বচ্চন পৰিয়াল বয়কটৰ আহ্বান! কিন্তু হঠাৎ কি হ’ল?

কেমেৰাৰ সন্মুখত বিৰক্তি স্পষ্ট, সেই ভিডিঅ’ ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াত। শেহতীয়াকৈ জয়া বচ্চনে তেওঁৰ বিৰক্তিৰ কাৰণ এটা সাক্ষাৎকাৰত প্ৰকাশ কৰিছে। জয়াৰ মতে, এওঁলোক আকৌ সাংবাদিক নেকি?

বচ্চন পৰিয়াল বয়কটৰ আহ্বান! কিন্তু হঠাৎ কি হ’ল?
Published: 

05 Dec 2025 | 12:38 PM

পাপাৰাজীৰ সৈতে জয়া বচ্চনৰ সম্পৰ্ক বৰ এটা ভাল নহয়। বিমানবন্দৰত হওক, পাৰ্টিটেই হওক বা কোনো বিয়াতেই হওক। ফটোগ্ৰাফাৰ সকলে ফটো উঠোৱা দেখিলে চিঞৰি উঠে। তেওঁলোকৰ আচৰণ জয়া বচ্চনে একেবাৰেই ভাল নাপায়। কেমেৰাৰ সন্মুখত নিজৰ বিৰক্তি স্পষ্ট কৰি দিয়ে। তাৰ পিছতে সেই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত জয়া বচ্চনেও নিজৰ বিৰক্তিৰ কাৰণ প্ৰকাশ কৰিছে। জয়াই কয়, তেওঁলোক আকৌ সাংবাদিক নেকি? মই জানো সাংবাদিক কি, মই এজনী সাংবাদিকৰ কন্যা। লেতেৰা কাপোৰ পিন্ধি, হাতত চাৰিটা ফোন লৈ, আজেবাজে প্ৰশ্ন কৰিবলৈ আহে, সকলো অশিক্ষিত, অশ্লীল মন্তব্য কৰে। তেওঁলোকক সাংবাদিক বুলি কেনেকৈ ক’ব পাৰি! গতিকে মোৰ বিষয়ে কোনে যি কয়, মই একেবাৰে পচন্দ নকৰোঁ।

সূত্ৰ অনুসৰি জয়া বচ্চনৰ এই মন্তব্যত মুম্বাইৰ পাপাৰাজীয়ে অপমানিত অনুভৱ কৰিছে। জয়াৰ লেতেৰা কাপোৰ আৰু নিৰক্ষৰ মন্তব্যত ক্ষুব্ধ হৈ পৰিছে মুম্বাইৰ ফটো গ্ৰাফাৰসকল। তেওঁলোকে স্পষ্টকৈ কৈছিল যে যদি ফটোগ্ৰাফাৰ নাহে তেন্তে প্ৰমোচন কেনেকৈ হ’ব? আনকি প্ৰতি দেওবাৰে অমিতাভ বচ্চনে অনুৰাগীৰ সৈতে সাক্ষাৎ কৰা সাক্ষাৎকাৰবোৰো পাপাৰাজীৰ কৃপাত ভাইৰেল হৈ পৰে।

পাপাৰাজীৰ মন্তব্য, জয়াৰ মতে আমি সাংবাদিক নহয়, সংবাদ মাধ্যমৰ কৰ্মী নহয়। কিন্তু আমি ছ’চিয়েল মিডিয়াত আছো। যিটো এই সময়ত অতি গুৰুত্বপূৰ্ণ কথা। গতিকে আমাৰ গুৰুত্ব বৰ এটা কম নহয়।

বলীউডৰ জনপ্ৰিয় ফটোগ্ৰাফাৰ বৰিন্দৰ চাওলাই সংবাদ মাধ্যমৰ আগত কয় যে, “যেতিয়াই কোনো চেলিব্ৰিটিয়ে আমাক ফটো উঠিবলৈ নিষেধ কৰে, আমি সেই কথা মানি চলো। অৱশ্যে জয়জীৰ মন্তব্য অনুচিত। জয়জীৰ বক্তব্য অতি অপমানজনক।”

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...