে কঠিন সময়ৰ মাজতে স্বামীৰ আত্মহত্যাৰ খবৰে স্তম্ভিত কৰি তুলিছিল অভিনেত্ৰীগৰাকীক। স্বামীৰ মৃত্যুৰ পিছতো অৱশ্যে ৰেখাই এতিয়াও মচা নাই শিৰৰ সেন্দুৰ।
সেয়া আছিল ১৯৯০ চনৰ ২ অক্টোবৰ। সেই সময়ত ৰেখা লণ্ডনত এখন ছবিৰ শ্বুটিঙত ব্যস্ত আছিল। শ্বুটিঙৰ মাজতে হঠাতে তেওঁৰ স্বামী মুকেশ আগৰৱালাই আত্মহত্যা কৰাৰ খবৰ লাভ কৰে। এই খবৰ শুনি শ্বুটিং স্থলীতে ভাঙি পৰে ৰেখা। এনে খবৰক বিশ্বাসেই কৰিব পৰা নাছিল অভিনেত্ৰীগৰাকীয়ে। হতভম্ব হৈ পৰা ৰেখাই শ্বুটিং স্থলীৰ পৰাই দৌৰি ওলাই যায়।
এক সাক্ষাৎকাৰত ৰেখাই কয়, “মই কেতিয়াও ভবা নাছিলো যে মোৰ লগত এনেকুৱা হ’ব। মই মানি ল’ব পৰা নাছিলো। মই বুজি পোৱা নাছিলো যে মুকেশে কিয় এনে কৰিলে। তাৰ পিছত সময় পাৰ হৈ গ’ল, ময়ো সকলো মানি ল’লো। ইয়াৰ বাদে মই কৰিব পৰা একো নাছিল!”
স্বামী মুকেশৰ মৃত্যুৰ পিছতো ৰেখাই অলেখ নিন্দা সহ্য কৰিব লগা হৈছিল। আনকি ৰেখাৰ সহায়িকা ফাৰ্জানাৰ সৈতে সম্পৰ্কক লৈও ওলাইছিল গুজৱ। ৰেখাৰ এনে সম্পৰ্কৰ কথা জানিব পাৰিয়ে মুকেশে আত্মহত্যা কৰা বুলিও চৰ্চা চলিছিল। বহুলোকে আনকি ৰেখাক মানসিক ৰোগী বুলিও লাঞ্ছনা কৰে।
অৱশ্যে বলীউডৰ এই চিৰসেউজ অভিনেত্ৰীগৰাকীয়ে এই সকলোবোৰ লাঞ্ছনা–অপমান বুকুত বান্ধি আগবঢ়াই নিছে জীৱন। আজিও মৃত স্বামী মুকেশৰ নামত শিৰত সেন্দূৰ লয় ৰেখাই। যিমানেই শক্তিশালী ব্যক্তিত্ব গঢ়ি নুতুলিলেও অতীতৰ এই ঘাঁ নিশ্চয় পাহৰিব নোৱাৰি। কিন্তু নিজৰ মাজতে এই অতীত সামৰি নিজকে যেন এক ৰহস্যময়ী সত্বা কৰি তুলিছে ৰেখাই।