‘অসভ্যালি নকৰিব…’, হঠাৎ কিয় খঙেৰে ক’লে জয়া বচ্চনে?

জয়া বচ্চনক শেষবাৰৰ বাবে পৰ্দাত দেখা গৈছিল কৰণ জোহৰৰ ২০২৩ চনৰ ছবি ‘ৰকি আৰু ৰাণী কি প্ৰেম কাহানী’ত। সেই ছবিখনত ধৰ্মেন্দ্ৰই অভিনয় কৰিছিল। কিন্তু আজি তেওঁ অসুস্থ। সেই দুখ যেন জয়াৰ মুখত স্পষ্ট হৈ পৰিছে।

‘অসভ্যালি নকৰিব...’, হঠাৎ কিয় খঙেৰে কলে জয়া বচ্চনে?

হঠাৎ কিয় খঙেৰে ক'লে জয়া বচ্চনে?

Published: 

15 Nov 2025 | 01:47 PM

জয়া বচ্চনৰ বলীউডৰ পাপাৰাজীৰ সৈতে সম্পৰ্ক কেনেকুৱা সেয়া সকলোৱে জানে। কেমেৰা দেখাৰ লগে লগে খঙৰ ভমকত নিয়ন্ত্ৰণ হেৰুৱাই পেলায় জয়াই। ইণ্টাৰনেটত কেইবাবাৰো ভাইৰেল হৈছে তেওঁৰ ভিডিঅ। এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়। এইবাৰ সঁচাকৈয়ে খং উঠিল প্ৰবীণ অভিনেত্ৰী জয়া বচ্চনৰ। কন্যা শ্বেতা বচ্চনৰ সৈতে এটা অনুষ্ঠানত উপস্থিত হোৱাৰ লগে লগে আগৰ দৰেই পাপাৰাজীৰ ভিৰ দেখে। বগা পোছাক আৰু মাস্ক পিন্ধি গাড়ীৰ পৰা নামি অহাৰ লগে লগে ফটোগ্ৰাফাৰসকলে তেওঁৰ ফটো ল’বলৈ বিচাৰে। তাৰ পৰাই আৰম্ভ সমস্যাৰ। শ্বেতাই খৰধৰকৈ মাকক ভিতৰলৈ লৈ যায় যদিও পাপাৰাজীৰ ভিৰৰ বাবে পৰিস্থিতি আৰু অধিক বিশৃংখল হৈ পৰে।

জয়াই পোনপটীয়াকৈ ফটোগ্ৰাফাৰসকলক চিঞৰি উঠিলে। তেওঁ কয়, “ফটো লোৱা, কিন্তু অভদ্ৰ নহ’বা। মনে মনে ফটো তুলি লোৱা, আৰু গুচি যোৱা।” তেওঁৰ এই মন্তব্য নিমিষতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

জয়া বচ্চনৰ পাপাৰাজীৰ প্ৰতি থকা বিৰক্তিৰ ভাৱ স্পষ্ট হৈ উঠিছে। শেহতীয়াকৈ নাতিনীয়েক নব্য নভেলী নন্দাৰ প’ডকাষ্ট ‘ৱাট দ্য হেল নব্য’ত তেওঁ কয় যে ছ’চিয়েল মিডিয়াত প্ৰায়ে চেলিব্ৰিটিৰ ভিডিঅ’ ভুলকৈ প্ৰচাৰ কৰা হয়। তোমাৰ যেনেকৈ স্বাধীনতা আছে, মোৰো স্বাধীনতা থকা উচিত— নহয়নে?” জয়াৰ কথা স্পষ্ট যে তেওঁ ব্যক্তিগত স্থানত ফটোগ্ৰাফাৰসকলৰ অনুপ্ৰৱেশে আমনি দিয়ে।

উল্লেখ্য যে, জয়া বচ্চনক শেষবাৰৰ বাবে পৰ্দাত দেখা গৈছিল কৰণ জোহৰৰ ২০২৩ চনৰ ছবি ‘ৰকি আৰু ৰাণী কি প্ৰেম কাহানী’ত। সেই ছবিখনত ধৰ্মেন্দ্ৰই অভিনয় কৰিছিল। কিন্তু আজি তেওঁ অসুস্থ। সেই দুখ যেন জয়াৰ মুখত স্পষ্ট হৈ পৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...