বচ্চন পৰিয়ালৰ বোৱাৰী হ’লে…ঐশ্বৰ্যক এই চৰ্ত বান্ধি দিছিল জয়াই

জয়াই এবাৰ ঐশ্বৰ্যৰ বিষয়ে কৈছিল, "ঐশ্বৰ্য মোৰ বোৱাৰী। তেওঁক পঢ়োৱা বা অনুশাসন কৰাটো মোৰ দায়িত্ব নহয়। তাৰ বাবে তেওঁৰ মাতৃ আছে। আশাকৰোঁ ঐশ্বৰ্যই মাতৃৰ পৰা সঠিক শিক্ষা লাভ কৰিব।"

বচ্চন পৰিয়ালৰ বোৱাৰী হ’লে...ঐশ্বৰ্যক এই চৰ্ত বান্ধি দিছিল জয়াই

জয়া বচ্চন, ঐশ্বৰ্য ৰায় বচ্চন

Updated On: 

18 Jun 2025 | 03:21 PM

বিগত এবছৰ ধৰি ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চনৰ বিবাহিত জীৱনে শিৰোনাম দখল কৰি আহিছে। কোৱা হৈছিল যে তেওঁলোকৰ ১৬ বছৰীয়া বিবাহৰ অন্ত পেলাব। আনকি স্বামী অভিষেক বচ্চনে আন এগৰাকী নায়িকাক নিজৰ হৃদয় দিয়া বুলিও জল্পনা-কল্পনা আৰম্ভ হৈছে।  বিয়াৰ পিছৰে পৰা শাহুৱেক জয়াৰ লগত ঐশ্বৰ্যই যে যোগাযোগ নাই এই কথা হয়তো সকলোৰে জ্ঞাত। যদিও এই সন্দৰ্ভত কোনেও ৰাজহুৱাভাৱে কোনেও একো কোৱা নাই, তথাপিও যি কোৱা হৈছে সেয়া সঁচা?

কেমেৰাৰ সন্মুখত জয়া আৰু ঐশ্বৰ্যক একেলগে খুব কমেই দেখা যায়। ঐশ্বৰ্যৰ বিষয়ে কিবা কথা সুধিলেও জয়াই বচ্চনে সেই বিষয়টো এৰাই চলে।  ঐশ্বৰ্যক প্ৰায়ে শহুৰ অমিতাভ বচ্চন বা পৰিয়ালৰ আন সদস্যৰ সৈতে দেখা যায়। কিন্তু জয়া আৰু ঐশ্বৰ্যক একেলগে অতি কমেইহে দেখা গৈছে। ইয়াৰ বিপৰীতে এক সাক্ষাৎকাৰত জয়াই কয় যে বোৱাৰীৰ পৰা তেওঁৰ কোনো আশা নাই। ইয়াকে লৈ চৰ্চা হয়  যে তেওঁলোকৰ সম্পৰ্ক  ভাল নহয়। কিন্তু জয়াই কিয় ঐশ্বৰ্যক ভাল নাপায়?

সূত্ৰৰ মতে, ‘ধূম ২’ত হৃতিক ৰোশনৰ সৈতে চুমা খোৱাৰ দৃশ্য দেখাৰ পৰাই জয়াই ঐশ্বৰ্যক লৈ বিৰক্ত হৈ পৰিছে। তেওঁ ঐশ্বৰ্যক কঠোৰ ভাষাত কৈছিল যে, তেওঁ বচ্চন পৰিয়ালৰ বোৱাৰী হ’লে এনে দৃশ্যত অভিনয় কৰিব নোৱাৰিব। ইয়াৰ ফলত বচ্চন পৰিয়ালৰ ভিতৰত যথেষ্ট অশান্তিৰ সৃষ্টি হয়। কেৱল সেয়াই নহয়, তেওঁৰ কন্যা আৰাধ্যা বচ্চনক সকলো সময়তে লগত ৰখাৰ বাবেও ঐশ্বৰ্যৰ প্ৰতি ক্ষোভ আছিল।

শুনা মতে. অভিনেত্ৰীগৰাকীয়ে নিজ কন্যাক পৰিয়ালৰ আন সদস্যৰ সৈতে লগ হ’ব নিদিয়ে। ইয়াৰ ফলত বহু অশান্তিৰ সৃষ্টি হয়। সেইবাবেই জয়াই এবাৰ ঐশ্বৰ্যৰ বিষয়ে কৈছিল, “ঐশ্বৰ্য মোৰ বোৱাৰী। তেওঁক পঢ়োৱা বা অনুশাসন কৰাটো মোৰ দায়িত্ব নহয়। তাৰ বাবে তেওঁৰ মাতৃ আছে। আশাকৰোঁ ঐশ্বৰ্যই মাতৃৰ পৰা সঠিক শিক্ষা লাভ কৰিব।”

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...