হাজাৰ টকাত ১০টা চুম্বন! প্ৰযোজকৰ এই চৰ্ত মানি কি গতি হ’ল ছেইফ আলী খানৰ?
অভিনয়ৰ সেই সংগ্ৰামত ছেইফ আলী খানে এনে কিছুমান কাম কৰিছে, যিবোৰ তেওঁ কেতিয়াও পাহৰিব পৰা নাই। বলীউডৰ কেৰিয়াৰৰ আৰম্ভণিলৈ ঘূৰি চালে এই সকলোবোৰ ঘটনা মনলৈ আহে।

হাজাৰ টকাত ১০টা চুম্বন!
বলীউডৰ ছোটে নৱাব ছৈফ আলী খান। নিজৰ অভিনয়ৰ লগতে ব্যক্তিগত জীৱনৰ বাবে বেছি চৰ্চাত থাকে অভিনেতাজন। বিগত তিনিটা দশক ধৰি নায়ক,খলনায়ক চৰিত্ৰৰ জৰিয়তে ছবিপ্ৰেমী দৰ্শকক মোহিত কৰি আহিছে।
কিন্তু আপুনি জানেনে, এই নবাবৰ ইমান সম্পত্তি থকাৰ পিছতো চলচ্চিত্ৰ জীৱন আৰম্ভ কৰাৰ পিছত বহু সংগ্ৰাম কৰিবলগীয়া হৈছিল। সেই সংগ্ৰামৰ বাবে তেওঁ এনে কিছুমান কাম কৰিছে যিবোৰ ছৈফ আলী খানে এতিয়াও পাহৰিব পৰা নাই। ইমান বছৰ বলীউডত থকাৰ পাছত কেৰিয়াৰৰ আৰম্ভণিলৈ ঘূৰি চালে এনে সকলো ঘটনাই মনলৈ আহে। যিটো সঁচাকৈ আচৰিত। শেহতীয়াকৈ এক সাক্ষাৎকাৰত ছেইফ আলী খানে এনে ঘটনাৰ বিষয়ে কয়।
সেই সময়ত ছেইফৰ বয়স আছিল মাত্ৰ ২১ বছৰ। অভিনেত্ৰী অমৃতা সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । ছাৰাৰ জন্মৰ সময়ত ছেইফে মাত্ৰ ২৫ বছৰ সম্পূৰ্ণ কৰিছিল। আৰম্ভণিৰে পৰাই তেওঁৰ ওপৰত পৰিয়ালৰ দায়িত্ব আছিল। সেই সময়ত এজন প্ৰযোজকে তেওঁক সপ্তাহত ১০০০ টকা দিছিল। কিন্তু এটা চৰ্ত আছিল। প্ৰতিবাৰ চুমা খালেই টকা দিছিল, কমেও দহবাৰ চুমা খাব লাগিছিল। ছেইফেও টকাৰ বাবে এই কাম কৰিলে।
এই সাক্ষাৎকাৰত ছেইফে লগতে কয়, “মই ছবিত ছেকেণ্ড লিড কৰিছো, থাৰ্ড লিডো কৰিছো। মই বহু ভুল ছবি কৰিছো। সেইটোৱেই মোক উদ্যোগটোত ৰাখিছিল। মই ভাবো সেইটোৱেই আছিল মোৰ নেট প্ৰেকটিছ।”