ভাৰতৰ অপাৰেচন সেন্দূৰে জোকাৰি গ’ল পাকিস্তানী তাৰকাসকলক, ক্ষোভ উজাৰিলে মাহিৰা আৰু ফাৱাদ খানে

Mahira Khan And Fawad Khan On Operation Sindoor: ভাৰতৰ সঁহাৰিৰ পিছত পাকিস্তানত আলোড়নৰ সৃষ্টি হৈছে। পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে উপযুক্ত উত্তৰ দিছে। কিন্তু ইয়াকে লৈ পাকিস্তানী তাৰকাসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে। মাহিৰা খান আৰু ফাৱাদ খানে ভাৰতৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে।

ভাৰতৰ অপাৰেচন সেন্দূৰে জোকাৰি গ’ল পাকিস্তানী তাৰকাসকলক, ক্ষোভ উজাৰিলে মাহিৰা আৰু ফাৱাদ খানে

ক্ষোভ উজাৰিলে মাহিৰা আৰু ফাৱাদ খানে

Published: 

07 May 2025 17:25 PM

ভাৰতৰ অপাৰেচন সেন্দূৰৰ প্ৰভাৱ সমগ্ৰ পাকিস্তানত দেখা গৈছে। পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ ল’লে ভাৰতে। ভাৰতৰ এই বৃহৎ পদক্ষেপে পাকিস্তানৰ ভিতৰত আতংকৰ সৃষ্টি কৰিছে। পাকিস্তানৰ সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি ইয়াৰ ডাঙৰ তাৰকালৈকে সকলোকে যেন বিমোৰত পেলাইছে ভাৰতৰ এই সঁহাৰিয়ে। ভাৰতীয় ছবিত কাম কৰা পাকিস্তানী অভিনেত্ৰী মাহিৰা খানে ভাৰতৰ অপাৰেচন সেন্দূৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে।

মহিৰা খানে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰিছে। অৱশ্যে এই পোষ্টটোৰ আগতে তেওঁ নিজৰ ইনষ্টা ষ্ট’ৰীত লিখিছিল, ‘সঁচাকৈয়ে কাপুৰুষ!!! আল্লাহে আমাৰ দেশক ৰক্ষা কৰক আৰু ভালকৈ বুজক। আমিন।’ এতিয়া তেওঁ এটা পোষ্টো শ্বেয়াৰ কৰিছে য’ত তেওঁক ভাৰতৰ বিৰুদ্ধে ক্ষোভ উজাৰি দিয়া দেখা গৈছে। তেওঁ কয় যে ভাৰতে লাজ পাব লাগে।

মই নিজ চকুৰে দেখিছোঁ – মহিৰা

মাহিৰাই তেওঁৰ ইনষ্টা পোষ্টত লিখিছে, ‘মই অতিশয় কৃতজ্ঞ যে মই এনে এখন দেশত বাস কৰো য’ত মই যি বিচাৰো ক’ব পাৰো। মোৰ এটা নিজস্ব কণ্ঠ আছে আৰু মই ইয়াক ব্যৱহাৰ কৰিব পাৰো। নিজৰ মাটিত কিবা ভুল হ’লে আমি মাত মাতিছো। আমি হিংসাক গৰিহণা দিওঁ, সেয়া য’তেই নহওক কিয়! মোৰ দেশ পাকিস্তানক কোনো প্ৰমাণ নোহোৱাকৈ লগে লগে দোষাৰোপ কৰা হয়। ভাৰতবাসী তোমালোকৰ যুদ্ধ আৰু ঘৃণাৰ বাক্যবাণ বহু বছৰ ধৰি চলি আছে।

মৌনতাই আটাইতকৈ ডাঙৰ পৰাজয় – মহিৰা খান

কেৱল এয়াই নহয়, নিজৰ কথা সম্পূর্ণ কৰি মাহিৰাই আৰু লিখিছে, “গণহত্যা আৰু যুদ্ধাপৰাধৰ সন্মুখত তোমালোকৰ আটাইতকৈ শক্তিশালী কণ্ঠবোৰ নিস্তব্ধ হৈ পৰে – আইনৰ বাবে নহয়, ভয়ৰ বাবে । ভয়ত, আপুনি জয়ৰ দাবী কৰে। কিন্তু মোৰ বাবে সেই মৌনতাই আপোনাৰ আটাইতকৈ ডাঙৰ পৰাজয়। আপুনি ৰাতিৰ আন্ধাৰত চহৰবোৰত আক্ৰমণ কৰিছিল আৰু আপুনি ইয়াক আপোনাৰ জয় বুলি কয়?লাজ পাব লাগে। মোৰ পাকিস্তান, মই তোমাক ভাল পাওঁ। আমি সঠিক কাম কৰোঁ। এই প্ৰৰোচনাৰ পিছতো আমি কেতিয়াও সেই স্তৰলৈ যোৱা থকা উচিত নহয়।” মহিৰাৰ খং স্পষ্টকৈ দেখা গৈছে তেওঁৰ বক্তব্যত।

উচটনিমূলক শব্দৰে জুইত ইন্ধন জ্বলোৱা বন্ধ কৰক – ফাৱাদ

ইফালে পাকিস্তানী অভিনেতা ফাৱাদ খানে তেওঁৰ ইনষ্টা ষ্ট’ৰীত অপাৰেচন সেন্দূৰৰ বিৰুদ্ধে মাত মাতিছে। তেওঁ লিখিছে, এই লজ্জাজনক আক্ৰমণত আহত আৰু নিহতসকলৰ পৰিয়াললৈ মোৰ গভীৰ সমবেদনা। আগন্তুক দিনত বিদেহী আত্মাক শান্তি আৰু আপোনজনৰ শক্তিৰ বাবে প্ৰাৰ্থনা জনাইছো। উচটনিমূলক শব্দৰে জুইত ইন্ধন জ্বলোৱা বন্ধ কৰক।

Related Stories
অপাৰেশ্যন সেন্দূৰৰ ওপৰত নিৰ্মাণ হ’ব ছবি! এইসকল চলচ্চিত্ৰ নিৰ্মাতাই আৰম্ভ কৰিছে প্ৰস্তুতি
টকা গণি ভাগৰিছিল বিষয়া, বস্তাই বস্তাই টকা কঢ়িওৱা হৈছিল ট্ৰাকত, আয়কৰ বিভাগৰ পাঁচটা ডাঙৰ অভিযানৰ বিষয়ে জানো আহক
MET Gala 2025: মেট গালাৰ ৰেড কাৰ্পেটত নিক-প্ৰিয়ংকাৰ ৰূপৰ যাদু! বিশেষ ৰূপত দেখা গ’ল শ্বাহৰুখ খান, গৰ্ভৱতী কিয়াৰাক
পথ দুৰ্ঘটনাত পতিত কণ্ঠশিল্পী পৱনদ্বীপ ৰাজন, ভাঙিল দুভৰি, মূৰতো পাইছে আঘাত
বিশ্বৰ শীৰ্ষ ১০ গৰাকী ধনাঢ্য অভিনেতাৰ তালিকাত শ্বাহৰুখ খানৰ নাম, মুঠ সম্পত্তি কিমান জানেনে?
আনৰ ঘৰত কাম কৰি হৈছিল জনপ্ৰিয় অভিনেত্ৰী, পাছত স্বামীক বিশ্বাসঘাটকতা কৰি খুজিব লগা হৈছিল ভিক্ষা…
জিম নোযোৱাকৈ কম কৰক শৰীৰৰ ওজন, কেইটামান সাধাৰণ উপায়...
শৰীৰত হিম'গ্ল'বিন কম থাকিলে কি কি লক্ষণ দেখা যায়? | Hemoglobin deficiency main big symptoms in body
কণ্ডম কিদৰে প্ৰস্তুত কৰা হয় ? কিনাৰ পূৰ্বে মনত ৰাখিব এই কথা
হাতলৈ আহিব ধন, হ’ব উন্নতি, মাথোঁ এইদৰে সন্তুষ্ট কৰক হনুমানক