শ্বাহৰুখ খানলৈ প্ৰথমটো ৰাষ্ট্ৰীয় বঁটা, পিছে লাভ নকৰে সম্পূৰ্ণ ধন, কিন্তু কিয়?

এই বঁটা শ্বাহৰুখ খানৰ কেৰিয়াৰৰ এক নতুন সংযোজন। ইয়াৰ পূৰ্বে পদ্মশ্ৰী, ফ্ৰান্সৰ ‘অৰ্ডৰ ডেছ আৰ্টছ এট ডেছ লেট্ৰেছ’ আৰু ‘লেজিয়ন ডি অ’ৰ’কে ধৰি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হৈছে। কিন্তু ইমান বছৰত ইমান আন্তৰ্জাতিক খ্যাতি অৰ্জন কৰাৰ পিছতো ভাৰতৰ সৰ্বোচ্চ চলচ্চিত্ৰ বঁটা এয়াই প্ৰথম।

শ্বাহৰুখ খানলৈ প্ৰথমটো ৰাষ্ট্ৰীয় বঁটা, পিছে লাভ নকৰে সম্পূৰ্ণ ধন, কিন্তু কিয়?

শ্বাহৰুখ খানলৈ প্ৰথমটো ৰাষ্ট্ৰীয় বঁটা

Updated On: 

24 Sep 2025 | 02:58 PM

অৱশেষত বলীউডৰ কিং শ্বাহৰুখ খানে লাভ কৰিলে ৰাষ্ট্ৰীয় স্বীকৃতি। তিনি দশকৰো অধিক সময় হিন্দী চিনেমা জগতত  শাসন কৰাৰ পাছত “জৱান” ছবিখনে কিং খানক এই সন্মান উপহাৰ দিয়ে। এই ছবিখনত কৰা অভিনয়ৰ বাবে কিঙে ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে।

এটলীৰ পৰিচালনাত নিৰ্মিত এই ছবিখন ২০২৩ চনৰ অন্যতম ব্লকবাষ্টাৰ ছবি, যিয়ে দেশত প্ৰায় ৬৪০ কোটি টকা আৰু বিশ্বজুৰি বক্স অফিচত ১০০০ কোটিৰো অধিক টকা উপাৰ্জন কৰিছিল।এই বঁটা শ্বাহৰুখ খানৰ কেৰিয়াৰৰ এক নতুন সংযোজন। ইয়াৰ পূৰ্বে পদ্মশ্ৰী, ফ্ৰান্সৰ ‘অৰ্ডৰ ডেছ আৰ্টছ এট ডেছ লেট্ৰেছ’ আৰু ‘লেজিয়ন ডি অ’ৰ’কে ধৰি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হৈছে।

কিন্তু ইমান বছৰত ইমান আন্তৰ্জাতিক খ্যাতি অৰ্জন কৰাৰ পিছতো ভাৰতৰ সৰ্বোচ্চ চলচ্চিত্ৰ বঁটা এয়াই প্ৰথম। মঙলবাৰে সন্ধিয়া ঠিক ৫:৩০ বজাত শ্বাহৰুখ খানৰ হাতত প্ৰমাণ পত্ৰ প্ৰদান কৰে। তাৰ নিমিষতে ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি হয়। আৱেগিক হৈ পৰে কিঙৰ অনুৰাগী।ছ’চিয়েল মিডিয়া সম্প্ৰতি শুভেচ্ছাৰে উপচি পৰিছে।

অৱশ্যে বঁটা লাভ কৰাৰ পাছতো শ্বাহৰুখ খানে লাভ কৰা নাই সম্পূৰ্ণ নগদ ধন। এই ধন তেওঁ ভাগ কৰিব লাগিব। কাৰণ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা – ২০২৩ চনৰ শাখাত দুজনৰ নাম ঘোষণা কৰা হৈছে। শ্বাহৰুখৰ সৈতে “12th Fail” ছবিখনত অভিনয় কৰিব অভিনেতা বিক্ৰান্ত মেছীয়ে একেটা বঁটা লাভ কৰে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ নিয়ম অনুসৰি যৌথ বিজয়ৰ ক্ষেত্ৰত দুয়োগৰাকী বিজয়ীয়ে পৃথক পৃথক পদক আৰু প্ৰমাণ পত্ৰ লাভ কৰে যদিও নগদ দুই লাখ টকাৰ পুৰস্কাৰ সমানে ভাগ কৰা হয়। ফলত শ্বাহৰুখ আৰু বিক্ৰান্তে লাভ কৰিব ১ লাখকৈ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...