‘মন্নত’ৰ ৰূপ সলনি! কি কি নতুন বিশেষত্ব যোগ হ’ল শ্বাহৰুখৰ ৰাজপ্ৰসাদত?

এতিয়া অনুৰাগীসকলৰ বাবে এটা ডাঙৰ খবৰ আহিছে। কিং খানৰ এই আছিয়ানা এইবাৰ উচ্চতা বাঢ়িছে। লাভ কৰা তথ্য অনুসৰি মন্নত চত্তৰত অৱস্থিত ‘মন্নত এনেক্স’ ভৱনত দুটা নতুন মহলা সংযোজন কৰা হৈছে। আগতে এই অট্টালিকাটো ৬ মহলীয়া আছিল যদিও নতুনকৈ নিৰ্মাণৰ পিছত এতিয়া ৮ মহলীয়া হ’ব।

মন্নতৰ ৰূপ সলনি! কি কি নতুন বিশেষত্ব যোগ হ’ল শ্বাহৰুখৰ ৰাজপ্ৰসাদত?
Updated On: 

08 Jan 2026 | 01:11 PM

বলীউডৰ কিং শ্বাহৰুখ খানৰ বাংলো ‘মন্নত’ কেৱল ঘৰ নহয়, মুম্বাইৰ অন্যতম প্ৰধান ল্যাণ্ডমাৰ্ক। বান্দ্ৰাৰ বেণ্ডষ্টেণ্ডত অৱস্থিত এই বাংলোটোৰ আভাস পাবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ অনুৰাগীয়ে ভিৰ কৰে। এতিয়া সেই অনুৰাগীসকলৰ বাবে এটা ডাঙৰ খবৰ আহিছে। কিং খানৰ এই অট্টালিকাটোৰ উচ্চতা বাঢ়িছে। লাভ কৰা তথ্য অনুসৰি মন্নত চৌহদত অৱস্থিত ‘মন্নত এনেক্স’ ভৱনত দুটা নতুন মহলা সংযোজন কৰা হৈছে। আগতে এই ভৱনটো ৬ মহলীয়া আছিল যদিও নতুনকৈ নিৰ্মাণৰ পিছত এতিয়া ৮ মহলীয়া হ’বলৈ গৈ আছে।

সূত্ৰ অনুসৰি, মন্নতৰ মূল ‘হেৰিটেজ বাংলো’ত কোনো পৰিৱৰ্তন কৰা নহ’ব। যিহেতু ই এক ঐতিহ্যৰ গাঁথনি, গতিকে কোনো ধৰণৰ পৰিৱৰ্তনৰ অনুমতি দিয়া হোৱা নাই। সেইবাবেই ইয়াৰ ঠিক পিছফালে অৱস্থিত আধুনিক ‘এনেক্স’ ভৱনটোত সম্প্ৰসাৰণৰ কাম চলি আছে। এই পদক্ষেপৰ মূল লক্ষ্য হৈছে মূল গাঁথনিৰ ক্ষতি নকৰাকৈ অতিৰিক্ত বাসস্থান সৃষ্টি কৰা।

মন্নতৰ এই নতুন দুটা মহলা কেৱল কোনো সাধাৰণ ঘৰ নহয়। জানিব পৰা মতে, এই সম্প্ৰসাৰণৰ ফলত বাংলোটোৰ মূল আকাৰত প্ৰায় ৬,৬৩০ বৰ্গফুট নতুন ঠাই সংযোজন হ’ব। এই নতুন মহলাসমূহত থাকিব ‘আল্ট্ৰা-লাক্সাৰী’ ইণ্টেৰিয়ৰ ডিজাইন। ইয়াত থকা বাসস্থান মুম্বাইৰ গড় ১বিএইচকে ফ্লেটতকৈ ডাঙৰ বুলি কোৱা হয়। চলিত বৰ্ষৰ ভিতৰত এই কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

এই বিশাল প্ৰকল্পটোত গৌৰী খানে নিজেই আগভাগ লৈছে। Architect অমিত জি পাৱাৰৰ জৰিয়তে BMC ত এই প্ৰস্তাৱ দাখিল কৰে। খবৰ অনুসৰি এই প্ৰকল্পটোৱে বিএমচিৰ পৰা অনুমোদন লাভ কৰে আৰু বৰ্তমান তাত নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে।

অনাগত দিনত বান্দ্ৰা বেণ্ডষ্টেণ্ডলৈ যোৱাৰ সময়ত অনুৰাগীয়ে আগতকৈ ওখ মন্নতৰ পিছফালটো দেখিব। সাধাৰণতে মন্নতৰ গেটৰ ওপৰৰ প্লেটফৰ্মত অনুৰাগীক লগ পায় শ্বাহৰুখ খানে। এই নতুন সম্প্ৰসাৰণে ৰজা খানৰ চিনাকি ‘দৰ্শন’ স্থান সলনি কৰিবনে নাই সেয়া হ’ব লক্ষ্যণীয়।

তেজত হ্ৰাস পাইছে নেকি হিম’গ্লবিনৰ মাত্ৰা? এইসমূহ খাদ্যই দূৰ কৰিব চিন্তা
শীতকালত লাই শাক কিয় খাব লাগে ? ইয়াৰ উপকাৰিতা জানক
ব্যায়ামৰ আগতে এই পানীয় খালে দ্ৰুতগতিত চৰ্বি কমে, তেজৰ চুগাৰো নিয়ন্ত্ৰণত থাকে
জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ