ৰাঘৱ-পৰিনীতিৰ পৰিয়াললৈ নতুন সদস্যৰ আগমন, সামাজিক মাধ্যমযোগে দিলে ভাল খবৰ

সূত্ৰৰ পৰা জানিব পৰা মতে, এই সমগ্ৰ সময়ছোৱাত পৰিনীতিৰ কাষত আছে, তেওঁৰ স্বামী ৰাঘৱ চাদ্দা আৰু তেওঁলোকৰ পৰিয়ালৰ দুই সদস্য। এই ভাল খবৰটোৱে উৎসৱৰ বতৰত চাদ্দা পৰিয়াললৈ দুগুণ আনন্দ কঢ়িয়াই আনিছে। ছ'চিয়েল মিডিয়াত ৰাঘৱে নিজেই এই খবৰটো ঘোষণা কৰে।

ৰাঘৱ-পৰিনীতিৰ পৰিয়াললৈ নতুন সদস্যৰ আগমন, সামাজিক মাধ্যমযোগে দিলে ভাল খবৰ

মাতৃ হ'ল পৰিনীতি

Updated On: 

20 Oct 2025 | 01:20 PM

দীপাৱলীৰ দিনটোতে আহিছে এটা ভাল খবৰ।  পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্দাৰ পৰিয়াললৈ আহিল নতুন সদস্য। এতিয়া এই চেলিব্ৰিটি দম্পতীয়ে নিজৰ জীৱনৰ এক নতুন অধ্যায়ত প্ৰৱেশ কৰিছে। এই খবৰ লাভ কৰাৰ পিছত আনন্দিত হৈ পৰিছে নেটিজেনসকল। দেওবাৰে দুপৰীয়া পৰিনীতিক দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাৰ খবৰটো বিয়পি পৰিছিল। জানিবলৈ পোৱা গৈছিল যে অতি সোনকালে পৰিনীতি সন্তানৰ মাতৃৰ হ’ব ওলাইছে। আৰু তাৰ পিছতে পোহৰলৈ আহিল নায়িকাগৰাকীয়ে এটি পুত্ৰ জন্ম দিয়া খবৰ।

সূত্ৰৰ পৰা জানিব পৰা মতে, এই সমগ্ৰ সময়ছোৱাত পৰিনীতিৰ কাষত আছে, তেওঁৰ স্বামী ৰাঘৱ চাদ্দা আৰু তেওঁলোকৰ পৰিয়ালৰ দুই সদস্য। এই ভাল খবৰটোৱে উৎসৱৰ বতৰত চাদ্দা পৰিয়াললৈ দুগুণ আনন্দ কঢ়িয়াই আনিছে। ছ’চিয়েল মিডিয়াত ৰাঘৱে নিজেই এই খবৰটো ঘোষণা কৰে। তেওঁ লিখিছে, “অৱশেষত তেওঁ আহিল, আমাৰ পুত্ৰ। পূৰ্বে আমি ইজনে সিজনৰ বাবে আছিলো। এতিয়া আমাৰ ওচৰত সকলো আছে।”

গৰ্ভাৱস্থাৰ সময়ত পৰিনীতি মূলতঃ দিল্লীত আছিল। য’ত ৰাঘৱ আৰু তেওঁৰ পৰিয়াল থাকে। পৰিনীতিয়ে মাজে মাজে ছ’চিয়েল মিডিয়াত বিভিন্ন পোষ্ট দি আহিছিল। স্বাস্থ্যৰ প্ৰতিও যত্ন লৈছিল তেওঁ। সম্প্ৰতি মাতৃ আৰু সন্তান উভয় সুস্থ।

প্ৰসংগক্ৰমে চলিত বৰ্ষৰ আগষ্ট মাহত পৰিনীতিয়ে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল। ইনষ্টাগ্ৰামত বগা আৰু সোণালী ৰঙৰ কেকৰ ফটো পোষ্ট কৰি লিখিছিল, “আমাৰ সৰু পৃথিৱীখন… আহি আছে, আশীৰ্বাদ কৰক।” কেকটোত “১ + ১ = ৩” বুলি লিখা আছিল, যিয়ে তেওঁলোকৰ আগন্তুক সন্তানৰ স্পষ্ট ইংগিত দিছিল।

ৰাঘৱ-পৰিনীতিৰ যুটীয়ে সদায় সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে। তেওঁলোকৰ সম্পৰ্কৰ সমীকৰণটো যথেষ্ট মধুৰ। ইজনে সিজনক আৰু পৰিয়ালৰ যত্ন লয়। আৰু সেই পৰিয়ালটো এতিয়া সম্পূৰ্ণ হৈছে। এতিয়া দীপাৱলীত তেওঁলোকৰ পৰিয়ালটো সুখৰ পোহৰেৰে আলোকিত হৈ পৰিছে। অভিনন্দন বাৰ্তাৰে ভৰি পৰিছে ইণ্টাৰনেট।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...