বলীউডৰ এইগৰাকী নায়িকাৰ প্ৰেমত পৰিছিল ৰতন টাটা! গঢ়ি উঠিছিল সম্পৰ্কও, তাৰ পিছত…

বিগত বৰ্ষৰ অক্টোবৰত বিশ্বজুৰি থকা অলেখ গুণমুগ্ধৰ মন শোকাকুল কৰি চিৰদিনৰ বাবে চকু মুদিছিল ৰতন টাটাই। এইগৰাকী ৰতন টাটা পিছে চিৰজীৱন অবিবাহিত হৈ ৰ’ল, অকলেই কটালে জীৱনৰ ৮৬টা বছৰ। পিছে তেওঁৰ জীৱনলৈও আহিছিল প্ৰেমৰ স্পৰ্শ। বলীউডৰ এগৰাকী অভিনেত্ৰীৰ সৈতে আছিল টাটাৰ প্ৰেমৰ সম্পৰ্ক। কোন এই অভিনেত্ৰী, চাওঁ আহক।

বলীউডৰ এইগৰাকী নায়িকাৰ প্ৰেমত পৰিছিল ৰতন টাটা! গঢ়ি উঠিছিল সম্পৰ্কও, তাৰ পিছত...

ৰতন টাটা

Published: 

04 Jul 2025 | 04:23 PM

ৰতন টাটা দেশৰ লগতে সমগ্ৰ বিশ্বতে বন্দিত এটি নাম বিগত বৰ্ষৰ অক্টোবৰত বিশ্বজুৰি থকা অলেখ গুণমুগ্ধৰ মন শোকাকুল কৰি চিৰদিনৰ বাবে চকু মুদিছিল দেশৰ এই প্ৰখ্যাত উদ্যোগপতিগৰাকীয়ে মৃত্যুৰ পিছতো এতিয়াও সকলোৰে মুখে মুখে শুনা যায় তেওঁৰ গুণগান এয়াই ৰতন টাটাৰ জীৱনৰ খ্যাতি এক বিশাল আৰ্থিক সাম্ৰাজ্যৰ অধিকাৰী হৈও অহংকাৰহীন সহজসৰল জীৱনেৰে ৰতন টাটাই দেখুৱাই মানৱীয়তাৰ সজগুণ সেয়ে আজিও তেওঁ বহু লোকৰ বাবে প্ৰেৰণা।

এইগৰাকী ৰতন টাটা পিছে চিৰজীৱন অবিবাহিত হৈ , অকলেই কটালে জীৱনৰ ৮৬টা বছৰ। নিজ মুখেই তেওঁ কেইবাটাও সাক্ষাৎকাৰত উল্লেখ কৰিছিল যে বহুবাৰ তেওঁৰ বিবাহ সন্দৰ্ভত আলোচনা হৈছিল, কিন্তু মূৰকত এনে আলোচনা কেৱল মাথো আলোচনা হৈয়েই ৰৈ গৈছিল

বৈবাহিক বান্ধোনত বান্ধ নাখালে পিছে ৰতন টাটাৰ হৃদয়ত বসন্তৰ বা লগা নাছিল, এনে নহয় টাটাৰ জীৱনলৈও আহিছিল প্ৰেমৰ স্পৰ্শ, গঢ়ি উঠিছিল এক সুসম্পৰ্কও মাত্ৰ এই সম্পৰ্কই ৰূপ লোৱা নাছিল বিবাহৰ পিছে কোন আছিল ৰতন টাটাৰ প্ৰেমৰ সংগী! সেয়া স্বাভাৱিকতেই সকলোৰে মনত উদয় হোৱা প্ৰশ্ন

কোৱা হয়, ৰতন টাটাৰ প্ৰেমত পৰিছিল বলীউডৰ এগৰাকী অভিনেত্ৰী। ১৯৪৪ চনৰ ১৭ অক্টোবৰত পঞ্জাৱৰ লুধিয়ানাৰ এটা গৰেৱাল জাট-শিখ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ৰতন টাটাৰ এই প্ৰেয়সীগৰাকীয়ে। ইয়াৰ পিছত তেওঁ কেইবাদিনো বিদেশত আছিল। অৱশ্যে ‘টাৰ্জান গ’জ টু ইণ্ডিয়া’ ছবিখনৰ জৰিয়তে তেওঁ কম বয়সতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

তাৰ পিছত আৰু তেওঁ পিছলৈ ঘূৰি চোৱা নাছিল। সত্যজিত ৰায়ৰ “অৰণ্যেৰ দিনৰাত্ৰি”ৰ পৰা আৰম্ভ কৰি ৰাজ কাপুৰৰ “মেৰা নাম জোকাৰ” ছবিলৈকে অভিনয় কৰিছিল এই অভিনেত্ৰীগৰাকীয়ে। হৈ পৰিছিল দৰ্শকৰ প্ৰিয় এতিয়া নিশ্চয় বুজি পাইছে, সেই অভিনেত্ৰীগৰাকী কোন আছিল তেওঁ আন কোনো নহয়, বলীউডৰ মোহময়ী অভিনেত্ৰী ছিমি গৰেৱালেই আছিল টাটাৰ সেইগৰাকী প্ৰেয়সী।

অৱশ্যে তেওঁলোকৰ প্ৰেমে পূৰ্ণতা নাপালে দুয়োৰে মাজৰ সম্পৰ্কলৈ আহিল বিচ্ছেদ। টাটাগৰেৱালৰ প্ৰেমৰ সম্পৰ্ক কিয় ছিন্ন , সেয়া এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে পিছত এক সাক্ষাৎকাৰত ছিমিয়ে ৰতন টাটাৰ বিষয়ে মুকলিকৈ মন্তব্য কৰিছিল দুয়োৰে মাজৰ সম্পৰ্ক যথেষ্ট পুৰণি বুলি উল্লেখ কৰি ৰতন টাটাক অত্যন্ত ভাল মানুহ বুলি অভিহিত কৰিছিল ছিমি গৰেৱালে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...