“ৰাতি গ’ল, কথাও শেষ ” অক্ষয়ৰ সন্মুখত পৰকীয়া প্ৰেমৰ সন্দৰ্ভত মুখ খুলিলে টুইংকল খান্নাই
শেহতীয়াকৈ টুইংকলে বিবাহ বহিৰ্ভূত প্ৰেমৰ বিষয়ে এটা মন্তব্য কৰিছিল, যিয়ে বিতৰ্কৰ সৃষ্টি কৰিছিল। ছ’চিয়েল মিডিয়াৰ এটা অংশই টুইংকলক তেওঁৰ সেই মন্তব্যৰ বাবে সমালোচনা কৰিছিল।

টুইংকলে প্ৰতিটো কথা স্পষ্টকৈ মুক্ত মনেৰে কয়। মনলৈ যি ভাৱ আহে, সেই ধৰণে কথা কয় টুইংকলে। অক্ষয় কুমাৰেও এই কথা স্বীকাৰ কৰে যে, টুইংকল খান্নাৰ জীৱন দৰ্শন তেওঁৰ চিন্তাই ঢুকি পোৱাটো কঠিন। টুইংকলৰ বাবে কিছুমান সহজ কাম কঠিন হৈ পৰে আৰু কঠিন কাম সহজ হৈ পৰে। আনকি সম্পৰ্কৰ ওপৰত টুইংকলৰ চিন্তাও সম্পূৰ্ণ সাধাৰণ সমীকৰণৰ বাহিৰত।
শেহতীয়াকৈ টুইংকলে বিবাহ বহিৰ্ভূত প্ৰেমৰ বিষয়ে এটা মন্তব্য কৰিছিল, যিয়ে বিতৰ্কৰ সৃষ্টি কৰিছিল। ছ’চিয়েল মিডিয়াৰ এটা অংশই টুইংকলক তেওঁৰ সেই মন্তব্যৰ বাবে সমালোচনা কৰিছিল। অৱশ্যে সেই বিতৰ্কৰ অন্ত পেলাবলৈ এতিয়া নিজে গ্ৰাউণ্ডত নামিছে টুইংকলে ।
কথাবোৰ এনেধৰণৰ…টুইংকলে কাজলৰ সৈতে এটা টক শ্ব’ আয়োজন কৰিছিল। সেই শ্ব’টোত অংশগ্ৰহণ কৰে বলিউডৰ ডাঙৰ ডাঙৰ তাৰকাই। টুইংকল আৰু কাজলৰ সেই টক শ্ব’টো সম্পূৰ্ণ ‘Uncut’ আছিল। নায়িকা দুগৰাকীৰ প্ৰশ্নত চিন্তিত হৈ পৰে চেলিব্ৰিটি সকল। এটা খণ্ডত ছেইফ আলী খান আৰু অক্ষয় কুমাৰে এই টক শ্ব’ত অংশ লৈছিল। স্বামী হিচাপেও অক্ষয়ে টুইংকলৰ প্ৰশ্নবোৰৰ পৰা হাত সাৰিব নোৱাৰিলে। এই টক শ্ব’ত বিবাহ বহিৰ্ভূত প্ৰেমৰ কথা কওঁতে টুইংকলে নিজৰ মতামত প্ৰকাশ কৰিছিল যে, পৰকীয়া প্ৰেম এক ৰাতিৰ বেপাৰ। ইয়াক গুৰুত্ব নিদিলেই হ’ল। ই ৰাতি যোৱা পাছত কথাও শেষ হোৱাৰ দৰে বিষয়। “ৰাতি গ’ল, কথাও শেষ।”
টুইংকলৰ এই বাক্য কেইটাই বিতৰ্কৰ সৃষ্টি কৰিছিল। বহুতে ভাবে যে, টুইংকলৰ বক্তব্যই ভাৰতীয় সংস্কৃতিক একেবাৰেই সমৰ্থন নকৰে। টুইংকলে এনেধৰণৰ বক্তব্য দি ভাৰতীয় সংস্কৃতিক অসন্মান কৰিছে। শেহতীয়াকৈ এই বিতৰ্কৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টুইংকলে কয় যে, “সেয়া আছিল এটা সাধাৰণ আড্ডা। ই কেৱল এটা কৌতুক আছিল। ই কোনো সম্পৰ্কৰ বিষয়ে গুৰুতৰ আলোচনা নাছিল। গতিকে মোৰ কথাবোৰ গুৰুত্বসহকাৰে নল’লে ভাল।”