ছলমান খানৰ ফাৰ্ম হাউচত ৩ নিশা কটালে শ্বেহনাজ গিলে! ক’লে, কি কৰিছিল অভিনেতাগৰাকীয়ে…

Salman Khan Farmhouse: প্ৰায়ে চৰ্চাত থাকে বলীউড অভিনেতা ছলমান খানৰ ফাৰ্ম হাউচ। এই ফাৰ্ম হাউচটোলৈ বিভিন্ন সময়ত বহুতক নিমন্ত্ৰণ জনোৱা হয়। অভিনেত্ৰী শ্বেহনাজ গিলো ইয়াত ৩ নিশা কটায়।

ছলমান খানৰ ফাৰ্ম হাউচত ৩ নিশা কটালে শ্বেহনাজ গিলে! কলে, কি কৰিছিল অভিনেতাগৰাকীয়ে...

ছলমান খান-শ্বেহনাজ

Published: 

12 Nov 2025 | 02:58 PM

প্ৰায়ে চৰ্চাত থাকে বলীউড অভিনেতা ছলমান খানৰ পানভেলস্থিত ফাৰ্মহাউচ। এই ফাৰ্ম হাউচটোত বিভিন্ন সময়ত বহু অতিথিক নিমন্ত্ৰণ জনোৱা হয়। প্ৰায় সকলো অনুৰাগী জানিবলৈ ইচ্ছুক যে এই ফাৰ্ম হাউচটোৰ ভিতৰত কি আছে আৰু কি হয়। কিয়নো ফাৰ্ম হাউচটোক লৈ বিভিন্ন সময়ত বহু উৰা বাতৰি প্ৰচাৰ হোৱাও দেখা যায়। কিছুমাহ পূৰ্বে অভিনেতা ৰাঘৱ জুৱালে ভাইজানৰ ফাৰ্ম হাউছৰ ভিতৰুৱা ৰাজপ্ৰসাদৰ খবৰ ফাদিল কৰিছিল। তেওঁ স্পষ্টকৈ কৈছিল যে ছলমানৰ ফাৰ্ম হাউচত তেওঁ ঘোঁৰাই সম্পৰ্ক স্থাপন কৰি থকা দেখা পাইছিল।

এতিয়া অভিনেত্ৰী শ্বেহনাজ গিলে ফাৰ্ম হাউচ সন্দৰ্ভত নতুন তথ্য প্ৰকাশ কৰিছে। বিগ বছৰ পৰা জনপ্ৰিয়তা লাভ কৰা শ্বেহনাজক ছলমান খানৰ সৈতে ‘কিছি কা ভাই, কিচি কি জান’ ছবিত দেখিবলৈ পোৱা গৈছিল। যাৰ বাবে তেওঁ ছলমানৰ ফাৰ্ম হাউচলৈ নিমন্ত্ৰণ লাভ কৰিছিল। ফাৰ্ম হাউচটোত তিনিটা নিশা কটাইছিল তেওঁ। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে এক সাক্ষাৎকাৰত এই তিনিটা নিশাৰ অভিজ্ঞতা ব্যক্ত কৰে।

শ্বেহনাজে কয়, “ছবিখনৰ গোটেই টীমটো ফাৰ্ম হাউচলৈ গৈছিলো। সেয়া বৰ ভাল অভিজ্ঞতা আছিল। বহুত আনন্দ স্ফূৰ্তি কৰিছিলো আমি। এই ফাৰ্ম হাউচটো অতি বৃহৎ এলেকাত নিৰ্মাণ কৰা হৈছে। এদিনতে গোটেইখিনি চাই শেষ কৰা সম্ভৱ নহয়। সেইবাবে  আমি এ টি এছ স্কুটাৰত উঠি ফাৰ্ম হাউচৰ চাৰিওফালে ঘূৰি ফুৰিছিলো। ফাৰ্ম হাউচটোত হাবি আছে, জলপ্ৰপাত আছে, হ্ৰদ আছে, সকলো আছে। প্ৰায় এখন গাঁৱৰ দৰেই। ”

শ্বেহনাজে লগতে কয়, “ছালমানে আমাৰ লগত বহুত ভাল ব্যৱহাৰ কৰিছিল। তেওঁ অতিথি পৰায়ণ। তেওঁ নিজেই বাৰীৰ পৰা ৰঙালাউ আনি আমাৰ বাবে ৰান্ধিছিল। দুপৰীয়া হওক বা নিশা সকলো সময়তে খাদ্য অতি তৃপ্তিকৰ আছিল। আমি সেই সময়ত চিনেমাৰ বিষয়ে কথা পাছিছিলো। যদি ফাৰ্ম হাউচটোত নগ’লোহেতেন তেন্তে গ’মেই নাপালোহেতেন যে ভাইজান ইমান দয়ালু”।

 

অন্য খবৰ পঢ়কঃ মাতৃৰ হৈছিল সন্দেহ! পুৰুষ বন্ধুৰ সৈতে বন্ধ কোঠাৰ ভিতৰত কি কৰিছিল সঞ্জই দত্তই…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...