গুৱাহাটীলৈ আহিব পপ ষ্টাৰ পোষ্ট মেল’ন, ৮ ডিচেম্বৰত সংগীতানুষ্ঠান উপভোগ কৰিবলৈ সাজুনে?
প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ সংগীতানুষ্ঠানৰ বাবে আহিব পোষ্ট মেল'ন। আন্তঃৰাষ্ট্ৰীয় সংগীতশিল্পীজনৰ অনুষ্ঠানৰ বাবে ইতিমধ্যে সকলো সাজু হৈছে। যদিও অনুৰাগীসকল টিকত বিচৰাত ব্যস্ত কিন্ত আন একাংশই এনে অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লোৱাৰ বাবে বহু সমালোচনাও কৰিছে সামাজিক মাধ্যমত। এই সংগীতানুষ্ঠানৰ সবিশেষ জানক-

আমেৰিকাৰ জনপ্ৰিয় পপ ষ্টাৰ পোষ্ট মেল’নে ৮ ডিচেম্বৰত গুৱাহাটীত পৰিৱেশনক কৰিব সংগীত। খানাপাৰা পশু চিকিৎসা খেলপথাৰত ভাৰতৰ প্ৰথমটো হেডলাইন কনচাৰ্ট প্ৰদৰ্শন কৰিব। অসম চৰকাৰৰ সহযোগত BookMyShow Live ৰ উদ্যোগত এই বিশাল কনচাৰ্ট অনুষ্ঠিত হ’ব। এই সংগীতানুষ্ঠানৰ লক্ষ্য অসমৰ পৰ্যটন, সংস্কৃতি, অৰ্থনীতি আৰু স্থানীয় ব্যৱসায়ক উন্নীত কৰা।
এই অনুষ্ঠানত ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা দৰ্শক আহিব বুলি আশা কৰা হৈছে, কিয়নো ভাৰতত এয়া পোষ্ট মেলনৰ প্ৰথমটো solo headline concert হ’ব। পোষ্ট মেলনৰ হিট গীতসমূহ অনুষ্ঠানত শুনিবলৈ আশা কৰি আছে অনুৰাগীসকল। এগৰাকী ৰেপাৰ, গায়ক আৰু গীতিকাৰ যিয়ে হিপ-হপ, পপ, ৰক আৰু কান্ট্ৰী সংগীতৰ মিশ্ৰণৰ বাবে পৰিচিত। তেওঁৰ গ্লোবেল হিট গীতসমূহৰ ভিতৰত থাকিব পাৰে “RockStar”, “Congratulations”, “চাৰ্কলছ” আৰু “Sunflower” ইত্যাদি।
ইতিমধ্যে এই অনুষ্ঠানৰ টিকট BookMyShow ত উপলব্ধ হৈছে। যদিহে আপুনিও অনুৰাগী তেন্তে এই কনচাৰ্টৰ বাবে এই এপৰ জৰিয়তে টিকট ক্ৰয় কৰিব পাৰে। এই অনুষ্ঠানটো সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হব আৰু ৫ ঘণ্টা ধৰি চলিব। এই অনুষ্ঠানত অংশগ্ৰহণৰ বয়সৰ সীমা হৈছে ৫ বছৰতৈ অধিক।
এই অনুষ্ঠানত টিকটৰ মূল্যসমূহ হৈছে- GA- ২৪৯৯ টকা, VIP-৩,৯৯৯ টকা, FANPIT- ৫,৯৯৯ টকা আৰু LOUNGE- ১২,৯৯৯ টকা। ইতিমধ্যে BookMyShow ত LOUNGE ৰ টিকট SOLD OUT দেখুৱাইছে।
এটা সুন্দৰ সন্ধিয়া উপভোগ কৰিবলৈ সাজু সকলো। অসম চৰকাৰৰ সহযোগত BookMyShow Live ৰ উদ্যোগত প্ৰযোজনা কৰা এই কনচাৰ্টটোৱে ভাৰতৰ লাইভ মনোৰঞ্জনৰ ক্ষেত্ৰখনত উত্তৰ-পূবৰ ক্ৰমবৰ্ধমান প্ৰাধান্যৰ বাবে এক মাইলৰ খুঁটি প্ৰতিনিধিত্ব কৰিব