অমিতাভ-অভিষেকে একো কোৱা নাই? ঐশ্বৰ্যৰ সিদ্ধান্তত স্তম্ভিত অনুৰাগী…

এইটো কেনেকৈ সম্ভৱ? অভিষেক বচ্চন-অমিতাভ বচ্চনৰ কি হ’ল? ঐশ্বৰ্যক একো কোৱা নাই। এইদৰে প্ৰশ্ন কৰিলে অনুৰাগীয়ে।

অমিতাভ-অভিষেকে একো কোৱা নাই? ঐশ্বৰ্যৰ সিদ্ধান্তত স্তম্ভিত অনুৰাগী...
Published: 

24 Nov 2025 15:48 PM

দক্ষিণ ভাৰত আৰু বলিউডৰ ছবিৰ বিশেষ প্ৰাৰ্থক্য দেখা নাযায়। বিভিন্ন ছবিত দুয়োটা ইণ্ডাষ্ট্ৰিৰ লোকসকলক একেলগে কাম কৰা দেখা যায়। এই তালিকাত আছে ঐশ্বৰ্য ৰায় বচ্চনো। হঠাতে এটা প্ৰস্তাৱ আহিল ঐশ্বৰ্যলৈ। ছবিখনৰ নাম ৰ’বট। ৰজনীকান্ত অভিনীত এই ছবিখনৰ নায়িকা আছিল তেওঁ। অৱশ্যে এই ছবিখনক লৈ বহুতে কটাক্ষ কৰিছিল ৰজনীকান্তক।

সেই সময়ত মাত্ৰ ছবিখনৰ খবৰ প্ৰকাশ পাইছিল, ইয়াৰ মাজতে ৰজনীকান্তই এটা অদ্ভুত ঘটনাৰ সাক্ষী হৈছিল। শেহতীয়াকৈ অভিনেতাগৰাকীয়ে এক সাক্ষাৎকাৰত সেই কাহিনী শ্বেয়াৰ কৰিছে। কাহিনীটো আছিল এই ধৰণৰ…।

এজন অনুৰাগীয়ে তেওঁক লগ কৰিবলৈ আহিছিল। সেই মতে তেওঁ লগ পাইছিল ৰজনীকান্তক। চকুৰ সন্মুখত ৰজনীকান্তক দেখি অনুৰাগীজন এক প্ৰকাৰে আচৰিত হৈ পৰিল। মূৰত নাই চুলি, এই অৱস্থা কেনেকৈ ! ছবি জগতৰ পৰা অৱসৰ লৈছে নেকি ? ৰজনীকান্তে উত্তৰ দিলে – নহয়। তেওঁ এখন ছবিত অভিনয় কৰি আছে।

ছবিখনৰ নাম ৰ’বট। এই কথা শুনি অনুৰাগীজনে সুখী হৈ ক’লে, “বহুত ভাল।” তেওঁৰ উৎসাহ বৃদ্ধিৰ বাবে ৰজনীকান্তে তেওঁক কয় যে, ঐশ্বৰ্য ৰায় বচ্চনো আছে ছবিখনত। এই কথা শুনি সন্মুখত বহি থকা সেই মানুহজনে আনন্দৰে ক’লে, “বৰ ভাল খবৰ।” কিন্তু ছবিখনৰ নায়ক কোন ? ৰজনীকান্তে অলপ সময় ভাবি নিজেই উত্তৰ দিলে।

এই কথা শুনি অনুৰাগীজন স্তম্ভিত হ’ল। এইটো কেনেকৈ সম্ভৱ? অভিষেক বচ্চন-অমিতাভ বচ্চনৰ কি হ’ল? ঐশ্বৰ্যক একো কোৱা নাই। অনুৰাগীজনে এই কথা কোৱাৰ লগে লগে অস্বস্তিত পৰিল ৰজনীকান্ত। সেই সময়ত অনুৰাগীজনৰ লগত থকাসকলে তেওঁক এইদৰে প্ৰশ্ন কৰাত বাধা দিবলৈ চেষ্টা কৰিছিল। তেওঁ কয়, “এইটো সঁচা কাহিনী।” ৰজনীকান্তে নিজেই এটা সাক্ষাৎকাৰত এই ধেমেলীয়া কাহিনী শ্বেয়াৰ কৰিছিল।

এলঝেইমাৰৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? এই ৰোগ কিয় হয় জানেনে?
ডায়েবেটিছ ৰোগীৰ বাবে মহৌষধি হালধি! এনে উপকাৰিতাৰ কথা শুনিলে আচৰিত হ’ব আপুনি
গাখীৰ চাহ খালে বৃক্কত পাথৰ অৰ্থাৎ কিডনী ষ্ট’ন হয় নেকি? চাহৰ নিচা আছে যদি চাওক এতিয়াই
পুৱাৰ সময়ত কিয় অধিক লোক হাৰ্ট এটেকৰ সন্মুখীন হয়? জানিলে হ’ব পাৰিব সাৱধান
কেতিয়াৰ পৰা আৰম্ভ হ'ব বাবু আঁচনি?
গৌৰৱ গগৈয়ে পাকিস্তানত চৰকাৰ বনাবঃ মুখ্যমন্ত্ৰী
কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ
SR সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে ?