মাতৃৰ হৈছিল সন্দেহ! পুৰুষ বন্ধুৰ সৈতে বন্ধ কোঠাৰ ভিতৰত কি কৰিছিল সঞ্জই দত্তই…

অভিনেতা সঞ্জয় দত্ত সন্দৰ্ভত বিভিন্ন সময়ত বহু খবৰ পোহৰলৈ আহে। তেওঁৰ জীৱনত বহু ঘটনা ঘটি হৈছে। জেলতো থাকিবলগীয়া হৈছিল তেওঁ। মহিলাৰ প্ৰতি সঞ্জয়ৰ আছিল বিশেষ টান। পিছে তেওঁৰ মাতৃয়ে পুৰুষৰ সৈতেও সন্দেহ কৰিছিল পুত্ৰক!

মাতৃৰ হৈছিল সন্দেহ! পুৰুষ বন্ধুৰ সৈতে বন্ধ কোঠাৰ ভিতৰত কি কৰিছিল সঞ্জই দত্তই...

সঞ্জয় দত্ত

Published: 

09 Nov 2025 | 07:03 PM

বলীউডৰ জনপ্ৰিয় অভিনেতাসকলৰ ভিতৰত অন্যতম সঞ্জয় দত্ত। এইগৰাকী অভিনেতাৰ জীৱন কাহিনীকলৈ প্ৰায় বহুতে জ্ঞাত। মহিলাৰ পৰা আৰম্ভ কৰি বিভিন্ন কু-কাণ্ডলৈ বিভিন্ন ক্ষেত্ৰত নাম সাঙোৰ খাইছিল সঞ্জয়। আত্মজীৱনীত দাবী কৰা অনুসৰি এতিয়ালৈকে সঞ্জয়ে ৩৫০ গৰাকী মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছে। তেওঁৰ নাম অৱশ্যে বলীউডতে নহয়, বিভিন্ন ক্ষেত্ৰৰ নাৰীৰ সৈতে জড়িত হৈ আছে।

কিন্তু আপুনি জানেনে, সঞ্জয়ৰ মাতৃ নাৰ্গিছে তেওঁক সমকামী বুলি ভাবিছিল? এক কথাক নাৰ্গিছে ভাবিছিল, তেওঁৰ পুত্ৰ পুৰুষৰ প্ৰতি আকৰ্ষিত। সঞ্জয়ে ঘন্টাৰ পাছত ঘন্টা ধৰি পুৰুষ বন্ধুৰ সৈতে কোঠাত সোমাই আছিল, গতিকে মাতৃয়ে ভাবিছিল তেওঁৰ পুত্ৰৰ পুৰুষৰ সৈতেও সম্পৰ্ক আছে। সেয়ে কোঠাৰ ভিতৰত তেওঁলোকে যৌন সম্পৰ্ক স্থাপনত ব্যস্ত থাকে। পিছে এয়া সঁচা আছিল নে? সঞ্জয়ৰ আত্মজীৱনীত ইয়াৰ উত্তৰ দিছিল ভগ্নী প্ৰিয়াই।

নাৰ্গিছে প্ৰায়ে দেখিছিল যে, যেতিয়াই কোনো পুৰুষ বন্ধু আহে তেতিয়াই সঞ্জয়ে কোঠাৰ দুৱাৰ বন্ধ কৰি দিয়ে। পাছত ঘন্টাৰ পাছত ঘন্টা পাৰ হৈ যায়। কিন্তু দুৱাৰ নোখোলে তেওঁ। যাৰ বাবে নাৰ্গিছৰ মনত প্ৰশ্ন আহিছিল, সঞ্জয় সমকামী নেকি? অৱশ্যে তেনে নহয়। সঞ্জয়ে বন্ধ কোঠাৰ ভিতৰত আন এক কামত ব্যস্ত আছিল।

আত্মজীৱনীত উল্লেখ থকা অনুসৰি, বন্ধ কোঠাৰ ভিতৰত সঞ্জয়ে কোনো পুৰুষৰ সৈতে যৌন সম্পৰ্কত ব্যস্ত নাছিল। তেওঁ ব্যস্ত আছিল নিচাযুক্ত দ্ৰব্য সেৱন কৰাত। অনবৰত তেওঁ মদ খাইছিল, ড্ৰাগছ খাইছিল আৰু অন্ধকাৰ পৃথিৱী এখনৰ ভিতৰলৈ সোমাই গৈছিল। নাৰ্গিছেও বহু ক্ষেত্ৰত এই কথা গম পাইছিল, কিন্তু বিশ্বাস কৰিব বিচৰা নাছিল। কিয়নো তেওঁৰ চকুৰ আগতেই যেন ধ্বংস হৈ গৈছিল পুত্ৰ।

উল্লেখ্য যে, সঞ্জয়ৰ প্ৰথমখন ছবি ‘ৰকি’ মুক্তি পোৱাৰ ঠিক আগতেই নৰ্গিছৰ মৃত্যু হয়। পুত্ৰৰ সফলতাৰ সাক্ষী হ’ব পৰা নাছিল মাতৃ। সঞ্জয়ে জীৱনত বহু উত্থান-পতন দেখিছে। সেইবোৰ অতিক্ৰম কৰি এতিয়া তেওঁ জীৱনত থিতাপি লৈছে। কেন্সাৰকো জয় কৰিছে তেওঁ। বৰ্তমান দুটা সন্তাৰ সৈতে সুখী জীৱন কটাই আছে সঞ্জয়ে।

 

অন্য খবৰ পঢ়কঃ হঠাৎ কি হ’ল? সকলোৰে আগত অমিতাভে সাৱতি ধৰিলে ৰেখাক, মচি দিলে চকুপানী…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...