দুই সন্তান আৰিয়ান-সুহানাৰ বাবে ছবি বাদ দিছে শ্বাহৰুখে! নিজ মুখে ক’লে এইদৰে…

অৱশ্যে শ্বাহৰুখৰ জন্মদিনৰ চৰ্চা ইমানতে অন্ত পৰা নাই। নিৰাপত্তাজনিত কাৰণত এইবাৰ জন্মদিনত অনুৰাগীক সাক্ষাৎ কৰা নাই শ্বাহৰুখে। তাৰ পিছতো অৱশ্যে ভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে কিং খানে। এনে এক প্ৰশ্নৰ উত্তৰতে শ্বাহৰুখে দুই সন্তান আৰিয়ান আৰু সুহানাৰ জন্মৰ পিছত তেওঁ ইখনৰ পিছত সিখনকৈ ছবি এৰিবলৈ বাধ্য হোৱা বুলি উল্লেখ কৰে।

দুই সন্তান আৰিয়ান-সুহানাৰ বাবে ছবি বাদ দিছে শ্বাহৰুখে! নিজ মুখে ক’লে এইদৰে...

দুই সন্তানৰ সৈতে শ্বাহৰুখ খান

Updated On: 

04 Nov 2025 15:32 PM

দেওবাৰে জীৱনৰ ৬০টা বসন্ত স্পৰ্শ কৰিলে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে। নিজৰ প্ৰখ্যাত বাংলো মন্নতৰ পৰিৱৰ্তে এইবাৰ আলিবাগস্থিত বাংলোত জন্মদিন উদযাপন কৰে কিং খানে। শ্বাহৰুখৰ এইজন্মদিনৰ পাৰ্টিত উপস্থিত থাকে বলীউডৰ বহুকেইজন চেলিব্ৰিটি। এই জন্মদিনত অনুৰাগীক এক ডাঙৰ ৰিটাৰ্ণ গিফ্ট দিয়ে শ্বাহৰুখে। জোৱান, পাঠান আৰু ডাংকিৰ পিছত শ্বাহৰুখৰ পৰৱৰ্তী ছবিক কেন্দ্ৰ কৰি অনুৰাগীৰ মাজত দেখা গৈছে অত্যন্ত কৌতুহল। এতিয়া জন্মদিনৰ দিনাই শ্বাহৰুখৰ নতুন ছবি ‘কিং’ৰ টিজাৰ মুকলি কৰা হৈছে।

অৱশ্যে শ্বাহৰুখৰ জন্মদিনৰ চৰ্চা ইমানতে অন্ত পৰা নাই। নিৰাপত্তাজনিত কাৰণত এইবাৰ জন্মদিনত অনুৰাগীক সাক্ষাৎ কৰা নাই শ্বাহৰুখে। তাৰ পিছতো অৱশ্যে ভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে কিং খানে। এনে এক প্ৰশ্নৰ উত্তৰতে শ্বাহৰুখে দুই সন্তান আৰিয়ান আৰু সুহানাৰ জন্মৰ পিছত তেওঁ ইখনৰ পিছত সিখনকৈ ছবি এৰিবলৈ বাধ্য হোৱা বুলি উল্লেখ কৰে।

কেৰিয়াৰৰ আৰম্ভণিতে শ্বাহৰুখে ছবিৰ বিশেষ বাচ-বিচাৰ কৰা নাছিল। বলীউডত খোপনি পুতিবলৈ তেওঁ হাতলৈ অহা যিকোনো ছবিতে কাম কৰিলে। এনে কাৰণতে শ্বাহৰুখৰ প্ৰাৰম্ভিক বহু ছবি বক্স অফিচত ফ্লপ হৈছিল। লগতে শ্বাহৰুখ অভিনীত এনে বহু ছবিৰ মানদণ্ডও আছিল মধ্যমীয়া। এনে ছবিত কেতিয়াবা যদি দেখা গৈছে তীব্ৰ একচন, কেতিয়াবা আকৌ অশ্লীল সংলাপ।

কিন্তু পুত্ৰ আৰিয়ান আৰু কন্যা সুহানাৰ জন্মৰ পিছত শ্বাহৰুখ যেন ছবি বাছনি কৰাত কিছু সচেতন হৈ পৰে। সেইবাবেই তেওঁ কোনো সংকোচ নোহোৱাকৈ বহু ছবি ত্যাগ কৰে। এই সন্দৰ্ভত শ্বাহৰুখে কয়, “মই কোনো বেয়া, অশ্লীল সংলাপ ক’ব বিচৰা নাছিলো। মোৰ সন্তানৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ পৰাটো মই বিচৰা নাছিলো।”

“মই অনুভৱ কৰিছিলো যে চিনেমাত অভিনয়ৰ স্বাৰ্থত মই বহুত কাম কৰিব লাগিব, যিবোৰ মোৰ সন্তানে দেখিলে বেয়া প্ৰভাৱ পৰিব পাৰে। সেইবাবেই বহু ছবি এৰি থৈ আহিলো। মই আটাইতকৈ বেছি গুৰুত্ব দিলো চিত্ৰনাট্যখনত। আৰু মই এতিয়াও তেনেকুৱাই কৰি আছো।”- এইদৰে কয় বলীউডৰ বাদশ্বাহ খ্যাত শ্বাহৰুখ খানে।

শীতকালত ছালৰ যত্নৰ বাবে অধিক গুৰুত্বপূৰ্ণ কি? জানো আহক টিপচ
এইবোৰ অভ্যাস আজিয়ে ত্যাগ কৰক, বিশেষজ্ঞৰ পৰা লিভাৰ দুৰ্বল হোৱাৰ কাৰণবোৰ জানক
ডায়েবেটিছ, হৃদৰোগ...টোপনিৰ অভাৱৰ ফলত কি কি হ'ব পাৰে জানক...
কিডনী ষ্টোন হ'লে কি কৰিব? উপশম পোৱাৰ ঘৰুৱা উপায় জানক