‘লাজ নালাগে নে আপোনালোকৰ…’ কাক উদ্দেশি গৰজি উঠিল ছানী দেউল?

ধৰ্মেন্দ্ৰৰ মুম্বাইৰ ঘৰৰ বাহিৰত পাপাৰাজীৰ ভিৰ। বুধবাৰে পুৱা ব্ৰিচ কেণ্ডি হাস্পতালৰ পৰা ৰিলিজ দিয়া হয় বিশিষ্ট অভিনেতাজনক। কিন্তু ঘৰৰ বাহিৰত পাপাৰাজীৰ ভিৰ দেখি খঙত অগ্নিশৰ্মা হৈ উঠে পুত্ৰ ছানী দেউলে। কিন্তু কিয়?

লাজ নালাগে নে আপোনালোকৰ... কাক উদ্দেশি গৰজি উঠিল ছানী দেউল?
Published: 

13 Nov 2025 | 01:54 PM

কিছু সুস্থ হৈছে অভিনেতা ধৰ্মেন্দ্ৰ। পিতৃ সুস্থ হৈ উঠাৰ সময়তে পিতৃ ধৰ্মেন্দ্ৰৰ সৈতে বেছিভাগ সময় কটাইছে অভিনেতা ছানী দেউলে। মঙলবাৰে পুৱা মুম্বাইত ঘৰৰ সন্মুখত পাপাৰাজীৰ দেখি খং উঠে অভিনেতাজনৰ। শেহতীয়াকৈ ধৰ্মেন্দ্ৰক ব্ৰিচ কেণ্ডি হাস্পতালৰ পৰা ৰিলিজ দিয়া হৈছে, তেতিয়াৰ পৰাই ছানীয়ে তেওঁক পিতৃৰ সৈতে অনবৰত ব্যস্ত হৈ আছে।

আজি পুৱাৰ ধৰ্মেন্দ্ৰৰ মুম্বাইৰ ঘৰৰ বাহিৰত পাপাৰাজীৰ ভিৰ দেখা যায়। কিন্তু ঘৰৰ বাহিৰত পাপাৰাজীৰ ভিৰ দেখি খঙত অগ্নিশৰ্মা হৈ উঠে পুত্ৰ ছানী দেউল। ছানীয়ে হাত জোৰ কৰি পাপাৰাজীক কয়, “ লাজ নালাগে নে আপোনালোকৰ , ঘৰত মা-দেউতা আছে, আপোনাৰ সন্তান আছে… লাজ নালাগে?

বিশেষকৈ যি সময়ত ধৰ্মেন্দ্ৰক ঘৰত জিৰণি আৰু শান্ত পৰিৱেশৰ প্ৰয়োজন হয়, সেই সময়ত অহৰহ পাপাৰাজীৰ কোলাহলৰ পৰাই যেন পৰিৱেশটো অশান্ত কৰি তুলিছে। সাধাৰণতে সংবাদ মাধ্যমৰ সৈতে ভদ্ৰ হৈ থকা অভিনেতাগৰাকীয়ে পাপাৰাজীসকলক দেখি খঙৰ লগতে আৱেগিক হৈ পৰে।

বিগত কিছুদিন ধৰি চিকিৎসাধীন হৈ থকা ৮৯ বছৰীয়া তাৰকাগৰাকী। ঘৰতে আৰোগ্য লাভ কৰাৰ বাবে চিকিৎসা অব্যাহত ৰাখিব। ইয়াৰ পূৰ্বে তেওঁৰ কন্যা ইশা দেউলে অনুৰাগীসকলক তেওঁৰ স্বাস্থ্যৰ বিষয়ে ভুৱা বাতৰি প্ৰচাৰ কৰি থকাৰ ওপৰত মাত মাতিছিল আৰু সকলোকে পিতৃ সুস্থিৰ বুলি কৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...