৬০ৰ দেওনা পাৰ কৰিলে এ আৰ ৰহমানে, সুৰকাৰজনৰ সম্পত্তিৰ পৰিমাণ জানি হ’ব আচৰিত!

অস্কাৰ বিজয়ী সংগীত পৰিচালক তথা গায়ক এ আৰ ৰহমানৰ জনপ্ৰিয়তা কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে। কিন্তু কেৱল সংগীতৰ জগতখনতেই নহয়, ধনৰ ক্ষেত্ৰত তেওঁ এক বিশাল সাম্ৰাজ্যৰ শাসক। বৰ্তমান তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ জানি হ'ব আচৰিত!

৬০ৰ দেওনা পাৰ কৰিলে এ আৰ ৰহমানে, সুৰকাৰজনৰ সম্পত্তিৰ পৰিমাণ জানি হব আচৰিত!
Published: 

07 Jan 2026 | 01:11 PM

৬ জানুৱাৰীত অস্কাৰ বিজয়ী সুৰকাৰ এ আৰ ৰহমানে ৫৯ বছৰ সম্পূৰ্ণ কৰিলে। শেহতীয়াকৈ ৰহমানৰ পত্নী ছাইৰাৰ সৈতে হোৱা বিচ্ছেদৰ বাতৰিয়ে শিৰোনাম দখল কৰি আছে। আপুনি জানেনে সুৰকাৰজনৰ সম্পত্তিৰ পৰিমাণ কিমান?

দশক দশক ধৰি তেওঁ নিজৰ সংগীতৰ যাদুৰে বিশ্বক মোহিত কৰি আহিছে। অস্কাৰ বিজয়ী সংগীত পৰিচালক তথা গায়ক এ আৰ ৰহমানৰ জনপ্ৰিয়তা কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে। কিন্তু কেৱল সংগীতৰ জগতখনতেই নহয়, বিত্তৰ ক্ষেত্ৰতো এক বিশাল সাম্ৰাজ্যৰ শাসক। বৰ্তমান তেওঁৰ মুঠ সম্পত্তি প্ৰায় ২১০০ কোটি। চেন্নাইৰ পৰা লছ এঞ্জেলছলৈকে – তেওঁৰ বিলাসী বাংলো, দামী গাড়ী সংগ্ৰহ আৰু অত্যাধুনিক সংগীত ষ্টুডিঅ’ৰ কথা শুনিলে যিকোনো ব্যক্তিয়ে আচৰিত হ’ব।

জিকিউ (GQ)ৰ এক প্ৰতিবেদন অনুসৰি, চেন্নাইত ৰহমানৰ এটা বিশাল বাংলো আছে। এই ঘৰটোত একাধিক শোৱা কোঠা, এটা বিশাল ডাইনিং স্থান আৰু মনোৰঞ্জনৰ বাবে এটা সুকীয়া জ’ন আছে। অৱশ্যে ঘৰটোৰ মূল আকৰ্ষণ হৈছে অত্যাধুনিক সংগীত ষ্টুডিঅ’। ঘৰৰ প্ৰতিটো চুক অতি আড়ম্বৰ আৰু ৰুচিৰে সজাই তোলা হৈছে।

বলীউড আৰু দক্ষিণ ভাৰতীয় ছবিৰ উপৰিও ৰহমানে নিয়মিতভাৱে হলিউডৰ কামৰ বাবে আমেৰিকালৈ যায়। সেই উদ্দেশ্যে তেওঁৰ লছ এঞ্জেলছত এটা বিলাসী এপাৰ্টমেণ্টো আছে। তাতো তেওঁ এটা অত্যাধুনিক সংগীত ষ্টুডিঅ’ স্থাপন কৰিছে যাতে ভ্ৰমণৰ সময়তো তেওঁৰ কামত বাধা নাহে।

ৰহমানৰ নিজাকৈ ‘এ এম মিউজিক ষ্টুডিঅ’ আছে মুম্বাই, লণ্ডন আৰু লছ এঞ্জেলছত। এই ষ্টুডিঅ’বোৰ সদায় কেৱল তেওঁৰ নিজৰ কামৰ বাবেই নহয়, তেওঁৰ বন্ধু-বান্ধৱী আৰু সহযোগী সংগীতজ্ঞসকলৰ ব্যৱহাৰৰ বাবেও খোলা থাকে।

সংগীত পৰিচালকৰ ৱেবছাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি ৰহমানৰ গেৰেজত পৃথিৱীৰ সকলো উত্তম ব্ৰেণ্ডৰ গাড়ীৰে সজ্জিত হৈ আছে। তেওঁৰ সংগ্ৰহসমূহৰ ভিতৰত আছে:

ভলভো এছ ইউ ভি (Volvo SUV): ইয়াৰ বজাৰ মূল্য প্ৰায় ৯৩.৮৭ লাখ টকা।

জাগুয়াৰ (Jaguar): দাম প্ৰায় ১.০৮ কোটি টকা।

মাৰ্চিডিজঃ ক্লাছিক মডেলৰ দাম প্ৰায় ২.৮৬ কোটি টকা।

মুঠ সম্পত্তি

বিভিন্ন সূত্ৰ আৰু ‘চেলিব্ৰিটি নেট ৱৰ্থ’ৰ মতে এ আৰ ৰহমানৰ সম্পত্তিৰ পৰিমাণ ২৮ কোটি ডলাৰ, যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ২১০০ কোটি টকাৰ সমতুল্য। তেওঁৰ উপাৰ্জনৰ ডাঙৰ অংশ মঞ্চ অনুষ্ঠান, চলচ্চিত্ৰ সংগীত পৰিচালনা আৰু ৰিয়েলেটি শ্ব’ৰ পৰা আহে।

জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
ইনষ্টাগ্ৰামৰ follower বাঢ়ি আকৌ কমি যায় নেকি? এই টিপচ অনুসৰণ কৰক
শীতকালত কোনসকল লোকে দৈ খোৱাটো অনুচিত, খোৱাৰ পূৰ্বে জানি লওক...
শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হ'লে কি ৫টা লক্ষণে দেখা দিয়ে? জানক...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ