ভাৰতৰ অপাৰেচন সেন্দূৰে জোকাৰি গ’ল পাকিস্তানী তাৰকাসকলক, ক্ষোভ উজাৰিলে মাহিৰা আৰু ফাৱাদ খানে

Mahira Khan And Fawad Khan On Operation Sindoor: ভাৰতৰ সঁহাৰিৰ পিছত পাকিস্তানত আলোড়নৰ সৃষ্টি হৈছে। পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে উপযুক্ত উত্তৰ দিছে। কিন্তু ইয়াকে লৈ পাকিস্তানী তাৰকাসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে। মাহিৰা খান আৰু ফাৱাদ খানে ভাৰতৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে।

ভাৰতৰ অপাৰেচন সেন্দূৰে জোকাৰি গ’ল পাকিস্তানী তাৰকাসকলক, ক্ষোভ উজাৰিলে মাহিৰা আৰু ফাৱাদ খানে

ক্ষোভ উজাৰিলে মাহিৰা আৰু ফাৱাদ খানে

Published: 

07 May 2025 | 05:25 PM

ভাৰতৰ অপাৰেচন সেন্দূৰৰ প্ৰভাৱ সমগ্ৰ পাকিস্তানত দেখা গৈছে। পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ ল’লে ভাৰতে। ভাৰতৰ এই বৃহৎ পদক্ষেপে পাকিস্তানৰ ভিতৰত আতংকৰ সৃষ্টি কৰিছে। পাকিস্তানৰ সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি ইয়াৰ ডাঙৰ তাৰকালৈকে সকলোকে যেন বিমোৰত পেলাইছে ভাৰতৰ এই সঁহাৰিয়ে। ভাৰতীয় ছবিত কাম কৰা পাকিস্তানী অভিনেত্ৰী মাহিৰা খানে ভাৰতৰ অপাৰেচন সেন্দূৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে।

মহিৰা খানে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰিছে। অৱশ্যে এই পোষ্টটোৰ আগতে তেওঁ নিজৰ ইনষ্টা ষ্ট’ৰীত লিখিছিল, ‘সঁচাকৈয়ে কাপুৰুষ!!! আল্লাহে আমাৰ দেশক ৰক্ষা কৰক আৰু ভালকৈ বুজক। আমিন।’ এতিয়া তেওঁ এটা পোষ্টো শ্বেয়াৰ কৰিছে য’ত তেওঁক ভাৰতৰ বিৰুদ্ধে ক্ষোভ উজাৰি দিয়া দেখা গৈছে। তেওঁ কয় যে ভাৰতে লাজ পাব লাগে।

মই নিজ চকুৰে দেখিছোঁ – মহিৰা

মাহিৰাই তেওঁৰ ইনষ্টা পোষ্টত লিখিছে, ‘মই অতিশয় কৃতজ্ঞ যে মই এনে এখন দেশত বাস কৰো য’ত মই যি বিচাৰো ক’ব পাৰো। মোৰ এটা নিজস্ব কণ্ঠ আছে আৰু মই ইয়াক ব্যৱহাৰ কৰিব পাৰো। নিজৰ মাটিত কিবা ভুল হ’লে আমি মাত মাতিছো। আমি হিংসাক গৰিহণা দিওঁ, সেয়া য’তেই নহওক কিয়! মোৰ দেশ পাকিস্তানক কোনো প্ৰমাণ নোহোৱাকৈ লগে লগে দোষাৰোপ কৰা হয়। ভাৰতবাসী তোমালোকৰ যুদ্ধ আৰু ঘৃণাৰ বাক্যবাণ বহু বছৰ ধৰি চলি আছে।

মৌনতাই আটাইতকৈ ডাঙৰ পৰাজয় – মহিৰা খান

কেৱল এয়াই নহয়, নিজৰ কথা সম্পূর্ণ কৰি মাহিৰাই আৰু লিখিছে, “গণহত্যা আৰু যুদ্ধাপৰাধৰ সন্মুখত তোমালোকৰ আটাইতকৈ শক্তিশালী কণ্ঠবোৰ নিস্তব্ধ হৈ পৰে – আইনৰ বাবে নহয়, ভয়ৰ বাবে । ভয়ত, আপুনি জয়ৰ দাবী কৰে। কিন্তু মোৰ বাবে সেই মৌনতাই আপোনাৰ আটাইতকৈ ডাঙৰ পৰাজয়। আপুনি ৰাতিৰ আন্ধাৰত চহৰবোৰত আক্ৰমণ কৰিছিল আৰু আপুনি ইয়াক আপোনাৰ জয় বুলি কয়?লাজ পাব লাগে। মোৰ পাকিস্তান, মই তোমাক ভাল পাওঁ। আমি সঠিক কাম কৰোঁ। এই প্ৰৰোচনাৰ পিছতো আমি কেতিয়াও সেই স্তৰলৈ যোৱা থকা উচিত নহয়।” মহিৰাৰ খং স্পষ্টকৈ দেখা গৈছে তেওঁৰ বক্তব্যত।

উচটনিমূলক শব্দৰে জুইত ইন্ধন জ্বলোৱা বন্ধ কৰক – ফাৱাদ

ইফালে পাকিস্তানী অভিনেতা ফাৱাদ খানে তেওঁৰ ইনষ্টা ষ্ট’ৰীত অপাৰেচন সেন্দূৰৰ বিৰুদ্ধে মাত মাতিছে। তেওঁ লিখিছে, এই লজ্জাজনক আক্ৰমণত আহত আৰু নিহতসকলৰ পৰিয়াললৈ মোৰ গভীৰ সমবেদনা। আগন্তুক দিনত বিদেহী আত্মাক শান্তি আৰু আপোনজনৰ শক্তিৰ বাবে প্ৰাৰ্থনা জনাইছো। উচটনিমূলক শব্দৰে জুইত ইন্ধন জ্বলোৱা বন্ধ কৰক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...