মুক্তি লাভ কৰিলে পুষ্পা-২ দ্যা ৰুলঃ দৰ্শকে কেনে পালে ছবিখন, জানক …

Pushpa 2 the rule:একাংশই ছবিখনত আল্লু অৰ্জুনৰ অভিনয় অত্যন্ত ভাল পাইছে। নৃত্যু আৰু এক্সনৰ একাংশই প্ৰশংসা কৰিছে। এইবাৰ পুষ্পা-২ত আল্লু অৰ্জুনক শাড়ী পিন্ধাও দেখা গৈছে। বিশেষ এয়াই যে এই ছবিত শাড়ী পিন্ধি মাৰপিট কৰে আল্লু অৰ্জুনে।

মুক্তি লাভ কৰিলে পুষ্পা-২ দ্যা ৰুলঃ দৰ্শকে কেনে পালে ছবিখন, জানক ...

পুষ্পা-২

Published: 

05 Dec 2024 | 08:52 AM

বহু অপেক্ষাৰ অন্তত আজি মুক্তি লাভ কৰিলে আল্লু অৰ্জুনৰ অভিনীত ছবি ‘পুষ্পা-২ দ্যা ৰুল’ (Pushpa 2 the rule) । ক্ৰাইম আৰু একশ্যন থ্ৰিলাৰৰ এই ছবিখন প্ৰায় ৩ ঘন্টা ২ মিনিট দীঘল। মুক্তিৰ পূৰ্বেই বিভিন্ন ৰেকৰ্ড গঢ়া এই ছবিখনে এতিয়া নতুন ৰেকৰ্ড গঢ়িবলৈ সাজু হৈছে। শেহতীয়া তথ্য অনুসৰি বুধবাৰলৈ ‘পুষ্পা-২ দ্যা ৰুলে’ বিশ্বব্যাপী এডভান্স বুকিঙৰ জৰিয়তে ১৪০ কোটি টকা আয় কৰিবলৈ সক্ষম হয়।  গতিকে পুষ্পা-দ্যা ৰুলৰ দৰে এই ছবিখনেও মনোৰঞ্জন জগতত খলকনি তুলিবলৈ আগবাঢ়িছে।

এই ছবিখনৰ মুখ্য চৰিত্ৰত আল্লু অৰ্জুনে অভিনয় কৰাৰ বিপৰীতে মুখ্য অভিনেত্ৰী হিচাপে ৰশ্মিকা মন্দনাক দেখা গৈছে। এই ছবিখন হিন্দী, তেলেগু, তামিল, কন্নড় আৰু মালায়লম ভাষাত মুক্তি লাভ কৰিছে। ছবিখনৰ নিৰ্দেশনা কৰিছে সুকুমাৰে আৰু নিৰ্মাতা নবীন য়ৰনেনী, বাই ৰবিশংকৰৰ। ‘পুষ্পা ২ দ্যা ৰুল’ৰ প্ৰথম ভাগ ‘পুষ্পা দ্যা ৰাইজ’ সমগ্ৰ দেশতে ছুপাৰহিট হৈছিল আৰু দৰ্শকে এই ছবিখন যথেষ্ঠ পচন্দ কৰিছিল। ২০২১ চনত মুক্তি লাভ কৰা পুষ্পা দ্যা ৰাইজে ৩০০ কোটিৰো অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল।

এইবাৰ ছবি নিৰ্মাতাসকলে পুষ্পা-২ দ্যা ৰুলৰ পৰা অধিক আশা কৰিছে। এই ছবিখনৰ ট্ৰেইলৰৰ মুক্তি লাভৰ পাছতেই দৰ্শকৰ মাজত তীব্ৰ উৎসাহ দেখা গৈছিল। মুহূৰ্তৰ ভিততে আল্লু অৰ্জুনৰ সংলাপ ‘ফায়াৰ নহী ৱাইল্ড ফাইৰ’ ভাইৰেল হৈ পৰিছিল। ইয়াৰোপৰি ছবিখনৰ আইটেম ছঙো দৰ্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, এডভান্স বুকিঙৰ ক্ষেত্ৰত পুষ্পা-২ য়ে ৰেকৰ্ড গঢ়িছে। ইয়াৰ পূৰ্বে প্ৰভাসৰ অভিনীত ছবি কল্কি ২৮৯৮ এডিয়ে এডভান্স বুকিঙৰ জৰিয়তে ১০০ ৰো অধিক টকা উপাৰ্জন কৰিছিল। কিন্তু পুষ্পা ২ দ্যা ৰুলে এডভান্স বুকিঙৰ জৰিয়তে কে জি এফ২, আৰ আৰ আৰ, বাহুবলী ২ আদি সকলোকে চেৰাই বিশ্বব্যাপী প্ৰায় ১৪০ কোটি টকা উপাৰ্জন কৰে।

পুষ্পা-২ উপভোগ কৰাৰ পাছতেই বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্তি কৰিছে। এক্সত এজনে কৈছে যে, ”ফহাদ হাছিলৰ কথা ক’বলৈ পাহৰি গ’ল। প্ৰথম খণ্ডত তেওঁ একেই আছিল যদিও এইবাৰ সুক্কুয়ে তেওঁ জোকাৰ হিচাপে লিখিছে। ফহাদ আৰু আল্লু অৰ্জুনৰ মাজত অফ ছীন…ক্লাইমেক্স সাংঘাটিক…কোনোবা ক্ষেত্ৰত ছবিখন অসফল হ’লেও এক্সনে সেয়া পূৰ কৰিছে”।

 

 

আন এজনে লিখিছে- ৱাইল্ড ফায়াৰা এন্টাৰটেনাৰ। অত্যন্ত ভাল ছবি। সুকুমাৰ এজন যাদুকৰ। বক্সঅফিচত ধুমুহা আহি গৈছে।

 

উল্লেখ্য যে, একাংশই ছবিখনত আল্লু অৰ্জুনৰ অভিনয় অত্যন্ত ভাল পাইছে। নৃত্যু আৰু এক্সনৰ একাংশই প্ৰশংসা কৰিছে। এইবাৰ পুষ্পা-২ত আল্লু অৰ্জুনক শাড়ী পিন্ধাও দেখা গৈছে। বিশেষ এয়াই যে এই ছবিত শাড়ী পিন্ধি মাৰপিট কৰে আল্লু অৰ্জুনে। আনহাতে নিগেটিভ চৰিত্ৰত থকা ফহাদ ফাচিলৰ অভিনয়ো অত্যন্ত ভাল পাইছে একাংশই। কেতিয়াবা খং, কেতিয়াবা ধেমেলীয়া কথাৰে ফহাদৰ অভিনয়ে ছবিখন বিশেষ কৰি তুলিছে। আনহাতে প্ৰথম ছবিখনতকৈ ৰশ্মিকাই এইবাৰ বেছি স্ক্ৰীন টাইম লাভ কৰিলে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...