শ্বাহৰুখ খানৰ প্ৰাইভেট জেটখনৰ ভিতৰৰ অংশ কেনেকুৱা?

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল শ্বাহৰুখৰ এখন ছবি। য’ত ব্যক্তিগত জেট বিমানখনৰ ভিতৰত শ্বাহৰুখৰ সৈতে এগৰাকী বিমান হষ্টেচ কাষত থিয় হৈ থকা দেখা গৈছিল। আৰু

শ্বাহৰুখ খানৰ প্ৰাইভেট জেটখনৰ ভিতৰৰ অংশ কেনেকুৱা?
Updated On: 

28 Oct 2025 13:08 PM

অহা ২ নৱেম্বৰত ৬০ বছৰ সম্পূৰ্ণ হ’ব বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ। কিন্তু শ্বাহৰুখক দেখিলে কোনেও বিশ্বাস নকৰিব যে, তেওঁৰ বয়স ৬০ বছৰ। ফিটনেছৰ ক্ষেত্ৰত অধিক গুৰুত্ব দি আহিছে শ্বাহৰুখ খানে । ৰোমাঞ্চৰ ক্ষেত্ৰতো অৱশ্যে তেওঁৰ লগত প্ৰায় কোনেও তুলনা কৰিব নোৱাৰে। পিছে এই প্ৰতিবেদন তেওঁৰ বয়সক লৈ নহয়, এই প্ৰতিবেদন তেওঁ প্ৰাইভেট জেটখনক লৈহে।

ছ’চিয়েল মিডিয়াত বিয়পি পৰা বিভিন্ন ফটোৰ জৰিয়তে শ্বাহৰুখৰ অট্টালিকাৰ ভিতৰভাগ কেনেকুৱা তাৰ আভাস পোৱা যায়। দৰাচলতে বলীউডৰ বহু অভিনেতা অট্টালিকাটোত প্ৰৱেশ কৰাৰ পিছত সংবাদ মাধ্যমে এই সন্দৰ্ভত বিভিন্ন ধৰণৰ মন্তব্য কৰিছিল। শ্বাহৰুখে নিজেই তেওঁৰ জীৱনৰ ওপৰত নিৰ্মিত এখন তথ্যচিত্ৰত নিজৰ অট্টালিকাৰ ভিতৰৰ অংশ দেখুৱাইছিল। আৰু এতিয়া এগৰাকী বিমান হষ্টেচে শ্বাহৰুখৰ ব্যক্তিগত জেটখনৰ আভাস দেখুৱালে।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল শ্বাহৰুখৰ এখন ছবি। য’ত ব্যক্তিগত জেটখনৰ ভিতৰত শ্বাহৰুখৰ সৈতে এগৰাকী বিমান হষ্টেচ কাষত থিয় হৈ থকা দেখা গৈছিল। আৰু এই ছবিখনৰ পৰা অনুৰাগীসকলে বলীউডৰ তাৰকাগৰাকীৰ ব্যক্তিগত জেটখন দেখাত কেনেকুৱা তাৰ ধাৰণা লাভ কৰে।

ব্যক্তিগত জেটখনৰ ভিতৰত বগা আৰু ৰঙা লাইট আছে। আসনৰ চামৰাৰ কভাৰবোৰ ক্ৰীম ৰঙৰ। বিমানখনত লেগ স্পেচ বহুত আছে। বিমানখনৰ চিলিঙৰ ৰং ৰঙা। এটা কথা স্পষ্ট যে, যিকোনো আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাৰ বিমানৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে শ্বাহৰুখৰ ব্যক্তিগত জেটখনে।

চুলি চিঙি চিঙি যায় নেকি? কেনেকৈ দূৰ কৰিব সমস্যা জানক
অষ্ট্ৰেলিয়াৰ বিপক্ষে টি-২০ শৃংখলাত নিশ্চিত ভাৰতৰ জয়! এই কাৰণে আপোনাকো কৰিব ‘আত্মবিশ্বাসী’
শীতকালত উচ্চ ৰক্তচাপ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি?
দেহ-মন সুস্থ ৰাখিবলৈ কিমান খাদ্য খাব লাগে? প্ৰেমানন্দ মহাৰাজৰ মতে...