শ্বাহৰুখ খানৰ প্ৰাইভেট জেটখনৰ ভিতৰৰ অংশ কেনেকুৱা?

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল শ্বাহৰুখৰ এখন ছবি। য’ত ব্যক্তিগত জেট বিমানখনৰ ভিতৰত শ্বাহৰুখৰ সৈতে এগৰাকী বিমান হষ্টেচ কাষত থিয় হৈ থকা দেখা গৈছিল। আৰু

শ্বাহৰুখ খানৰ প্ৰাইভেট জেটখনৰ ভিতৰৰ অংশ কেনেকুৱা?
Updated On: 

28 Oct 2025 | 01:08 PM

অহা ২ নৱেম্বৰত ৬০ বছৰ সম্পূৰ্ণ হ’ব বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ। কিন্তু শ্বাহৰুখক দেখিলে কোনেও বিশ্বাস নকৰিব যে, তেওঁৰ বয়স ৬০ বছৰ। ফিটনেছৰ ক্ষেত্ৰত অধিক গুৰুত্ব দি আহিছে শ্বাহৰুখ খানে । ৰোমাঞ্চৰ ক্ষেত্ৰতো অৱশ্যে তেওঁৰ লগত প্ৰায় কোনেও তুলনা কৰিব নোৱাৰে। পিছে এই প্ৰতিবেদন তেওঁৰ বয়সক লৈ নহয়, এই প্ৰতিবেদন তেওঁ প্ৰাইভেট জেটখনক লৈহে।

ছ’চিয়েল মিডিয়াত বিয়পি পৰা বিভিন্ন ফটোৰ জৰিয়তে শ্বাহৰুখৰ অট্টালিকাৰ ভিতৰভাগ কেনেকুৱা তাৰ আভাস পোৱা যায়। দৰাচলতে বলীউডৰ বহু অভিনেতা অট্টালিকাটোত প্ৰৱেশ কৰাৰ পিছত সংবাদ মাধ্যমে এই সন্দৰ্ভত বিভিন্ন ধৰণৰ মন্তব্য কৰিছিল। শ্বাহৰুখে নিজেই তেওঁৰ জীৱনৰ ওপৰত নিৰ্মিত এখন তথ্যচিত্ৰত নিজৰ অট্টালিকাৰ ভিতৰৰ অংশ দেখুৱাইছিল। আৰু এতিয়া এগৰাকী বিমান হষ্টেচে শ্বাহৰুখৰ ব্যক্তিগত জেটখনৰ আভাস দেখুৱালে।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল শ্বাহৰুখৰ এখন ছবি। য’ত ব্যক্তিগত জেটখনৰ ভিতৰত শ্বাহৰুখৰ সৈতে এগৰাকী বিমান হষ্টেচ কাষত থিয় হৈ থকা দেখা গৈছিল। আৰু এই ছবিখনৰ পৰা অনুৰাগীসকলে বলীউডৰ তাৰকাগৰাকীৰ ব্যক্তিগত জেটখন দেখাত কেনেকুৱা তাৰ ধাৰণা লাভ কৰে।

ব্যক্তিগত জেটখনৰ ভিতৰত বগা আৰু ৰঙা লাইট আছে। আসনৰ চামৰাৰ কভাৰবোৰ ক্ৰীম ৰঙৰ। বিমানখনত লেগ স্পেচ বহুত আছে। বিমানখনৰ চিলিঙৰ ৰং ৰঙা। এটা কথা স্পষ্ট যে, যিকোনো আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাৰ বিমানৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে শ্বাহৰুখৰ ব্যক্তিগত জেটখনে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...